Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Apsc Scam:কলংকিত ন বিষয়াক আজিও সুৰক্ষা

২০১৩ ৰ সমগ্ৰ বাছনি প্ৰক্ৰিয়া বাতিলৰ ন্যায়িক আয়োগৰ পৰামৰ্শক উপেক্ষাৰ আঁৰত

publisher by publisher
February 19, 2025
in India, Assam, Crime, News
Reading Time: 4 mins read
0
Apsc Scam:কলংকিত ন বিষয়াক আজিও সুৰক্ষা
1
SHARES
9
VIEWS
ShareShareShareShare

Apsc Scam:

‘সাংবিধানিক অনুষ্ঠান অসম লোকসেৱা আয়োগ (এপিএছচি) এটা টকা ঘটা সংস্থাতহে পৰিণত হৈছে। ইয়াৰ বাবে এপিএছচিৰ ওপৰত থকা যুৱ সমাজৰ আশা-আকাংক্ষাক সম্পূৰ্ণৰূপে বিদায় জনোৱা হৈছে।’এপিএছচিত সংঘটিত ভয়াৱহ নিযুক্তি কেলেংকাৰিক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ন্যায়িক তদন্তৰ প্ৰতিবেদনত এনেদৰে মন্তব্য কৰা হৈছে। এই প্ৰতিবেদনৰ পাতে পাতে উন্মোচিত হৈছে ২০১৩ আৰু ২০১৪ত প্ৰাৰ্থী বাছনিৰ নামত তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ নেতৃত্বত কিদৰে অকল্পনীয় কেলেংকাৰি সংঘটিত হৈছিল তাৰ ভয়াৱহ তথ্য।

ADVERTISEMENT

পালৰ লগতে এই কেলেংকাৰিত জড়িত ইজনৰ পাছত সিজনৰ নাম পোহৰলৈ আহিছে। তাৰ লগতে কেলেংকাৰিটোত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত বহু ৰৌ-বৰালিৰ নামো প্ৰতিবেদনত সন্নিৱিষ্ট হৈছে। প্ৰতিবেদনত এই বুলিও মন্তব্য কৰা হৈছে যে এটা নিৰ্দিষ্ট পৰিসৰত ন্যায়িক তদন্ত কৰিলেও অনিয়ম সিমানতে সীমাবদ্ধ হৈ থকা নাই। ইয়াৰ পৰিসৰ ভবাতকৈ বহুগুণে বৃহৎ।

RelatedPosts

Mla Nandita Das :ৰাইজৰ তীব্র প্রতিবাদ নেওচি ২৮,৩০,৮৬৩ গৃহত স্মার্ট মিটাৰ সংযোগ ঘৰুৱা সংযোগত সর্বাধিক গুৰুত্ব শক্তি বিভাগৰ

MLA Akhil Gogoi:ঝুমইৰ বিনন্দিনীত ভাগ লোৱাৰ বাবে ৬,০০০ পৰীক্ষার্থীয়ে নিদিলে মেট্ৰিক পৰীক্ষা

Assam Assembly Budget Session: অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি কাৰ্যকৰী নহ’ল এটা নিয়ম

সেই কাৰণে ২০১৩ৰ বাছনি প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ প্ৰতিবেদনত পৰামৰ্শ দিয়া হৈছে; কিন্তু ন্যায়িক তদন্ত আয়োগৰ এই পৰামৰ্শক গ্রহণ কৰাটো বাদেই শুনিবলৈয়ো যেন আগ্রহী নহয় চৰকাৰ। সেইবাবে নিত্য-নতুন কৌশলৰে অভিযুক্তক ৰক্ষণাবেক্ষণ দিবলৈ তৎপৰ হৈ আহিছে।

