French Surgeon:
কমেও ২৯৯ জন ৰোগীক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ এজন ফৰাচী চিকিৎসকৰ বিৰুদ্ধে। চলিত মাহতে তেঁওৰ বিৰূদ্ধে আৰম্ভ হ’ব বিচাৰ। তথ্য অনুসৰি,অভিযুক্তৰ কামনাৰ বলি হোৱা অধিকাংশ ৰোগীৰ বয়স ১৫ বছৰৰ তলৰ ।
কোৱা হয় যে,চিকিৎসক হৈছে ঈশ্বৰৰ আন এটা ৰূপ । এতিয়া চিকিৎসকজনৰ এনে জঘন্য অপৰাধ সন্মুখলৈ অহাৰ পাছতে বিতৰ্কৰ সৃষ্টি হৈছে । বহুতে অভিযুক্তৰ বাবে কঠোৰতম শাস্তি দাবী কৰিছে । সংবাদ সংস্থা এএফপিৰ মতে, অভিযুক্ত চিকিৎসকজনক জোৱেল লু স্কুয়াৰনক বুলি চিনাক্ত কৰা হৈছে। তেওঁ ২৫ বছৰ ধৰি এজন শল্য চিকিৎসক (সাৰ্জেন)হিচাপে কাম কৰি আহিছে।
জোৱেলৰ বয়স বৰ্তমান ৭৪ বছৰ। অভিযোগ অনুসৰি ১৯৮৯ চনৰ পৰা ২০১৪ চনৰ ভিতৰত জোৱেলে এই যৌন নিৰ্যাতনৰ কাণ্ড সংঘটিত কৰিছে। সেই সময়ত তেওঁ পশ্চিম ফ্ৰান্সৰ কেবাখনো চিকিৎসালয়ত কাম কৰিছিল। তাতেই এই ঘটনাৰ আৰম্ভণি হয়। জোৱেলৰ বিৰুদ্ধে ১১১টা ধৰ্ষণ আৰু ১৮৯টা যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। শিশুসকল মূলতঃ তেওঁৰ বলি। তথ্য অনুসৰি ২৯৯ জন লোকৰ ভিতৰত ২৫৬ জন শিশু আৰু তেওঁলোকৰ বয়স ১৫ বছৰৰ কম।
২০২০ চনৰ ডিচেম্বৰত ফ্ৰান্সৰ এখন আদালতে জোৱেলক চাৰিটা শিশুক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ বাবে তেওঁৰ চাকৰিৰ অপব্যৱহাৰ কৰাৰ বাবে দোষী সাব্যস্ত কৰে। তেওঁক ১৫ বছৰৰ কাৰাদণ্ড দিয়া হয়। বৰ্তমান তেঁও কাৰাগাৰত আছে। তদন্তত অভিযুক্তজনৰ ইটোৰ পাছত সিটো অপৰাধ সন্মূখলৈ আহিছে ।
আনকি জোৱেলৰ ঘৰত তালাচী চলাওঁতে আৰক্ষীয়ে কেবাটাও পুতলা উদ্ধাৰ কৰে। আৰক্ষীৰ প্ৰতিবেদনত কোৱা হৈছে যে জোৱেলে পুতলাবোৰ যৌন কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও আৰক্ষীয়ে প্ৰায় তিনি লাখ পৰ্ণগ্ৰাফিক ছবিও উদ্ধাৰ কৰে।
এএফপিৰ মতে, ২৪ ফেব্ৰুৱাৰীত আদালতত জোৱেলৰ বিচাৰ আৰম্ভ হ’ব। তেওঁৰ বিৰুদ্ধে সাক্ষীসকলৰ সাক্ষ্য বন্ধ দুৱাৰৰ পিছফালে লোৱা হ’ব। যিসকলে সাক্ষ্য দিব তেওঁলোক শিশু হিচাপে জোৱেলৰ নিৰ্যাতনৰ বলি হৈছে। যদি দোষী সাব্যস্ত হয়, তেন্তে জোৱেলে সৰ্বাধিক ২০ বছৰ কাৰাবাসৰ সন্মুখীন হ’ব লাগিব।