‘Sanam Teri Kasam’ Actress Mawra Hussain Wedding:
বিবাহ পাশত আৱদ্ধ হ’ল জনপ্ৰিয় পাকিস্তানী অভিনেত্ৰী মাউৰা হুছেইন । ২০১৬ চনত মুক্তি লাভ কৰা বলীউডৰ ছবি ছনম তেৰি কচমৰ জৰিয়তে মাউৰাই খ্যাতি লাভ কৰে। মাউৰাৰ জীৱন সংগী আমিৰ গিলানিৰ বয়স ২৮ বছৰ,পেছাত তেওঁ এজন পাকিস্তানী মডেলৰ লগতে অভিনেতাও ।
ADVERTISEMENT
পাঁচ বছৰ ধৰি দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক । উল্লেখ্য যে , পাঁচ ফেব্ৰুৱাৰীৰ দিনা জীৱনৰ অন্য এক পৃষ্ঠা আৰম্ভ কৰে মাওৰা আৰু আমিৰে।
দুয়োয়ে পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিত বিবাহপাশত আৱদ্ধ হয় । সামাজিক মাধ্যমত তেঁওলোকৰ ফটো পষ্ট কৰাৰ পাছতে এতিয়া তেঁওলোকৰ অনুৰাগীয়ে জনাইছে শুভেচ্ছা বাৰ্তা ।