ইংলণ্ডতো ভাৰতীয় ৰেস্তোৰাঁসহ বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানত তালাচী
মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ কঠোৰ অনুপ্ৰৱেশ বিৰোধী নীতি অনুসৰণ কৰি এইবাৰ অভিযান আৰম্ভ কৰিলে ব্ৰিটিছ চৰকাৰেও
অনুপ্ৰৱেশকাৰীক নিয়োগ কৰিলে ভৰিব লাগিব কমেও ১০ লাখ টকাৰ জৰিমনা
মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা নীতিক কাৰ্যতঃ অনুসৰণ কৰি সংযুক্ত যুক্তৰাজ্য (ইউকে)ত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিলে ব্ৰিটিছ চৰকাৰে। ইয়াৰ অংশৰূপে দেশখনত থকা ভাৰতীয় মূলৰ লোকৰ ৰেস্তোৰাঁ, পানশালা, দোকান, গাড়ী ধোৱা প্রতিষ্ঠান আদিত ব্ৰিটিছ চৰকাৰে অভিযান আৰম্ভ
কৰিছে। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এই অভিযান দেশব্যাপী আৰম্ভ কৰিছে দেশখনৰ লেবাৰ পাৰ্টিৰ চৰকাৰে।
ট্রাম্প কায়দাৰে ব্ৰিটিছ চৰকাৰে আৰম্ভ কৰা এই অভিযানক ধুমুহা (ব্লিজ)ৰ স’তে তুলনা কৰিছে।
এই অভিযান ব্রিটেইনৰ স্বয়ং গৃহমন্ত্রী (হোম চেক্রেটাৰী) যুভেট কুপাৰে তদাৰক কৰিছে। ভাৰতীয় মূলৰ লোকসকলৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহত ব্ৰিটিছ চৰকাৰে তালাচী অভিযান চলোৱাৰ কাৰণ হৈছে এই সমূহে প্ৰব্ৰজনকাৰী শ্রমিকক নিয়োগ কৰে। এই অভিযানৰ সময়ত বহু অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি গৃহমন্ত্রী কুপাৰৰ কাৰ্যালয়ে প্রকাশ কৰিছে।
ইয়াৰ এক উদাহৰণ দি গৃহমন্ত্ৰীৰ কাৰ্যালয়ে সংবাদ মাধ্যমক জনায় যে উত্তৰ ইংলণ্ডৰ হাম্বাৰছাইডস্থিত এখন ভাৰতীয় ৰেস্তোৰাঁৰ পৰা সাতজন অনুপ্রৱেশকাৰী গ্ৰেপ্তাৰ আৰু আন চাৰিজনক আটক কৰা হৈছে।
আনহাতে, অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযান সম্পর্কত গৃহমন্ত্রী কুপাৰে কয়, ‘প্ৰব্ৰজন বিধিসমূহক সম্মান জনাবই লাগিব আৰু এই বিধিসমূহক বলৱৎ কৰা হ’ব। বিভিন্ন প্রতিষ্ঠানে অনুপ্রৱেশকাৰীক নিয়োগ কৰি শোষণ কৰি আছে। তদুপৰি নিয়োগৰ সুবিধা পোৱা বাবে অনেক বিদেশী লোকে অবৈধভারে প্রৱেশ কৰি ইয়াত কাম কৰি আছে।’
তেওঁ লগতে জনায় যে প্ৰাণৰ প্ৰতি ভ্রূক্ষেপ নকৰি বহু বিদেশী লোকে সৰু নাৱত উঠি সাগৰ পাৰ হৈও ব্রিটেইনত প্রবেশ কৰিছে। ইয়ে বহু লোকক শোষণৰ পাত্ৰত পৰিণত কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘অনুপ্ৰৱেশৰ ফলত আমাৰ প্ৰব্ৰজন ব্যৱস্থা আৰু অর্থনীতিৰ ক্ষতি হৈছে।’
উল্লেখ্য যে ব্রিটেইনৰ বিগত সাধাৰণ নিৰ্বাচনত প্রধানমন্ত্রী কেইব ঈমাৰে অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ প্ৰতিশ্রুতি দিছিল। গতিকে নির্বাচনী প্রতিশ্রুতি পূৰণ কৰিবলৈ তেওঁৰ ওপৰত প্ৰচণ্ড চাপৰ সৃষ্টি হৈছে।
সেয়েহে তেওঁ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। এনে অভিযানৰ সময়ত আইন বলৱৎকাৰী সংস্থাসমূহে গ্রেপ্তাৰ কৰা অনুপ্ৰৱেশকাৰীক চার্টার্ড বিমানত তুলি নিজ নিজ দেশলৈ ঘূৰাই পঠিয়াবলৈ লৈছে ব্ৰিটিছ চৰকাৰে। এনেদৰে বিগত কিছুদিনত দেশখনে আঠ শতাধিক অনুপ্ৰৱেশকাৰীক নিজ নিজ দেশলৈ বিতাড়ন কৰে।
আনহাতে, ব্রিটেইনৰ গৃহ মন্ত্রণালয়ৰ তথ্য অনুসৰি, যোৱা বছৰৰ পাঁচ জুলাইৰ পৰা এই বছৰৰ ৩১ জানুৱাৰীলৈকে পূৰ্বৰ তুলনাত কমেও ৩৮ শতাংশ অধিক অনুপ্রৱেশকাৰীক ব্রিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰি বিতাড়ন কৰে। উক্ত সময়ছোৱাত প্রব্রজন আইন উলংঘাকাৰীৰ বিৰুদ্ধে চৰকাৰে ১,০৯০খন অসামৰিক জৰিমনাৰ জাননী জাৰি কৰে।
এনে জাননী জাৰিৰ জৰিয়তে আইন উলংঘাকাৰীসকলক সতৰ্ক কৰি দিয়া হয় যে আইন উলংঘা কৰি অনুপ্ৰৱেশকাৰী শ্রমিক-কর্মচাৰী নিয়োগ কৰিলে প্রতিজন শ্রমিক-কর্মচাৰীৰ বিপৰীতে ৬০ হেজাৰ পাউণ্ড তথা কমেও ১০ লাখ টকাৰ জৰিমনা বিহা হ’ব।
ইপিনে, দেশখনলৈ অনুপ্রৱেশ বন্ধ কৰাৰ উদ্দেশ্যে ব্রিটেইন চৰকাৰে সীমান্ত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ অংশৰূপে চৰকাৰে অলপতে আৰম্ভ হ’ব লগা সংসদৰ অধিবেশনত সীমান্ত সুৰক্ষা, আশ্ৰয় আৰু প্ৰব্ৰজন বিধেয়ক উত্থাপনৰ যো-জা চলাইছে। এই বিধেয়ক আইনত পৰিণত কৰি চৰকাৰে অনুপ্রৱেশকাৰীক সহায় কৰা চক্রক উৎখাত কৰাৰ লক্ষ্য লৈছে।