বাছনি প্ৰক্ৰিয়াটো বাতিলৰ পৰামৰ্শটোক স্বয়ং কেবিনেট বৈঠকতে চৰকাৰে নাকচ কৰাৰ উপৰি নিজৰ ‘মতলব’ৰ একাংশ প্ৰাৰ্থীক সুৰক্ষিত কৰিবলৈ নানান কৌশল অৱলম্বন কৰিছে। অর্থাৎ ইয়াৰ দ্বাৰা এপিএছচিৰ মৰ্যাদা ঘূৰাই অনা আৰু প্রকৃত অহতাসম্পন্ন প্রার্থীক ন্যায় প্রদানত নস্যাৎ কৰি চৰকাৰে নিজেই অসৎ পন্থা অৱলম্বন কৰাটো স্পষ্ট হৈছে।

আয়োগে প্রতিবেদনত কয়, ‘আয়োগে লাভ কৰা মৌখিক আৰু তথ্যগত প্ৰমাণত যি ধৰণৰ অনিয়ম আৰু বিসংগতি উন্মোচিত হ’ল সিয়ে আয়োগৰ বিবেককে জোঁকাৰি গৈছে।’ অনিয়ম আৰু বিসংগতিৰ অভিযোগৰ তদন্তভাৰ গ্ৰহণৰ সময়ত এই ভয়াৱহতা আয়োগৰ কল্পনাৰ অগোচৰ আছিল বুলিও প্ৰতিবেদনত কয়।

মেধাক সম্পূৰ্ণৰূপে বিদায় দি হেজাৰ হেজাৰ যুৱক-যুৱতীৰ আশা মষিমূৰ কৰি বিভিন্ন অনিয়মৰ আশ্ৰয় লৈ আয়োগে এপিএছচিক ধন ঘটা সংস্থালৈ ৰূপান্তৰিত কৰাই নহয়, অতি নিৰ্লজ্জভাৱে ইয়াক ব্যক্তিগত সম্পত্তিলৈ ৰূপান্তৰিত কৰা হ’ল। এই কথা প্রতিবেদনত স্পষ্টভাৱে আঙুলিয়াই দিয়া বুলিও কোৱা হৈছে।

আয়োগে আশ্চৰ্য প্ৰকাশ কৰে যে কিদৰে একোটা প্ৰতিষ্ঠানৰ মুৰব্বীৰ দায়িত্বত থকাসকলে এনে অবৈধ কার্যকলাপৰ বাবে নিজকে ইমান তললৈ নমা পাৰে। এই কথা বিশ্বাস কৰাৰ অৱকাশ আছে যে এনে অনিয়ম আৰু অসৎ পন্থাৰ বোকোচাত উঠাসকলক তেওঁলোকৰ তথাকথিত শুভাকাংক্ষী, অভিভাৱক আৰু পিতৃ-মাতৃয়ে সহায় কৰিছিল বুলিও প্ৰতিবেদনত কয়।

নির্বাচিত প্ৰাৰ্থীসকলক নিৰ্ধাৰিত পৰীক্ষাৰ হলৰ বাহিৰত লিখিবলৈ দিয়া হৈছিল অথবা ভুৱা উত্তৰবহী জমা দিয়া হৈছিল বুলিও প্ৰতিবেদনত কোৱা হৈছে। প্ৰতিবেদনত উল্লেখ যে এয়া এনে পৰিস্থিতি য’ত গুৱাহাটী উচ্চ ন্যায়ালয়ে এপিএছচিৰ বাছনি প্ৰক্ৰিয়া আৰু পদ্ধতিক লৈ উদ্বেগ প্রকাশ কৰিছে। ভৱিষ্যতে সাৱধান হ’বলৈ আৰু কথাবোৰ সাধাৰণভাৱে গ্ৰহণ নকৰিবলৈ উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰা উদ্বেগৰ বিষয়ে আয়োগে আঙুলিয়াই দিয়ে।

