Advantage Assam In Chirang:এডভান্টেজ আছাম, চিৰাঙতো ৯ বিনিয়োগকাৰীৰে চুক্তি স্বাক্ষৰ জিলা আয়ুক্তৰ

chirang

 Advantage Assam In Chirang:

দেশৰ প্ৰধানমন্ত্ৰীয়ে আজি এডভান্টেজ আছাম ২.০ ৰ আনুষ্ঠানিক উদ্বোধন লাইভ চিৰাং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত প্ৰত্যক্ষ কৰাৰ লগতে জিলাখনত এডভান্টেজ আছামৰ আধিনত মুঠ ন গৰাকি বিভিন্ন ক্ষেত্ৰৰ বিনোয়কাৰীৰ সৈতে চিৰাং জিলা আয়ুক্তই চুক্তি স্বাক্ষৰিত কৰে । এডভান্টেজ আছামৰ জড়িয়তে চিৰাং জিলাতো উন্নয়ণ হ’ব বুলি জিলা আয়ুক্ত যতীন বৰাই মত পোষন কৰে ।

আয়ুক্ত জনে কয় এই সকল বিনিয়োগকাৰীয়ে নিজৰ ব্যৱসায় বৃদ্ধিৰ ক্ষেত্ৰত স্থানীয় লোকক নিয়োগ কৰিব আৰু তাৰ পৰাই স্থানীয় লোক সকলে নিয়োগ লাভ কৰিব । এইসকল ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় প্ৰসাৰৰ লগতে আন বিনিয়োগ কাৰী সকলেও চিৰাং জিলাত নিজৰ ব্যৱসায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব বুলিও আশা প্ৰকাশ কৰে । আজিৰ অনুষ্ঠানত জিলা খনৰ বিভিন্ন ক্ষেত্ৰৰ বহু কেইগৰাকি লোকৰ লগতে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰৱন্ধটো,জিলা প্ৰশাসনৰ কেবাজনো বিষয়া উপস্থিত থাকে ।

Exit mobile version