Cm Pressmeet In Janata Bhawan:
দিছপুৰস্থ জনতা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ সংবাদমেল। এডভান্টেজ আছাম২.০ আৰু ঝুমুৰ প্ৰদৰ্শনৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,বৰ্তমানলৈকে এডভান্টেজ আছাম ২.০ত অংশগ্ৰহণৰ বাবে ৭০০০ সৰু-বৰ উদ্যোগে পঞ্জীয়ন কৰিছে ৷
এডভান্টেজ আছাম ২.০ৰ আগ দিনা প্রদর্শন হ’ব ঝুমুৰ ৷ অসমৰ চাহ উদ্যোগৰ ইতিহাসৰ বাবে ২৪ ফেব্ৰুৱাৰীত মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰদৰ্শন কৰা হ’ব ঝুমুৰ ৷ ঝুমুৰৰ জৰিয়তে উদযাপিত হ’ব চাহ উদ্যোগৰ ২০০ বছৰীয়া যাত্রা ৷
আনহাতে,এডভান্টেজ আছামৰ একৰ জৰিয়তে ৰাজ্যই লাভ কৰিছিল তিনিটা সফলতা ৷ একেদৰে নুমলীগড় ৰিফাইনেৰীক সুস্থিৰ অৱস্থালৈ লৈ যোৱা হৈছিল ৷ ঔদ্যোগিক আন্তঃগাঁথনি গঢ়া হৈছিল ৷ তাৰ সমান্তৰালভাৱে পাৰাদ্বীপৰ পৰা অসমলৈ পাইপ লাইন হৈছিল ৷ তদুপৰি গেছ গ্ৰীডৰ জৰিয়তে আন্তঃগাঁথনি গঢ়া হৈছিল এডভান্টেজ আছামৰ একৰ জৰিয়তে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,শীঘ্ৰে জাপানৰ সৈতে হ’ব এক চুক্তি ৷ অসমত দেশখনে স্থাপন কৰিব ভাষা কেন্দ্র ৷ ৯ মাহৰ বাবে অনুষ্ঠিত হ’ব বিশেষ প্রশিক্ষণ শিৱিৰ ৷ প্ৰশিক্ষণত অংশ লোৱা সকলে দৰমহা হিচাপে লাভ কৰিব ৫০ হাজাৰ টকা ৷ এই প্ৰশিক্ষণত অংশ লোৱা প্রশিক্ষার্থীয়ে ভাৰতত থকা দেশখনৰ বিভিন্ন কোম্পানীত নিয়োজিত হ’ব পাৰিব ৷
আনহাতে অচিৰেই ৰাজ্যৰ ৫০ হেজাৰ যুৱক-যুৱতীক জাপানত নিযুক্তিৰ চিন্তাচৰ্চা কৰিছে ৰাজ্য চৰকাৰে ৷ একেদৰে ছিংগাপুৰক নাৰ্চৰ প্ৰয়োজন ৷ তাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,বর্তমান অসমৰ ১৭ গৰাকী ছোৱালীয়ে তাত কাম কৰি আছে। এডভান্টেজ আছামৰ ২ ০ৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণ । উপস্থিত থাকিব দেশৰ শীৰ্ষ পৰ্যায়ৰ উদ্যোগপতি আৰু দহ গৰাকী উদ্যোগী সহ আঠ গৰাকী কেন্দ্ৰীয় মন্ত্রী মন্ত্ৰী ৷