Delhi:পুৱাই ভূমিকম্পই জোঁকাৰিলে দিল্লী
আতঙ্কিত জনসাধাৰণ, সাৱধান থকাৰ বাৰ্তা মোডীৰ
পুৱাই কঁপি উঠিল দিল্লী। আজি পুৱা প্ৰায় পাঁচ বাজি ৩০ মিনিটত দিল্লী, নয়ডা আৰু গাজিয়াবাদত ভূমিকম্পৰ জোঁকাৰণি ।
ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত চাৰি আছিল। যদিও ভূমিকম্পটো কম পৰিমাণৰ আছিল, দিল্লীৰ মানুহে জোঁকাৰণি ভালদৰে অনুভৱ কৰিছে।
এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শান্ত আৰু সতৰ্ক হৈ থাকিবলৈ বাৰ্তা প্ৰদান কৰিছে।
নেচনেল চেণ্টাৰ অৱ চিচেমলজীৰ মতে, আজি পুৱা পাঁচ বাজি ৩৬ ভূমিকম্পই জোঁকাৰিলে দিল্লী ।ভূমিকম্পৰ কেন্দ্ৰস্থল দক্ষিণ দিল্লীৰ ধৌলাকুয়ানত।
ৰিখটাৰ স্কেলত চাৰিমাত্ৰা জোখৰ ভূমিকম্প হ’লেও দিল্লীত যথেষ্ট কম্পন অনুভৱ কৰিছে দিল্লীবাসীয়ে।
অৱশ্যে, এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। উল্লেখ্য যে, বিশ্লেষকসকলৰ মতে, কম্পনৰ পৰিমাণ কম, কিন্তু ই পৃষ্ঠৰ অতি ওচৰত।
ফলস্বৰূপে, অধিক কম্পন অনুভৱ কৰা হৈছে । অৱশ্যে, দিল্লীৰ মানুহে এতিয়ালৈকে আফটাৰশ্বক অনুভৱ কৰিব পৰা নাই।
এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীয়ে সকলোকে শান্ত হৈ থাকিবলৈ অনুৰোধ জনাইছে। “দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত কম্পন অনুভৱ কৰা হৈছে। গতিকে মই সকলোকে শান্ত হৈ থাকিবলৈ অনুৰোধ জনাইছো। আফটাৰশ্বক হ’ব পাৰে, সেয়েহে সাৱধান হ’ব, সুৰক্ষিত থাকিবলৈ সঠিক নিয়ম অনুসৰণ কৰিব। প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি আছে।”
দিল্লীৰ বিদায়ী মুখ্যমন্ত্ৰী আতিশীয়েও ঘটনাটোৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে।