Donald Tramp:
সুসম্পর্ক থাকিল বুলিয়েই শুল্কৰ ক্ষেত্ৰত ৰেহাই নাপায় ! ভাৰত সম্পৰ্কত শেহতীয়াকৈ এই মন্তব্য কৰিছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। যোৱা সপ্তাহত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰি অহাৰ পাছতে তেওঁৰ ‘বন্ধু’ ট্রাম্পে ‘ফক্স নিউজ’ৰ স’তে হোৱা এক সাক্ষাৎকাৰত এই হুংকাৰ দিয়ে।
মার্কিন ৰাষ্ট্রপতিজনৰ অন্যতম উপদেষ্টা তথা উদ্যোগপতি এল’ন মাস্কৰ স’তে এই সাক্ষাৎকাৰত ভাগ লৈ ট্রাম্পে কয় যে ভাৰতৰ স’তে আমেৰিকা যুক্তৰাষ্ট্রই দ্বিপাক্ষিক সম্পর্ক অধিক উন্নত কৰিবলৈ বিচাৰে ৷ কিন্তু শুল্ক ৰেহাই বিনিময়ত সম্পর্ক উন্নত কৰা নহয় বুলিও মার্কিন ৰাষ্ট্রপতিজনে সাক্ষাৎকাৰ প্রসংগত স্পষ্টভাৱে উল্লেখ কৰে। স্বাভাৱিকতে ট্রাম্পৰ এই স্থিতিয়ে ব্যাপক চর্চা অর্জন কৰিছে। কাৰণ তেওঁ ভাৰতীয় সামগ্রীত শুল্ক বৃদ্ধি কৰিব বুলি ঘোষণা কৰাৰ পাছৰ পৰা দেশৰ শ্বেয়াৰ বজাৰত খহনীয়াই নিত্য-নৈমিত্তিক ৰূপ লৈছে।
উল্লেখ্য যে শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতলৈ আগবঢ়াই অহা ১৮২ কোটি টকাৰ সাহায্যও যোৱা ১৩ ফেব্ৰুৱাৰীত ট্রাম্প প্রশাসনে বন্ধ কৰে। উপদেষ্টা মাস্কৰ পৰামর্শমর্মেই ৰাষ্ট্রপতি ট্রাম্পে এই সংক্রান্তীয় নির্দেশ জাৰি কৰে বুলিও চর্চিত হৈ আছে। এনে অবস্থাতে শুল্কক লৈ ভাৰত সম্পৰ্কত কঠোৰ স্থিতি লোৱা বুলি ৰাষ্ট্রপতি ট্রাম্পে আকৌ স্পষ্ট কৰি দিছে। মোদীৰ স’তে তেওঁৰ অলপতে হোৱা আলোচনা সম্পর্কত ট্রাম্পে উক্ত সাক্ষাৎকাৰত কয়, ‘তেওঁ (মোদী) ইয়ালৈ আহিছিল। মই তেওঁক ক’লো যে আপুনি শুল্ক ধার্য কৰক বা নকৰক, মই কিন্তু কৰিমেই।’ অৱশ্যে কেৱল ভাৰতীয় সামগ্ৰীৰ ওপৰতে নহয়, সকলো দেশৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিব বুলিও ট্রাম্পে মন্তব্য কৰে। লক্ষ্যণীয় যে মোদীৰ শেহতীয়া মার্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত দেশখনৰ স’তে ভাৰতৰ এক ৫০ হেজাৰ কোটি ডলাৰৰ বাণিজ্যিক চুক্তি স্বাক্ষৰ হয়।
