Stampede in Kerala Temple:
কেৰালাৰ কোজিকোডত দুটা হাতী তাণ্ডৱত আতংক তীৰ্থযাত্ৰী। এই পৰিস্থিতিত পদপিষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয় । আহত হৈছে ৩০ জনতকৈও অধিক তীৰ্থযাত্ৰী । ঘটনাটো বৃহস্পতিবাৰে মনকুলাংগৰা মন্দিৰত সংঘটিত হৈছে ।
উৎসৱ উপলক্ষে, বৃহস্পতিবাৰে সন্ধিয়া ছয় বজাত মন্দিৰ চৌহদত আতচবাজী জ্বলোৱা হৈছিল । য’ত প্ৰচণ্ড শব্দৰ সৃষ্টি হয়। মন্দিৰ চৌহদতে আছিল দুটা হাতী। আতচবাজীৰ শব্দত হাতী দুটাই ভয় খায়।
ফলস্বৰূপে, তেওঁলোকে আতংকিত হৈ দৌৰিবলৈ আৰম্ভ কৰে । হাতীৰ ভয়ত তীৰ্থযাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। মন্দিৰটোত যথেষ্ট ভিৰ আছিল। মন্দিৰৰ চৌহদত হাতী দুটা দৌৰি থকা দেখি ভক্তসকলেও মন্দিৰ এৰিবলৈ চেষ্টা কৰে । আৰু তাৰ পাছতে পদপিষ্টৰ ঘটনা ঘটে ।
প্ৰত্যক্ষদৰ্শীৰ মতে, মন্দিৰত সন্ধিয়াৰ আৰতি চলি আছিল। হঠাতে কেইজনমান মানুহে আতচবাজী ফটাবলৈ আৰম্ভ কৰে আৰু সেই শব্দত, মন্দিৰৰ দুটা হাতী আতংকিত হৈ পৰে। হাতী দুটা পলাই যোৱাৰ লগে লগে মন্দিৰৰ দেৱালখন খহি পৰে। আৰু তাৰ তলতে পৰি যায় কেবাজনো ভক্ত ।
পদপিষ্টৰ পৰিস্থিতি সৃষ্টি হৈ তিনিজন লোকৰ মৃত্যু হয়। এই ঘটনাটোত মন্দিৰ কৰ্তৃপক্ষৰ ভূমিকাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। হাতী দুটাক মন্দিৰত কিয় ৰখা হৈছিল তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে |