Parliament takes action on YouTuber’s controversial comments:
বিখ্যাত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়াৰ বিতৰ্কিত মন্তব্যই কঁপাইছে সংসদ। তথ্য অনুসৰি ,কেবাজনো সাংসদে ৰণবীৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সেই অভিযোগৰ ভিত্তিত সংসদীয় পেনেল গঠন কৰি আলোচনা চলিছে। ৰণবীৰক সংসদৰ দ্বাৰা মাতি অনাৰ সম্ভাৱনাও আছে। কিছুদিনৰ পূৰ্বে, জনপ্ৰিয় ইউটিউবাৰ ৰণবীৰে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ নামৰ এটা অনুষ্ঠানত অংশ গ্ৰহন কৰে । তাতে তেঁও বিতৰ্ক মন্তব্য দি বিপদত পৰে ।
এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই যে ৰাজ্যখনৰ আৰক্ষীয়ে ৰণবীৰকে ধৰি অনুষ্ঠানত উপস্থিত থকা কেবাজনো লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।
ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কয়, “সকলোৰে বাক স্বাধীনতা আছে। কিন্তু এই অধিকাৰে আন কাৰোবাৰ স্বাধীনতা উলংঘা কৰিব নোৱাৰে। অশ্লীলতাৰ বিৰুদ্ধে আইনো আছে। যিসকলে নিয়ম ভংগ কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব। “
শিৱসেনাৰ উদ্ধৱ শিবিৰৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় যে চলিত বাজেট অধিৱেশনতে এই বিষয়টো সংসদত উত্থাপন কৰিব। হেণ্ডেলত তেওঁ লিখিছে,”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰণবীৰক এটা বঁটা প্ৰদান কৰে। কিন্তু বহুতো ফ’ল’ৱাৰ থকাৰ অৰ্থ এইটো নহয় যে যি মন তাকে কোৱাৰ অধিকাৰ আছে ।”
জনপ্ৰিয় ইউটিউবাৰে বিতৰ্কৰ মাজত চৰ্তহীনভাৱে ক্ষমা বিচাৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইতিমধ্যে ইউটিউবলৈ এখন জাননী প্ৰেৰণ কৰিছে। বিতৰ্কিত ঘটনাটোৰ ভিডিঅ’ আঁতৰোৱা হৈছে।
উল্লেখ্য যে,মহাৰাষ্ট্ৰত ৰণবীৰৰ বিৰুদ্ধে কে’বাটাও অভিযোগ দাখিল কৰা হৈছে। অসম আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে। ৰণবীৰক এই তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এনে পৰিস্থিতিত সমগ্ৰ ঘটনাৰ মোকাবিলা কৰিবলৈ এটা পেনেল গঠন কৰা হৈছে।