Nitin Gadkari: সপৰিয়ালে মহাকুম্ভত ডুব দিলে নীতিন গাডকাৰীয়ে , যোগীৰ ব্যৱস্থাপনাত মুগ্ধ কেন্দ্রীয় মন্ত্রী
সপৰিয়ালৰ স’তে মহাকুম্ভৰ ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰিলে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে । দেওবাৰে পুৱা পবিত্ৰ স্নানৰ পাছত সংবাদ মাধ্যমক যোগী চৰকাৰৰ ইয়াৰ সুন্দৰ ব্যৱস্থাপনাৰ বাবে প্ৰশংসা কৰে।
তেঁও কয়,”উত্তৰ প্ৰদেশ চৰকাৰে অতি কঠিন এটা কাম সুন্দৰভাৱে সম্পন্ন কৰিছে। নীতিন গাডকাৰীৰ লগতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও কুম্ভত ডুব দিয়ে।
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে দেওবাৰে ৰাতিপুৱা প্ৰয়াগৰাজত অৱতৰণ কৰে । তেওঁক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অন্যান্য বিষয়াসকলে আদৰণি জনাই।
তাৰ পৰা, মন্ত্ৰীজন পোনপটীয়াকৈ কুম্ভলৈ ৰাওনা হয়। তেওঁৰ আগমনৰ বাবে বিশেষ ব্যৱস্থা কৰা হয়। পত্নীৰ স’তে ত্ৰিবেণী সঙ্গমত ডুব দিয়াৰ পাছত তেওঁক পূজা কৰা দেখা যায়।
সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, “গংগা স্নান আৰু পূজা শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে। মোৰ চহৰ নাগপুৰৰ পৰা হেজাৰ হেজাৰ ভক্ত গাড়ীত ইয়ালৈ আহিছে। মা গঙ্গাই তেওঁলোক সকলোকে আশীৰ্বাদ কৰক। ”
ইয়াৰ উপৰিও ভাল ব্যৱস্থাপনাৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰি গাডকাৰীয়ে কয় ,”ৰাজ্য চৰকাৰে বিশাল অনুষ্ঠানটো আৰু তীৰ্থযাত্ৰীসকলৰ ভিৰ চম্ভালিবলৈ পৰ্যাপ্ত ব্যৱস্থা কৰিছে। আৰক্ষী আৰু প্ৰশাসনে গোটেই পৰিস্থিতিটো সঁচাকৈয়ে দক্ষ হাতেৰে চম্ভালি আছে।সামগ্ৰিকভাৱে, এইটো এক অভূতপূৰ্ব ঘটনা। হেজাৰ হেজাৰ ভক্তও ৰাস্তাৰে ইয়ালৈ আহি আছে। মই সকলোৰে বাবে প্ৰাৰ্থনা কৰিছোঁ তেওঁলোক সকলোৱে যেন সুস্থভাৱে গন্তব্যস্থানত উপনীত হ’ব পাৰে।”
আনহাতে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও মহাকুম্ভত পবিত্ৰ ডুব দিয়াৰ পাছত সংবাদ মাধ্যমৰ স’তে বাৰ্তালাপ কৰি তেওঁ কয়, “সঙ্গমত গা ধুই ঈশ্বৰৰ আশীৰ্বাদ লোৱাটো মোৰ বাবে এক ডাঙৰ সৌভাগ্য। মহাকুম্ভ কেৱল এক ধৰ্মীয় অনুষ্ঠান নহয়, ভাৰতৰ আধ্যাত্মিক শক্তি আৰু ঐক্যৰ আটাইতকৈ ডাঙৰ মিলনস্থলী। ”