Sivsagar:
শিৱসাগৰ জিলাৰ নামতি আলি আয়ুষ্মান আৰোগ্য মন্দিৰ সম্প্রতি বাৰেকুৰি সমস্যাৰে জর্জৰিত হৈ পৰিছে। আৰোগ্য মন্দিৰত তিনিজনকৈ চিকিৎসক নিযুক্ত থাকিব লাগে যদিও মাত্র এজন চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াই থাকিব লগা হোৱাত ৰাইজৰ চিকিৎসা সেৱাত অসুবিধাৰ সৃষ্টি হৈছে। প্রায় ৫০খন গাঁৱৰ ৰাইজে এই আৰোগ্য মন্দিৰত চিকিৎসা সেৱাৰ বাবে আহে। চিকিৎসকৰ অভাৱতেই বহু ৰোগী উভতি যাব লগা হয়।
যিহেতু এজন চিকিৎসকে দৈনিক শতাধিক ৰোগীৰ চিকিৎসা কৰাটো মুঠেই সম্ভৱ নহয়। আনফালে, আয়ুষ্মান মন্দিৰত কৰ্মৰত চিকিৎসক আৰু নাৰ্ছৰ আবাস গৃহৰ অৱস্থা অতি জৰাজীর্ণ। ইয়াৰ ফলত চিকিৎসা কর্মীসকল নিজ নিজ স্থানৰ পৰা অহাত পলম হৈ পৰে। আয়ুষ্মান মন্দিৰৰ এই বাৰেকুৰি সমস্যাৰ সমাধান বিচাৰি নামতি আঞ্চলিক উন্নয়ন সমিতিয়ে জিলা আযুক্ত আৰু যুটীয়া সঞ্চালকক স্মাৰকপত্র দাখিল কৰিছিল যদিও আজি পর্যন্ত কাণসাৰ দিয়া নাই বিভাগীয় কর্তৃপক্ষই। এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিলে নামতি আঞ্চলিক উন্নয়ন সমিতিৰ বিষয়ববীয়াই।
লগতে নামতি আলি আয়ুষ্মান আৰোগ্য মন্দিৰৰ জন্ম মৃত্যু পঞ্জীয়ন কক্ষটো গেলেকিলে স্থানান্তৰিত কৰাক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰিছে। নামতি আঞ্চলিক উন্নয়ন সমিতিয়ে লগতে জন্ম মৃত্যু পঞ্জীয়ন কক্ষটো পুনৰ স্থাপন কৰিলে ৰাইজ উপকৃত হ’ব বুলি উন্নয়ন সমিতিৰ সভাপতি নাথুৰাম দত্তই মন্তব্য দিয়ে।