এটা সাংবিধানক সংস্থাৰ পৱিত্ৰতা দোষীয়ে শাস্তিৰ সন্মুখীন নোহোৱাকৈ বিনষ্ট কৰা হৈছিল। যি ধৰণে বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল সেয়া সাংবিধানিক প্রতিষ্ঠানটোৰ প্ৰতি আছিল উপহাস। বিক্ৰীৰ বাবে উপলব্ধ কৰা হৈছিল চাকৰি। সেয়ে আয়োগে কয় যে আয়োগৰ অধ্যক্ষ বাছনি প্রক্রিয়াই সম্পূৰ্ণ দুৰ্নীতিৰ পথ মুকলি কৰি দিয়ে।

এতিয়া নিৰ্ভৰ কৰিব অসম চৰকাৰে কি ব্যৱস্থা লয়। প্রতিবেদনত উল্লেখ কৰা হয় যে ২০১৩ৰ ৩৯ গৰাকীক তেওঁলোকৰ প্ৰবেচনৰ সময়তে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। আয়োগে স্পষ্ট কৰি দিয়ে যে এই কথা নক’লেও হ’ব যে একেটা গোটতে দুৰ্নীতিৰ আশ্ৰয় লোৱা প্ৰাৰ্থীৰ বাবে পৰিমাপক ভিন্ন হ’ব নোৱাৰে। তেওঁলোকৰ চাকৰিৰ সম্পূৰ্ণ আধাৰেই জালিয়াতিৰ ওপৰত নিৰ্ভৰ।

এইদৰে ২০১৩ আৰু ২০১৪ বৰ্ষত এপিএছচিত প্রার্থী বাছনিৰ নামত সংঘটিত হোৱা ভয়াৱহতাৰ ছবি দাঙি ধৰি আয়োগে কয়, ‘উক্ত উল্লিখিত পৰিস্থিতিত এতিয়া অসম চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব কি সিদ্ধান্ত লয় আৰু ২০১৩ৰ সমগ্ৰ বাছনিয়ে বাতিল কৰিব নে নাই। তদুপৰি ২০১৪ৰ ক্ষেত্ৰত তদন্ত কৰিব নে নাই। ৰাইজৰ মনত এপিএছচিৰ প্ৰতি আস্থা ঘূৰাই আনিবলৈ ৰাকেশ পাল আৰু তেওঁৰ বাহিনীয়ে সংঘটিত কৰা বিবেকৰো অগোচৰ ভয়াৱহ দুৰ্নীতিৰ ক্ষেত্ৰত কিছুমান বিবেচনাৰ প্ৰয়োজন থকা বুলিও আয়োগে কয়।

প্ৰতিবেদনত এইদৰে বাছনিৰ বৃহৎ ক’লা অধ্যায় উন্মোচিত হোৱাৰ পাছতো দেখা গ’ল যে ২০১৩ৰ সম্পূৰ্ণ বেটছৰ বৃহৎ সংখ্যকে এতিয়াও চাকৰিত বাহাল থাকিল। এই বিষয়টোৱে ৰাইজৰ মাজত চৰকাৰৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ৰক্ষণাবেক্ষণৰ সৰ্বোচ্চ চেষ্টাৰ বাবেই চৰকাৰে আয়োগৰ প্ৰতিবেদন যোৱা দুবছৰে পেলাই থয়।

বিধি অনুসৰি, প্ৰতিবেদন বিধানসভাৰ জৰিয়তে গ্ৰহণ নকৰাৰ বাবে বক্ৰ পথেৰে চাকৰি সংগ্ৰহ কৰা কে’বাজনো প্রার্থীয়ে ন্যায়ালয়ৰ জৰিয়তে নিলম্বিত হৈ থকাৰ পৰা পুনৰ চাকৰিত যোগ দিবলৈ সক্ষম হয়। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত কালিহে যেন চৰকাৰৰ শুভ বুদ্ধিৰ উদয় হয়। কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিবেশনৰ প্ৰথম দিনটোত চৰকাৰে শৰ্মা আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰে।

