ছত্তীশগড়ত নিহত ১২ জন মাওবাদী , বন্দুকযুদ্ধত দুজন সুৰক্ষা কৰ্মী নিহত, আন দুজন আহ
ছত্তীশগড়ত পুনৰ মাওবাদী দমন অভিযানত নামিল যুটীয়া বাহিনী । দেওবাৰে পুৱা ছত্তীশগড় আৰক্ষীয়ে জনাই যে ,বিজাপুৰ জিলাত বন্দুকৰ গুলীচালনাত ১২ জন মাওবাদী নিহত হয় ।
অৱশ্যে প্ৰতিশোধমূলক আক্ৰমণত দুজন সুৰক্ষা কৰ্মীও নিহত হৈছে। আন দুজন গুৰুতৰভাৱে আহত। উল্লেখ্য যে,এসপ্তাহ আগতে, বিজাপুৰত সংঘৰ্ষত আঠজন মাওবাদী নিহত হৈছিল।
এজন আৰক্ষী বিষয়াই জনাইছে যে,বিজাপুৰৰ জংঘল এলেকাত বিগত শুকুৰবাৰে মাওবাদীৰ ‘পশ্চিম বাষ্টাৰ সংমণ্ডল’ৰ সদস্যৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় বাহিনীৰ চি আৰ পি এফ, ছত্তীশগড় সশস্ত্ৰ আৰক্ষী আৰু কোবৰা ইউনিটৰ সদস্যই অঞ্চলটোত অভিযান আৰম্ভ কৰে।
শনিবাৰে নিশা আৰম্ভ হোৱা বন্দুকযুদ্ধত নিহত হয় ১২ জন মাওবাদী।
যোৱা কেইবছৰমানৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহে বাৰে বাৰে মাওবাদীক দেশৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰি আহিছে। তেওঁ এই বছৰ বাৰে বাৰে দাবী কৰি আহিছে যে ২০২৬ চনৰ ৩১ মাৰ্চ এই দেশত মাওবাদীৰ অন্তিম দিন হ’ব।
তাৰ আগতে দেশৰ পৰা মাওবাদী সম্পূর্ণৰূপে নির্মূল হ’ব৷ মাওবাদীসকলকো আত্মসমৰ্পণ কৰিবলৈ উৎসাহিত কৰিছে ৰাজ্যখনে। বন্দী মাওবাদীসকলৰ নিযুক্তি আৰু স্বাস্থ্যকে ধৰি সকলো দায়িত্ব ৰাজ্যই গ্ৰহণ কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়া হৈছে।
গৃহমন্ত্ৰীয়ে দাবী কৰে যে চৰকাৰে ইতিমধ্যে নতুন নীতিৰ অধীনত মাওবাদীসকলক নিৰ্মূল কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। চৰকাৰৰ তথ্য অনুসৰি যোৱা বছৰ ২০৭জন মাওবাদী নিহত হৈছিল। উদ্ধাৰ হৈছে বহু অস্ত্ৰ-শস্ত্ৰ।
যোৱা তিনি জানুৱাৰীৰ পৰা সমগ্ৰ বস্তৰ সংমণ্ডলত যুটীয়া বাহিনীয়ে মাওবাদীৰ বিৰুদ্ধে নতুন অভিযান আৰম্ভ কৰিছে। বিজাপুৰ আৰু সুকমাৰ উপৰিও নাৰায়ণপুৰ, দন্তেৱাড়া, জগদলপুৰ, কাংকেৰ আৰু কোণ্ডাগাঁও জিলাৰ পাহাৰ আৰু বনাঞ্চলতো এই তালাচী অভিযান অব্যাহত আছে।
ইয়াৰ উপৰিও মাওবাদী গেৰিলাক মূলসুঁতিলৈ অনাৰ অভিযান অবিৰতভাৱে চলি আছে। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে গান্ধী তাঁতী ওৰফে কমলেশ আৰু মাইনু ওৰফে হেমলাল কোৰৰাম, ৰঞ্জিত লেকামি ওৰফে অৰ্জুন আৰু তেওঁৰ পত্নী কোছি ওৰফে কাজোলৰ দৰে মাওবাদী নেতাই আত্মসমৰ্পণ কৰিছে।