অমিত শ্বাহৰ স’তে বৈঠকৰ পাছতে পদত্যাগ কৰিলে মণিপুৰৰ মুখ্যমন্ত্রী বীৰেন সিঙে!
অমিত শ্বাহৰ স’তে বৈঠকৰ পাছতে এই ঘোষণা
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স’তে হোৱা বৈঠকৰ পাছত ইম্ফললৈ উভতি অহাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।
দেওবাৰে ইম্ফলত ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে বীৰেন সিঙে ।
তথ্য অনুসৰি, মন্ত্ৰীগৰাকীয়ে যোৱা কিছুদিন ধৰি দলৰ ভিতৰত আৰু বাহিৰত দুগুণ চাপৰ সন্মুখীন হৈ আহিছে । বীৰেনে দেওবাৰে পুৱা নতুন দিল্লীত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে।
তেওঁৰ স’তে বিজেপি আৰু নাগা পিপলছ ফ্ৰণ্টৰ (এনপিএফ) ১৪ জন বিধায়ক আছিল। ১৫ মিনিটৰ বৈঠকৰ পাছত ইম্ফললৈ উভতি অহাৰ পাছত বীৰেনে মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।
পদত্যাগ পত্ৰত মন্ত্ৰীগৰাকীয়ে লিখে, “ইমান দিন মণিপুৰৰ জনসাধাৰণৰ সেৱা কৰি অহাটো মোৰ বাবে এক গৌৰৱৰ কথা। মণিপুৰবাসীৰ স্বাৰ্থ ৰক্ষাৰ বাবে সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ’’
বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, কংগ্ৰেছে মণিপুৰ বিধানসভাত অনাস্থা প্ৰস্তাৱ অনাৰ কথা চিন্তা কৰি আছিল। ইয়াৰ উপৰিও, বীৰেনৰ নেতা ৰাজ্যখনৰ বিজেপি বিধায়কসকলও বীৰেনৰ নেতৃত্বত অসন্তুষ্ট আছিল। নিৰ্বাচন অনুষ্ঠিত হ’লে বীৰেণ চৰকাৰৰ পতনৰ সম্ভাৱনা আছে বুলি আশংকা কৰা হৈছিল।
এই পৰিস্থিতিত বীৰেনৰ পদত্যাগৰ বাহিৰে আন কোনো পথ নাই। সূত্ৰ অনুসৰি দেওবাৰৰ বৈঠকত শ্বাহে তেওঁক সেই কথা জনাই।
বিগত ডেৰ বছৰ ধৰি অস্থিৰ হৈ পৰিছে মণিপুৰ। ২০২৩ চনৰ মে’ মাহত প্ৰথম মেইটেই আৰু কুকি-জো সম্প্ৰদায়ৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে।
কিছুদিনৰ বিৰতিৰ অন্তত যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত পুনৰ আৰম্ভ হৈছিল মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ।
উল্লেখ্য যে , কেবাটাও ঘৰ জ্বলাই দিয়া হয়। মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যখনৰ কেবাজনো বিধায়কৰ ঘৰতো জনতাই আক্ৰমণ কৰে। ৰাজ্যখনৰ পাঁচখন জিলাত কাৰফিউ জাৰি কৰা হয়। ইণ্টাৰনেট সেৱাও স্থগিত ৰখা হৈছিল।
বিভিন্ন চৰকাৰী আৰু অনানুষ্ঠানিক সূত্ৰ অনুসৰি, মণিপুৰত এতিয়ালৈকে শ শ লোকৰ মৃত্যু হৈছে। আৰু বহুতো গৃহহীন হৈ পৰিছে । পৰিস্থিতি নিয়ন্ত্ৰণত মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ অতীতত বাৰে বাৰে প্ৰশ্ন উত্থাপিত হৈছিল।
বিগত বৰ্ষৰ অন্তিম দিনটোত, তেওঁ মণিপুৰৰ জনসাধাৰণৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল তেওঁ লগতে আশ্বাস দিয়ে যে ২০২৫ চনত ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিব। কিন্তু সেই আশ্বাসৰ এমাহৰ ভিতৰতে বীৰেনে পদত্যাগ কৰিলে!