# অকল্পনীয় কেলেংকাৰিত আয়োগ হতচকিত:

প্রতিবেদনৰ সামৰণি অধ্যায়ত তদন্ত আয়োগে মন্তব্য কৰে যে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত এপিএছচিক নির্লজ্জভাৱে এটা ব্যক্তিগত সম্পত্তিলৈ ৰূপান্তৰ কৰা হৈছিল। আয়োগে এই কথাটো উপলব্ধি কৰিছিল যে কেনেকৈ মানুহে এটা সাংবিধানিক প্রতিষ্ঠানক এনেদৰে অনৈতিক কাৰ্যৰ মাজলৈ লৈ যাব পাৰে। নিৰ্বাচিত একাংশ প্ৰাৰ্থীৰ ক্ষেত্ৰতে বৃহৎ অনিয়ম পোহৰলৈ আহে। সেইসকলক অনিয়মৰে নিৰ্বাচিত কৰিবলৈ প্ৰকৃত পৰীক্ষা কেন্দ্ৰৰ পৰিৱৰ্তে অন্য স্থানত সেই সুবিধা কৰি দিয়া হৈছে। ২০১৩ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত যি বৃহৎ অনিয়ম হৈছিল, তাতকৈ বহু বৃহৎ অনিয়ম সংঘটিত হয় আন এপিএছচিৰ পৰীক্ষাতো। তাৰ ভিতৰত ২০১৪ৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ও আছে। এনে মন্তব্য কৰিয়ে আয়োগে অসম চৰকাৰক ২০১৩ৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ গোটেই প্রক্রিয়াটোকে বাতিল কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

# কিয় চৰকাৰৰ সুৰক্ষা ?

শৰ্মা আয়োগৰ প্ৰতিবেদনত জালিয়াতিৰ আশ্ৰয় লোৱা আন কে’বাজনৰো নাম সন্নিৱিষ্ট হৈছে। লক্ষ্যণীয়ভাৱে সেইসকলক চৰকাৰে মৰণপণ চেষ্টাৰে সুৰক্ষা দিব বিচৰাটো বাৰম্বাৰ প্ৰতিফলিত হৈছে। আয়োগে ২০২২তে তদন্ত প্রতিবেদন দাখিল কৰিছিল। তেতিয়াই উল্লেখ কৰিছিল যে জালিয়াতিৰ আশ্ৰয় লোৱা বুলি প্ৰমাণিত হোৱা ৩৪ জনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। পৰৱৰ্তী সময়ত ইয়াকে লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ বাবে চৰকাৰে তাৰে কেইজনমানৰ বিৰুদ্ধে সাধাৰণ ব্যৱস্থা গ্ৰহণ কৰে। তাৰ বিপৰীতে নজনৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল।

যাৰ বাবে সেইসকলে আজিও চাকৰি কৰি থাকিবলৈ সক্ষম হৈছে। সেইসকল হ’ল— নৱনীতা শৰ্মা, অসীমা কলিতা, অমিত্ৰৰাজ চৌধুৰী, ত্ৰিদিপ ৰয়, ঋতুৰাজ দলে, জগদীশ ব্রহ্ম, বিক্রম আদিত্য বৰা, নন্দিতা হাজৰিকা আৰু স্বৰূপ কুমাৰ ভট্টাচাৰ্য। আৰক্ষী সেৱালৈ নিৰ্বাচিত নৱনীতা শৰ্মাই মূল পৰীক্ষাৰ ইংৰাজীত ১২৩ নম্বৰ লাভ কৰাৰ বিপৰীতে টেবুলেছনৰ সময়ত সেই নম্বৰ ১৭৩লৈ বৃদ্ধি কৰা হৈছিল।

