Supreme Court:
গো- মাংস সৰবৰাহৰ গোচৰৰ এজন অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰৰ শুনানিত শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক কঠোৰ সমালোচনা কবে। ন্যায়াধীশ এ এছ অ’কা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ যুটীয়া বিচাৰপীঠে অভিযুক্তৰ বিৰুদ্ধে ফৌজদাৰী প্রক্রিয়াত স্থগিতাদেশ জাৰি কৰি বিষয়টোৰ পুনৰ শুনানিৰ বাবে অহা ১৬ এপ্রিলত দিন ধার্য কৰে।
মাংসৰ নমুনা পৰীক্ষণৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা বুলি অসম চৰকাৰৰ অধিবক্তাই আদালতক অৱগত কৰাৰ পাছত যুটীয়া বিচাৰপীঠে কয়, ‘এই মানুহবিলাকৰ পাছত দৌৰি ফুৰাতকৈ ৰাজ্যৰ অধিক ভাল কাম কৰিবলৈ থকা উচিত।’ অধিবক্তাই আদালতক কয় যে সৰবৰাহৰ ঘটনা ধৰা পেলোৱাৰ পাছত চালকজনে গাড়ীৰ ভিতৰত কি সামগ্রী আছিল এই সম্পৰ্কে প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল।
অধিবক্তাজনে কয়, ‘ইয়াৰ পাছতে মাংসখিনি ফৰেনচিক বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰা হয়।’ আদালতে কয় যে বিশেষজ্ঞৰ জ্ঞান নথকা এজন সাধাৰণ মানুহে কেৱল চকুৰে চায়েই বিভিন্ন ধৰণৰ পেকেজড কেঁচা মাংসৰ কোনটো পেকেট কোনবিধ জন্তুৰ সেই পার্থক্য নির্ণয় কৰাটো সম্ভৱ নহয়। আদালতে কয়, ‘এজন সাধাৰণ মানুহে কিদৰে জানিব যে তাত গো-মাংস আছে নে বেলেগ মাংস আছে।’ কঢ়িয়াই অনা মানুহজনে কি জন্তুৰ মাংস সেয়া কিদৰে চিনাক্ত কৰিব। খালী চকুৰে এই পার্থক্য নির্ধাৰণ কৰাটো সম্ভৱ নহয়।
ইপিনে, অভিযুক্তৰ অধিবক্তাই আদালতত জনায় যে তেওঁৰ মক্কেল হৈছে পণ্যাগাৰৰ স্বত্বাধিকাৰী আৰু তেওঁ কেৱল পেকেজড কেঁচা মাংস সৰবৰাহ কৰিছিল।’ অসম গো-ধন সংৰক্ষণ আইনৰ ধাৰা আঠৰ উদ্ধৃতি দি বিচাৰপীঠে কয় যে এই ব্যৱস্থাৱলী তেতিয়াহে প্রযোজ্য হ’ব যেতিয়া বিক্ৰী কৰা মাংস গো-মাংস বুলি অভিযুক্ত জ্ঞাত হয়। আদালতে কয়, ‘ধাৰা আঠত পেকড (পেকেটত বান্ধি থোৱা) সামগ্ৰীৰ কথা কোৱা হৈছে, তেওঁ (অভিযুক্ত) সামগ্রীখিনি বন্ধা নাছিল। তাত পণ্যাগাৰ আছে, কিন্তু যিখিনি সামগ্রী তাত আছিল, তাৰ তেওঁ প্রস্তুতকর্তা নহয়। তেওঁ সেইখিনি পেক কৰা নাছিল।
