HKU5-CoV-2:
পুনৰ ক’ভিডৰ আতংক ! চীনত বাদুলিত পোৱা গৈছে নতুন কৰ’না ভাইৰাছ । এই ভাইৰাছৰ সন্ধানে এতিয়া উদ্বেগ বৃদ্ধি কৰিছে। তথ্য অনুসৰি ,এই নতুন ভাইৰাছৰ নাম HKU5-CoV-2। উল্লেখ্য যে,প্ৰাৰম্ভিক পৰীক্ষাত স্পষ্ট হৈ পৰিছে যে এই ভাইৰাছ মানৱ শৰীৰতো সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে। কাৰণ ইহঁতৰ কোষ-পৃষ্ঠৰ প্ৰটিনৰ গঠন SARS-Cov-2 ৰ স’তে হুবহু একে!
এই গৱেষণা পত্ৰখন ‘কোষ’ নামৰ এখন বৈজ্ঞানিক আলোচনীত প্ৰকাশ পাইছে। ‘বেট উইমেন’ নামেৰে পৰিচিত ভাইৰ’লজিষ্ট শি ঝেংলিৰ নেতৃত্বত গৱেষক দল এটাই এই অধ্যয়ন চলাইছিল। আৰু তাৰ পাছত গুৱাংঝুৰ এটা পৰীক্ষাগাৰত আৱিষ্কাৰ হ’ল নতুন ক’ৰনা ভাইৰাছ।
এই ভাইৰাছে সঁচাকৈয়ে মানৱ শৰীৰত সংক্ৰমণ কৰিব পাৰেনে? বিজ্ঞানীসকলে কয় যে সম্ভাৱনা প্ৰবল। কাৰণ ইয়াৰ গঠন সমগ্ৰ কৰ’না ভাইৰাছৰ স’তে আচৰিত ধৰণে মিল আছে। অৱশ্যে এই কথা নিশ্চিত কৰিবলৈ অধিক পৰীক্ষাৰ প্ৰয়োজন। এই প্ৰেক্ষাপটত ক’ব পাৰি যে সমগ্ৰ অসংখ্য ক’ৰনা ভাইৰাছ আছে। যাৰ ভিতৰত কিছুমানৰহে মানৱ শৰীৰত সংক্ৰমিত কৰাৰ ক্ষমতা আছে।
২০১৯ চনৰ শেষৰ ফালে চীনৰ পৰা সমগ্ৰ বিশ্বলৈ মাৰাত্মক কৰ’না ভাইৰাছ বিয়পি পৰে। যাৰ বাবে ৭০ লাখৰো অধিক লোকৰ মৃত্যু হয়। অতিমাৰীৰ সেই ভয়াবহ দিনবোৰ যাতে পুনৰ ঘূৰি নাহে সেয়া সমগ্ৰ বিশ্বই প্ৰাৰ্থনা কৰে । এই পৰিস্থিতিত শংকা বৃদ্ধি কৰিছে এই নতুন ধৰণৰ ক’ৰনা ভাইৰাছে ।