আয়োগৰ প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, আৰক্ষী সেৱালৈ নিৰ্বাচিত কৰিবলৈকে এনেদৰে নম্বৰ বৃদ্ধি কৰা হৈছিল। অসীমা কলিতাৰ ক্ষেত্ৰত প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৰাকেশ পালে নিজে প্রার্থী গৰাকীৰ শিক্ষা বিষয়ৰ প্ৰথম প্ৰশ্নকাকতৰ উত্তৰবহীত নম্বৰ বঢ়াই দিছিল। আৰক্ষী সেৱালৈ নিৰ্বাচিত অমিত্ৰৰাজ চৌধুৰীৰো সমাজতত্ত্বৰ প্ৰথম কাকত আৰু বুৰঞ্জীৰ প্ৰথম প্ৰশ্নকাকতৰ নম্বৰ অবৈধভাৱে বৃদ্ধি কৰা হয়। অসম অসামৰিক সেৱালৈ নিৰ্বাচিত ত্ৰিদিপ ৰয়ে ইংৰাজীত লাভ কৰিছিল ১৪৪ নম্বৰ; কিন্তু তেওঁক অসামৰিক সেৱাৰ পদত নিযুক্তি দিবলৈকে সেই নম্বৰ ১৯৬লৈ বৃদ্ধি কৰা হয়।

আৰক্ষী সেৱালৈ নিৰ্বাচিত ঋতুৰাজ দলেৰ নম্বৰো বৃদ্ধি কৰা হয়। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ঋতুৰাজ দলেৰ শিক্ষাৰ দ্বিতীয় কাকত আৰু বুৰঞ্জীৰ দ্বিতীয় কাকতত নম্বৰ বৃদ্ধি কৰা হয়। অসামৰিক সেৱালৈ নিৰ্বাচিত জগদীশ ব্ৰহ্মৰ আকৌ উত্তৰবহীয়েই জাল আছিল। প্ৰাৰ্থীজনৰ ৰাজনীতি বিজ্ঞানৰ উত্তৰবহীখনত জাল পৃষ্ঠা সংলগ্ন কৰা হয়। বিক্রম আদিত্য বৰাক অসম অসামৰিক সেৱাৰ পদত নিযুক্তি দিবলৈকে ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় প্ৰশ্নকাকত আৰু সমাজতত্ত্বৰ প্ৰথম প্ৰশ্নকাকতৰ উত্তৰবহীত নম্বৰ বঢ়াই দিয়া হয়। সেই অনুসৰি ৰাজনীতি বিজ্ঞানত লাভ কৰা ৯৫ক ১২১ নম্বৰলৈ আৰু সমাজতত্ত্বত ৮২ৰ পৰা ১২২ নম্বৰলৈ টেবুলেছনৰ সময়ত নম্বৰ বঢ়াই দিয়া হৈছিল।

অসম অসামৰিক সেৱালৈ নিৰ্বাচিত নন্দিতা হাজৰিকাৰ উত্তৰবহীত নম্বৰ বৃদ্ধি কৰি দিয়া হয় বুলি ন্যায়িক আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। আকৌ স্বৰূপ কুমাৰ ভট্টাচাৰ্যৰ ক্ষেত্ৰত প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আৰক্ষী সেৱালৈ নিৰ্বাচিত প্ৰাৰ্থীজনৰ ইংৰাজীৰ উত্তৰবহীৰ প্ৰতিটো পৃষ্ঠাতে নম্বৰ বঢ়াই দিয়া হয়। এনেদৰে মুঠ নম্বৰ বৃদ্ধি কৰি আৰক্ষী সেৱাৰ পদৰ বাবে নিৰ্বাচিত কৰা হয় ।

