Big Fire Breaks Out At Mahakumbh:
প্ৰয়াগৰাজৰ কুম্ভ মেলাত সংঘটিত হৈছে ইটোৰ পাছত সিটো অঘটন। প্ৰয়াগৰাজৰ কুম্ভ মেলাত এইবাৰ পুনৰ অগ্নিকাণ্ড। শুকুৰবাৰে পুৱা চেক্টৰ ১৮ৰ শংকৰাচাৰ্য মাৰ্গৰ ওচৰৰ হৰিহৰানন্দ শিবিৰত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই আন ঠাইত বিয়পি পৰাত বাধা দিবলৈ চেষ্টা অব্যাহত ৰাখিছে । জুই লগাৰ পাছতে তীৰ্থযাত্ৰীসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
প্ৰয়াগৰাজৰ আৰক্ষী অধীক্ষক সৰ্বেশ কুমাৰ মিশ্ৰাই জনাই যে ঘটনাটোত কোনো লোক আহত হোৱা নাই। জুই লগাৰ কাৰণ অনুসন্ধান কৰা হৈছে।
কুম্ভ মেলাত এইটো তৃতীয় অগ্নিকাণ্ডৰ ঘটনা। ইয়াৰ আগতে জানুৱাৰীমাহত চেক্টৰ ১৮-ত জুই লাগে। জুই তম্বুলৈ বিয়পি পৰাত প্ৰায় ৫০ টা তম্বু জ্বলি ছাই হয় । অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে দ্ৰুততাৰে জুই নিয়ন্ত্ৰণলৈ আনে। সেই সময়ত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। অগ্নিকাণ্ডৰ ঘটনাৰ পাছত যোগী চৰকাৰৰ ব্যৱস্থাপনা আৰু তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰা হয়।
অৱশ্যে যোগী চৰকাৰে দাবী কৰে যে বিষয়টো অতি তৎক্ষণাৎ নিয়ন্ত্ৰণলৈ অনা হৈছে। মেলাৰ পৰিচালনা আৰু নিৰাপত্তাত কোনো ত্ৰুটি নাই। যোগী চৰকাৰৰ দাবী স্বত্বেও ৩০ জানুৱাৰীত চেক্টৰ ২২ ত আন এটা অগ্নিকাণ্ড সংঘটিত হয়। জুইত পোন্ধৰটা তম্বু ভস্মীভূত হয়।
উল্লেখ্য যে ,সেই অগ্নিকাণ্ডটোত প্ৰায় পোন্ধৰটা তম্বু জ্বলে । একেৰাহে তিনিবাৰ জুই লগাৰ ঘটনাত যোগী চৰকাৰৰ বিৰুদ্ধে সমালোচনাৰ সৃষ্টি হৈছে।