TAYPA Pressmeet In Dispur:
টাই আহোম জনগোষ্ঠীৰ একমাত্ৰ যুৱ সংগঠন টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে জনজাতিকৰণ, স্বায়ত্ব শাসন আৰু প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ বেদখলমুক্ত-সংৰক্ষণ সন্দৰ্ভত আজি দিচপুৰ প্ৰেছ ক্লাৱত সম্বোধন কৰে এক সংবাদমেল।
টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি দল আৰু চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি আহিছে বুলি টাইপাৰ কেন্দ্ৰীয় নেতৃত্বই আজিৰ সংবাদ মেলত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। আনহাতে টাইপাকে ধৰি আহোম সংগঠন সমূহে দীৰ্ঘদিন ধৰি দাবী জনাই অহা স্বায়ত্ব শাসনৰ দাবীকো চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।
সংবাদ মেল সম্বোধন কৰি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে – টাই আহোমকে ধৰি ছয় জনগোষ্ঠীকজনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োখন চৰকাৰে চূড়ান্ত প্ৰতাৰণা কৰিলে। অসমক ৬০০টা বছৰ ৰাজনৈতিক নেতৃত্ব প্ৰদান কৰা আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা টাই আহোম জনগোষ্ঠীৰ স্বায়ত্ব শাসনৰ প্ৰাপ্য অধিকাৰৰ পৰাও বিজেপি চৰকাৰে বঞ্চিত কৰিছে বুলি টাইপাৰ সভাপতি গৰাকীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। জনজাতিকৰণৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেৱল মিছা মাতিলে।
ড:হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত এই মন্ত্ৰীগোটে অংশিদাৰী সংশ্লিষ্ট সকলো পক্ষৰে মতামত গ্ৰহণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰাৰ পাছতো প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ নকৰাৰ আঁৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদানত বিজেপি দল আৰু চৰকাৰৰ যে সদিচ্ছা নাই আৰু ৰাজ্যসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক উত্থাপন ‘কা’-বিৰোধী আন্দোলন প্ৰশমিত কৰাৰ এক কৌশলহে আছিল সেয়া আজি প্ৰতীয়মান হৈছে বুলি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে উল্লেখ কৰে।
সংবাদ মেলত আহোম যুগৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ বেদখলমুক্ত, উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্য্যবদ্ধনৰ সন্দৰ্ভতো টাইপাৰ নেতৃত্ব সৰৱ হৈ পৰে।স্বৰ্গদেউ চাওল্যুং চ্যুকাফাৰ মৈদাম, মহীয়সী জয়মতী কুঁৱৰীৰ মৈদাম, তলাতল ঘৰ, কাৰেঙ ঘৰকে ধৰি মৈদাম, গড়-খাৱৈ, দৌল-দেৱালয় সমূহ বেদখলমুক্ত কৰি উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্য্যবদ্ধনৰ ব্যৱস্থা কৰিবলৈ টাইপাৰ নেতৃত্বই চৰকাৰক আহ্বান জনায়। ঐতিহাসিক পাটকাই আৰু টিপাম পাহাৰত চলি থকা অবৈধ কয়লা খনন সন্দৰ্ভতো সংগঠনটোৰ নেতৃত্ব সৰৱ হৈ পৰাৰ লগতে প্ৰয়োজন সাপেক্ষে এনে অবৈধ কয়লা খননৰ বিৰুদ্ধে টাইপাই নিজাববীয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সংবাদ মেলত সদৰি কৰে।
টাইপাৰ পূৰ্বৰ সিদ্ধান্ত অনুসৰি জনজাতিকৰণৰ ক্ষেত্ৰত চূড়ান্ত প্ৰতাৰণা কৰাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ বিৰোধিতা কৰি অহা ২৫ ফেব্ৰুৱাৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি টাইপাৰ সভাপতি দিগন্ত তামুলী, কাৰ্যকৰী সভাপতি ভৃগু হাটীমুৰীয়া আৰু যুটীয়া সম্পাদক দ্বয় দীপজ্যোতি দুৱৰা আৰু শোভন কোঁৱৰে সংবাদমেলত ঘোষণা কৰে।
উল্লেখযোগ্য যে যোৱা ৪ জানুৱাৰীত দিচপুৰৰ জনতা ভৱন ঘেৰাও কৰি জনজাতিকৰণৰ ক্ষেত্ৰত মিছা মতা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰা হ’ব বুলি টাইপাৰ নেতৃত্বই ঘোষণা কৰিছিল । ২৫ ফেব্ৰুৱাৰীৰ পৰা টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তত্ত্বাৱধানত জনজাতিকৰণৰ দাবীত ধাৰাবাহিক ভাৱে প্ৰতি সপ্তাহত একোটাকৈ কাৰ্যসূচী ৰূপায়ন কৰিব টাইপাৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰকাশ কৰিছে।
ইয়াৰ অংশস্বৰূপে অহা ১০ মাৰ্চত ডিব্ৰুগড়ত, ১৮ মাৰ্চত শিৱসাগৰত, ২৪ মাৰ্চত গোলাঘাট আৰু ৩১ মাৰ্চত লক্ষীমপুৰত বিশাল “গণ হুংকাৰ ” কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে তাৰ পাছতে নিৰবিচ্ছিন্ন ভাৱে জোঁৰ সমদল, মটৰ চাইকেল ৰেলী, ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধকে ধৰি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি টাইপাৰ সভাপতি দিগন্ত তামুলী, কাৰ্যকৰী সভাপতি ভৃগু হাটীমুৰীয়া আৰু যুটীয়া সম্পাদকদ্বয় দীপজ্যোতি দুৱৰা আৰু শোভন কোঁৱৰে সংবাদ মেলত ঘোষণা কৰে।