তৎসত্ত্বেও ‘ফক্স নিউজ’ৰ স’তে হোৱা উক্ত সাক্ষাৎকাৰত ট্রাম্পে কয়, ‘প্রতিদ্বন্দ্বী দেশৰ কথাতো বাদেই সহযোগী দেশৰ ওপৰতো আমদানি শুল্ক বৃদ্ধিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।’ বিশেষজ্ঞসকলৰ মতে, ট্রাম্পে ইতিমধ্যে ঘোষণা কৰা সমানুপাতিক শুল্কই ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যক লৈ সংশয়ৰ সৃষ্টি হৈছে। অৱশ্যে একাংশ বিশেষজ্ঞৰ মতে, ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত মার্কিন প্রশাসনে কি হাৰত আৰোপ কৰিছে সেয়া আগন্তুক ২০২৫-২৬ বিত্তীয় বর্ষ আৰম্ভ হ’ব লগা অহা এপ্রিলতহে স্পষ্ট হ’ব।
আনহাতে, সূত্ৰৰ মতে, ইতিমধ্যে পোছাক-পাতি, জোতাসহ ভাৰতত উৎপাদিত বিভিন্ন সামগ্রীত ট্রাম্প প্রশাসনে শুল্ক ১৫ শতাংশৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধি কৰিছে। ইয়াৰ বিপৰীতে ভাৰতে আমেৰিকাৰ পৰা আমদানিকৃত সামগ্ৰীসমূহৰ বৃহৎ অংশৰ ওপৰত আমদানি শুল্ক পাঁচ শতাংশ বৃদ্ধি কৰিছে। অৱশ্যে মোদীৰ শেহতীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্রমণৰ প্ৰাকমুহূৰ্তত ট্রাম্প প্রশাসনে এলুমিনিয়াম আৰু ইস্পাতজাত সামগ্রীৰ আমদানি শুল্ক বৃদ্ধি কৰে।
# ট্রাম্পৰ সমানুপাতিক শুল্ক আৰোপে বছৰি ভাৰতৰ ছয় লাখ কোটি ক্ষতি কৰিব !
শুল্ক বৃদ্ধিক লৈ ট্রাম্পে গ্রহণ কৰা কঠোৰ স্থিতিয়ে ভাৰতকে ধৰি বিশ্বৰ কেতবোৰ দেশৰ বৃহৎ আর্থিক ক্ষতি কৰাৰ আশংকা প্রকট হৈছে। এটা মার্কিন বাণিজ্যিক সংস্থাৰ প্রতিবেদন মতে, ট্রাম্পে অলপতে আৰোপ কৰা সমানুপাতিক শুল্কৰ ফলত বছৰি ভাৰতৰ সাতশ কোটি ডলাৰ অর্থাৎ কমেও ছয় লাখ কোটি টকাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্রত আটাইতকৈ ক্ষতিগ্রস্ত হ’ব পাৰে গাড়ী উদ্যোগ আৰু কৃষি ক্ষেত্র।
দেশৰ এই সম্ভাব্য বৃহৎ আর্থিক ক্ষতি সম্পর্কত সদ্যসমাপ্ত ভ্রমণৰ সময়ত মোদীয়ে কোনো আপত্তি দর্শায় নেকি বুলি ৰাষ্ট্রপতি ট্রাম্পক উক্ত সাক্ষাৎকাৰত সোধা হয়। এই প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়, ‘মোৰ লগত কোনেও তর্ক কৰিব নোৱাৰে। মই যদি ২৫ শতাংশ শুল্ক আৰোপৰ কথা ক’লোহেঁতেন তেওঁ সেয়া ভয়াৱহ বুলি ক’লেহেঁতেন। গতিকে মই মাথোঁ ক’লো আপুনি যিমান শুল্ক ধাৰ্য কৰিব, ময়ো সিমানেই শুল্ক ধার্য কৰিম।’ অৱশ্যে প্রথম ৰাষ্ট্রপতি কার্যকালৰ সময়তো ট্রাম্প শুল্কক লৈ ভাৰতৰ স’তে সংঘাতত লিপ্ত হৈছিল। প্ৰথমবাৰ ৰাষ্ট্ৰপতি কার্যকালত তেওঁ সততে ভাৰতক ‘শুল্কৰ ৰজা’ আখ্যা দিছিল।






























