Rajasthan Royals training camp in Guwahati:
এটা দল, দুখন ঘৰ ৷ জন্ম ৰাজস্থানত, উদযাপন অসমত ৷’ শ্ল’গানৰে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ দুখনকৈ ঘৰুৱা মেচ গুৱাহাটীলৈ খেলিব অহা ৰাজস্থান ৰয়েলছে অসম তথা উত্তৰ পূৱৰ অনুৰাগীক এইবাৰ আন এক নতুন উপহাৰ দিবলৈ সাজু হৈছে ৷ সেই অনুসৰি আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন দলটোৱে ক্ৰিকেটপ্ৰেমীক এইবাৰ ষ্টেডিয়ামত খেলুৱৈৰ অনুশীলন উপভোগ কৰাৰ সুযোগ দিব ৷
অহা ২১ ফেব্ৰুৱাৰীত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নিশা সাত বজাৰ পৰা এঘাৰ বজালৈ হ’বলগা ৰাজস্থান ৰয়েলছৰ অনুশীলন গেলেৰীত বহি উপভোগ কৰিব পাৰিব ক্ৰিকেটপ্ৰেমীয়ে ৷ উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসমৰ লোকে এইদৰে এ চি এ ষ্টেডিয়ামত কোনো দলৰ অনুশীলন গেলেৰীত বহি উপভোগ কৰাৰ সুযোগ পাইছে৷ ইয়াৰ বাবে কোনো টিকটৰো প্ৰয়োজন নাই৷ দৰ্শকৰ বাবে মুকলি থাকিব আৰ আৰ দলৰ অনুশীলন ৷
ইফালে, আজিৰে পৰাই ৰাজস্থান ৰয়েলছে এ চি এ ষ্টেডিয়ামত নিজৰ অনুশীলন আৰম্ভ কৰিছে৷ আজি পূৱা দহ বজাৰ পৰা তিনি বজালৈ তথা নিশা সাত বজাৰ পৰা এঘাৰ বজালৈ দলটোৰ খেলুৱৈসকলে অনুশীলন কৰে৷ প্ৰথমদিনাৰ অনুশীলনত অংশ লয় অসম সন্তান ৰিয়ান পৰাগ, নীতিশ ৰানা, ধ্ৰুৱ জুৰেল, বৈভৱ সূৰ্যবংশী, অশোক শৰ্মা, আকাশ মাধৱাল, সন্দিপ শৰ্মাই৷ দলৰ অনুশীলনত উপস্থিত থাকে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু স্পীন বলিং প্ৰশিক্ষক ছৈৰাজ বহুতুলে৷ অহা ২২ ফেব্ৰুৱাৰীলৈ এই বিশেষ শিবিৰ অনুষ্ঠিত হ’ব ৷
স্মৰ্তব্য যে এইবাৰ ৰাজস্থান ৰয়েলছে গুৱাহাটীত মেচ খেলাই নহয় অনুশীলন শিবিৰো দলটোৰ দ্বিতীয়খন ঘৰ বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়ামতে কৰাৰ সিদ্ধান্ত লৈছে৷ ইফালে, ৰাজস্থান ৰয়েলছে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ ঘৰুৱা মেচৰ আৰম্ভনিও গুৱাহাটীৰ পৰাই কৰিব ৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব ৷
অৱশ্যে আৰ আৰ দলে ইয়াৰপূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব ৷ গুৱাহাটীত অনুশীলন কৰিয়ে ছিজনৰ নতুন অভিযানৰ বাবে যাব দলটো ৷ উল্লেখ্য যে ক্ৰমাগত তৃতীয়বাৰৰ বাবে গুৱাহাটীক গৃহ চহৰ হিচাপে লৈছে ৰাজস্থান ৰয়েলছে ৷ অসম তথা উত্তৰ পূৱৰ জনসাধাৰণৰ মৰম বিচাৰি পুনৰ গুৱাহাটীলৈ আহিছে ৰাজস্থান ৰয়েলছ৷ যোৱা দুটা ছিজনত ৰাজস্থান ৰয়েলছক উত্তৰ পূৱৰ জনগনে যি অকৃটিম মৰমৰে আকোৱালী লৈছে তাক লৈ দলটো স্বাভাৱিকতে আবেগিক ৷