স্বচ্ছ-নিকা নিযুক্তিৰ দাবী কৰা চৰকাৰখনে কি বিশেষ দৰদত ন্যায়িক আয়োগৰ প্ৰতিবেদনকো অংগুষ্ঠ দেখুৱাই এইসকল অবৈধভাৱে নিযুক্তিপ্রাপ্ত বিষয়াক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাই আহিছে, সেয়াহে লক্ষ্যণীয় হৈ পৰিছে। অনিয়মৰ আন কেইটামান উদাহৰণ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০১৪ৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত অনিয়ম সংঘটিত কৰা ২১ জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোক ইতিমধ্যে চাকৰিৰ পৰাও বৰ্খাস্ত হৈছে। সেইসকলে কি ধৰণৰ জালিয়াতিৰ আশ্ৰয় লৈ নিৰ্বাচিত হ’বলৈ সক্ষম হৈছিল, তাৰ উদাহৰণ প্ৰতিবেদনত দাঙি ধৰা হৈছে।

তেনে উদাহৰণবোৰৰ ভিতৰত অসম আৰক্ষী সেৱাৰ বাবে নিৰ্বাচিত ভাৰ্গৱ ফুকনে লিখিত পৰীক্ষাৰ উত্তৰ জাল বহীত লিখিছিল। অর্থাৎ তেওঁৰ উত্তৰবহী অসম চৰকাৰৰ ছপাশালত ছপোৱা নাছিল। অসম অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত লীনা কৃষ্ণা কাকতিয়ে সাধাৰণ জ্ঞান, ৰাজনীতি বিজ্ঞান, নৃতত্ত্বৰ উত্তৰ জাল বহীত লিখিছিল। সেই জাল উত্তৰবহী প্ৰস্তুত কৰা হৈছিল ৰাকেশ পালৰ ভ্ৰাতৃ ৰাজীৱ পালৰ মেচাৰ্ছ শুভদ্বীপ প্ৰিণ্টাৰ্ছ নামৰ ছপাশালত।

উল্লেখ্য যে ৰাজীৱ পাল অদ্যাপি সন্ধানহীন । এনেদৰে ২০১৩ৰ পৰীক্ষাৰ ৩৯ জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ ভিতৰত অসম অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত ভাস্কৰ দত্ত দাসৰ ইংৰাজীৰ উত্তৰবহীখন জাল আছিল। এই বহীখন ৰাকেশ পালৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল। প্রকৃত উত্তৰবহীখনত প্ৰাৰ্থীজনে তিনিশৰ ভিতৰত ১৪৮ নম্বৰ লাভ কৰিছিল। জাল উত্তৰবহীখনত সেই নম্বৰ ১৯৮লৈ বৃদ্ধি কৰা হৈছিল। অসম অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত ভাস্কৰ চন্দ্ৰ দেৱশৰ্মা নামৰ প্ৰাৰ্থীজনৰ ইংৰাজী আৰু সাধাৰণ জ্ঞানৰ উত্তৰবহী দুখন জাল আছিল।

এই দুখন বহীও ৰাকেশ পালৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল। সাধাৰণ জ্ঞানত প্ৰাৰ্থীজনে ১০৪ নম্বৰ লাভ কৰিছিল। তেনেদৰে ইংৰাজীত ৯৯, ৰাজনীতি বিজ্ঞানৰ প্ৰথম কাকতত ৪৫ আৰু অসমীয়াৰ দ্বিতীয় কাকতত ৯৩ নম্বৰ লাভ কৰিছিল। সেই নম্বৰ টেবুলেছনৰ সময়ত ক্ৰমে ১৯৪, ১৯৯, ৯৫ আৰু ১১৩লৈ বৃদ্ধি কৰা হৈছিল। অসম আৰক্ষী সেৱালৈ নিৰ্বাচিত হেমন্ত শ‍ইকীয়াৰ দুখন উত্তৰবহী জাল আছিল।

সেই দুখন হ’ল ইংৰাজী আৰু সমাজতত্ত্বৰ প্ৰথম কাকত। আৰক্ষী সেৱালৈ নিৰ্বাচিত জয়ন্ত কুমাৰ নাথৰো তিনিখন উত্তৰবহী জাল আছিল। বিষয়কেইটা হ’ল ইংৰাজী, সমাজতত্ত্বৰ প্ৰথম কাকত আৰু সমাজতত্ত্বৰ দ্বিতীয় কাকত। অসামৰিক সেৱালৈ নিৰ্বাচিত দ্বৈথুন বৰ্গয়াৰীৰ ইংৰাজী উত্তৰবহীখন জাল আছিল।