এই ধাৰা অনুসৰি মানুহজনে জানিব লাগিব যে তেওঁ গো-মাংস বিক্ৰী কৰি আছে।’ অর্থাৎ আদালতে কয় যে অভিযুক্তই যদি নাজানে যে তেওঁ গো-মাংস বিক্ৰী কৰিছে তেন্তে তেওঁ আইনখনৰ অধীনত দোষী সাব্যস্ত নহয়। ধাৰা আঠ মতে, কোনোবাই যদি পূর্বতে বান্ধি ৰখা সামগ্রী বিক্ৰী কৰে তেন্তে তেওঁ এই আইন মতে দণ্ডনীয় নহয়। অসম চৰকাৰৰ অধিবক্তাই কয় যে অভিযুক্তই গো-মাংস বিক্ৰী কৰি আছিল। পূর্বতে পেক কৰি ৰখা সামগ্রী কঢ়িওৱা নাছিল। পেকেটৰ ভিতৰত থকা মাংসখিনি কেঁচা মাংস আছিল। ৰাজ্য চৰকাৰৰ অধিবক্তাই যুক্তি দর্শায় যে অভিযুক্তই পেকেজিং আৰু বিক্রী এই দুয়োটা কামত জড়িত আছিল।
বিচাৰপীঠে কয় যে বিষয়টোৰ অধিক শুনানিৰ প্ৰয়োজন আছে আৰু ১৬ এপ্ৰিলত পৰৱৰ্তী দিন ধার্য কৰে। আদালতে কয় যে প্রাথমিক তথ্যই অভিযুক্তক অসম গো-ধন সংৰক্ষণ আইনৰ ধাৰা আঠৰ অধীনত দোষী সাব্যস্ত নকৰে। আদালতে কয়, ‘এই আবেদনৰ চূড়ান্ত শুনানিৰ প্ৰয়োজন আছে আৰু সেয়েহে ১৬ এপ্রিলত শুনানিৰ বাবে ইয়াৰ তালিকাভুক্ত কৰা হ’ল। পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত অন্তর্বর্তীকালীন সকাহ অব্যাহত থাকিব। অন্তৱর্তীকালীন সকাহ মঞ্জুৰ কৰাৰ পৰিপ্ৰেক্ষিতত আমি নির্দেশ দিওঁ যে এজাহাৰৰ ভিত্তিত ৰুজু কৰা গোচৰ পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত আগবাঢ়িব নালাগে।’
বোম্বে উচ্চ ন্যায়ালয়ৰ এটা গোচৰৰ প্ৰসংগ উত্থাপন কৰি বিচাৰপীঠে কয় যে উদাহৰণ স্বৰূপে ধৰি লওক আপোনাৰ হাতত কোনোবাই মাংস তুলি দিলে। তেতিয়া আপুনি জানিব নেকি যে এই মাংস কোন জন্তুৰ। আদালতে কয় যে পেকেটৰ ভিতৰত থকা মাংস কি আছিল এই বিষয়ে যে অভিযুক্ত জ্ঞাত সেয়া প্রতিষ্ঠা কৰিব লাগিব। ৰাজ্য চৰকাৰৰ অধিবক্তাই কয়, ‘বিষয়টো সন্দেহ কৰা হৈছিল।’
তেতিয়া পুনৰ বিচাৰপীঠে প্ৰশ্ন কৰে, ‘নহয়, আমি আপোনাক সুধিছো যে সামগ্রীখিনি যাৰ হাতত আছিল, তেওঁ কিদৰে কোন জন্তুৰ মাংস সেয়া চিনাক্ত কৰিব।’ তেতিয়া ৰাজ্য চৰকাৰৰ অধিবক্তাই কয়, ‘এই সৰবৰাহ নাকা তালাচীত ধৰা পেলোৱা হৈছিল। প্ৰকৃত সামগ্ৰীৰ বিষয়ে চালকে প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল। সেয়েহে ইয়াক ফৰেনচিক লেবলৈ প্ৰেৰণ কৰা হয়।’ ন্যায়াধীশ অ’কাই কয়, ‘তাকে আমি কৈছো! সাধাৰণ মানুহে কিদৰে বুজি পাব।’ তেতিয়া ন্যায়াধীশ উজ্জ্বল ভূঞাই কয়, ‘খালেহে বুজিব পাৰিব পাৰি যে সেয়া পুডিং নে কি?’