Delhi New CM Oath-Taking:২৭ বছৰৰ পাছত দিল্লিত বিজেপিৰ শাসন , মোডীৰ উপস্থিতিত মুখ্যমন্ত্রী পদত শপত গ্ৰহণ ৰেখা গুপ্তাৰ

উপ-মুখ্যমন্ত্রী ৰূপে শপত লয় প্রাক্তন সাংসদ প্ৰৱেশ বাৰ্মাই, কেবিনেট মন্ত্ৰী ৰূপে লয় আন ৫ বিধায়ক, শপত গ্ৰহণত উপস্থিত প্ৰধানমন্ত্ৰী- গৃহমন্ত্ৰীসহ বহু ৰথী- মহাৰথীয়ে

dehi oath

Delhi New CM Oath-Taking:

২৭ বছৰৰ পাছত দিল্লীত বিজেপি চৰকাৰ | ৰাজধানীয়ে পালে নতুন মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বৃহস্পতিবাৰে ৰামলীলা ময়দানত দিল্লীৰ চতুৰ্থগৰাকী মহিলা  মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিজেপিৰ ৰেখা গুপ্তাই। তেওঁক শপত পাঠ কৰোৱালে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাই

উল্লেখ্য যে ,ৰেখাৰ স’তে  উপ-মুখ্যমন্ত্ৰী ৰূপে শপত লয় নতুন দিল্লী সমষ্টিত আপৰ মুৰব্বী অৰবিন্দ কেজৰিয়ালক পৰাভূত কৰা বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰৱেশ চাহিব সিং বাৰ্মাই ৷ একেদৰে  মন্ত্ৰী হিচাপে শপত লয় আন পাঁচজন বিধায়কে ৷ বিধায়ক কেইজন হ’ল আশীষ সুদ( জনকপুৰ সমষ্টি), মনজিন্দৰ সি’ চিৰচা(ৰাজৌৰী গাৰ্ডেন),ৰবীন্দৰ ইন্দ্ৰজিৎ সিং(ভাৱনা), কপিল মিশ্ৰা(কাৱাল লগৰ) আৰু পংকজ কুমাৰ সিং( বিকাশপুৰী) |

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে বিজেপি শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী,উপ-মুখ্যমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীলৈকে | লগতে দেশৰ কে’বাগৰাকী প্ৰখ্যাত উদ্যোগপতি,চিনেমা জগতৰ অভিনেতা- অভিনেত্ৰী সহ উপস্থিত থাকে ৩০ হেজাৰ লোক ৷

 

Exit mobile version