তদুপৰি মনোবিজ্ঞানৰ প্ৰথম আৰু দ্বিতীয় কাকতৰ উত্তৰবহী দুখনত অবৈধভাৱে নম্বৰ বৃদ্ধি কৰা হৈছিল। আৰক্ষী সেৱালৈ নিৰ্বাচিত ছাবিৰা ইমৰানৰ ইংৰাজী আৰুসাধাৰণ জ্ঞানৰ উত্তৰবহী দুখন জাল আছিল। ইপিনে, শ্ৰম পৰিদৰ্শকৰ পদত নিৰ্বাচিত ৰাজু সাহাৰ চাৰিখন উত্তৰবহী জাল আছিল। বিষয়কেইটা হ’ল ইংৰাজী, সাধাৰণ জ্ঞান, বাণিজ্য-একাউন্টেন্সীৰ প্ৰথম আৰু দ্বিতীয় কাকত।

বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত উল্লেখ থকা একাংশ প্ৰাৰ্থীৰ অনিয়মৰ এয়া নামমাত্ৰ উদাহৰণহে। ভয়াৱহ অনিয়ম তথা কেলেংকাৰিক লৈ প্ৰতিবেদনত মন্তব্য কৰা হৈছে এনেদৰে, ‘এই ধৰণৰ বেআইনী কার্যকলাপৰে প্ৰকৃত অহতাসম্পন্ন প্রার্থীসকলক অৱদমিত কৰা হয়। য’ত জাল উত্তৰবহীৰে যোগ্যতাৰ মূল্যায়ন কৰা হয়, তাত প্ৰকৃত যোগ্যতা সম্পন্নসকল বঞ্চিত হোৱাটোৱেই স্বাভাৱিক।

প্রতিবেদনত এইবুলিও উল্লেখ কৰা হৈছে যে মিনাভা দেৱী আৰম্বাম নামৰ প্ৰাৰ্থীগৰাকী অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত হয়। তেওঁৰ পিতৃ এ এন বি সিন্হা। জীয়ৰী পৰীক্ষাত বহাৰ সময়ত পিতৃ এপিএছচিৰ মুখ্য পৰীক্ষা নিয়ন্ত্রক আছিল। এয়া নিয়মৰ আওতাত নপৰে। আন এগৰাকী তেনে প্ৰাৰ্থী হ’ল ২০১৪ৰ পৰীক্ষাত নিৰ্বাচিত বীৰবল ব্ৰহ্ম। কৰ পৰিদৰ্শক পদলৈ নিৰ্বাচিত ব্ৰহ্মই ছটা বিষয়ৰ তিনিটাৰ উত্তৰ আনৰ সহায়ত লিখিছিল। ইয়াৰ ফলত তেওঁ সেই বিষয়কেইটাত যথেষ্ট উচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

# কাৰ সম্পৰ্কৰে নিযুক্তি ?

এপিএছচিৰ কেলেংকাৰিত একাংশ প্ৰাৰ্থীৰ নিযুক্তি বিভিন্ন প্ৰভাৱশালী পক্ষৰ হস্তক্ষেপত হোৱাৰ অভিযোগ পূৰ্বৰে পৰা অভিহিত হৈ আহিছে। এই তালিকাত ৰাজনৈতিক নেতাৰ পৰা ছাত্ৰ সংগঠনৰ প্ৰভাৱশালী নেতালৈকে নাম আছে। তদুপৰি এপিএছচিৰ উল্লেখযোগ্য পদত থকা পদত থকা ব্যক্তিৰ আত্মীয়য়ো তেনেদৰেই নিযুক্তি পাবলৈ সক্ষম হৈছিল। ন্যায়িক তদন্ত আয়োগৰ প্ৰতিবেদনত তাৰে প্ৰতিফলন ঘটিল।

