Indian shares fall as Trump’s tariff threats unnerve investors :
‘প্ৰিয় বন্ধু’ নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে বৃহৎ শুল্ক ঘোষণা কৰিছে ড’নাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ঘোষণাৰ পাছতে শ্বেয়াৰ বজাৰৰ পতন ঘটে।
মঙলবাৰে বিয়লি চেন্সেক্সৰ সূচক ১১০০ পইণ্টতকৈ অধিক হ্ৰাস পায়। মন কৰিবলগীয়া যে বিগত পাঁচ দিন ধৰি শ্বেয়াৰ বজাৰত নিম্নগামী ধাৰা অব্যাহত আছে। ইয়াৰ বাবে বিনিয়োগকাৰীৰ লোকচান হৈছে কমেও ৭.৬৮ লাখ কোটি টকা।
ট্ৰাম্পৰ এই ঘোষণাৰ ফলত, ভাৰতীয় শ্বেয়াৰ বজাৰ খহি পৰিছে। মঙলবাৰে দুপৰীয়া ১:১৫ বজাত চেঞ্চেক্স সূচক ১,২০০ পইণ্ট হ্ৰাস পায়। সূচকটো কালিৰ তুলনাত ১.৬১ শতাংশ হ্ৰাস পাইছে। ক্ষুদ্ৰ আৰু মিডকেপে বিনিয়োগত বৃহৎ লোকচানৰ সন্মুখীন হৈছে।
তথ্য প্ৰযুক্তি, বেঙ্কিং, ধাতু – প্ৰতিটো কোম্পানীৰ শ্বেয়াৰ ক্ষতিগ্ৰস্ত হৈছে। ভাৰতীয় শ্বেয়াৰ বজাৰে যোৱা পাঁচ দিনধৰি লোকচানৰ সন্মুখীন হৈছে। নিফটিও ৩০০ পইণ্ট হ্ৰাস পাইছে।