এই প্রতিবেদনত গণ্ডাই গণ্ডাই তেনে পক্ষৰ নাম উল্লেখ কৰা হৈছে। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, এচিএছ মির্ণাভা দেৱী আৰম্বাম হ’ল সেই সময়ৰ প্ৰধান পৰীক্ষা নিয়ন্ত্রক এ এন বি সিনহাৰ জীয়ৰী। এচিএছ মৃণাল দাস এপিএছচিৰ এজন কৰ্মচাৰী আছিল। এচিএছ মৃণাক্ষী পাৰমে কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা সুমিত্ৰা পাতিৰৰ বোৱাৰী।

প্ৰসংগক্ৰমে প্রতিবেদনত উল্লেখ কৰা হৈছে যে ২০০৯, ২০১৩ আৰু ২০১৪ত পাতিৰৰ পৰিয়ালৰ একোগৰাকীকৈ প্ৰাৰ্থী নির্বাচিত হৈছিল। ইপিনে, এচিএছ এ বেমথৈ চানু হ’ল তথাকথিত আৰটিআই কৰ্মী অ’ক্ৰাম প্ৰশান্ত সিঙৰ পত্নী। অথচ আৰটিআই কৰ্মীজনে পূৰ্বে এপিএছচিৰ কেলেংকাৰিক লৈ সৰৱ হৈ আহিছিল।

ৰাকেশ পালৰ আমোলত পত্নীয়ে নিযুক্তি লাভ কৰাৰ পাছতে তেওঁ নীৰৱ হয়। ইপিনে, এপিএছ জন দাস সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ ঘনিষ্ঠ। একেদৰে গীতাৰ্থ দেৱশৰ্মা অৱসৰপ্ৰাপ্ত অসম অসামৰিক সেৱাৰ বিষয়া তথা সততে বিতৰ্কৰ আৱৰ্তত থকা হিতেশ দেৱশৰ্মাৰ পুত্ৰ । এপিএছ লুইত তালুকদাৰ হ’ল বিজেপি নেত্রী চিকিমিকি তালুকদাৰৰ পুত্ৰ। প্ৰতিবেদনত এই বুলিও উল্লেখ কৰা হৈছে যে একেটা বৰ্ষতে ৰাকেশ পালৰ জৰিয়তে নিৰ্বাচিত হোৱা তিনিগৰাকী প্ৰাৰ্থী আছিল ভাৰ্গৱ মুনি দাসৰ উপৰি তেওঁৰ ভগ্নীদ্বয় লীনা দাস আৰু নিৰ্মালি দাস।

তেওঁৰ পিতৃ হ’ল নৰেশ্বৰ দাস। এপিএছচিৰ সহকাৰী পৰীক্ষা নিয়ন্ত্রক পবিত্র কৈৱৰ্তৰ ভাগিন হ’ল ভাৰ্গৱ মুনি দাস। আনহাতে, লীনা দাসক বিয়া কৰাইছে মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে। পবিত্ৰ কৈৱৰ্তৰ জৰিয়তেই তিনিওজনে নিযুক্তি পাবলৈ সক্ষম হোৱা বুলি প্ৰতিবেদনত গভীৰ সন্দেহ কৰা হৈছে। এপিএছ প্রতাপ দাসেও তথাকথিত আটিআই কর্মী অ’ক্ৰাম প্রশান্ত সিঙৰ জৰিয়তে নিযুক্তি পাবলৈ সক্ষম হৈছিল।আকৌ এপিএছ পদ্ম কুমাৰ পেগুৱেও প্ৰভাৱৰ জৰিয়তে নিযুক্তি লাভ কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APSC ScamAssam Assembly Budget SessionReport SubmitsRetd.Judge Bk sarma Commission
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d