Minister of State for Foreign Affairs Pabitra Margherita to visit the Bahamas, Barbados and Nicaragua:
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ চৰকাৰী কাৰ্যসূচী লৈ উৰুগুৱে, বাহামাছ, বাৰ্বাড’ছ আৰু নিকাৰাগুৱা ভ্ৰমণ কৰিব। মন্ত্ৰীগৰাকীয়ে ১ মাৰ্চত উৰুগুৱেৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি য়ামাণ্ডু ওৰ্চিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব। যোৱা বছৰৰ নৱেম্বৰত গায়ানাত অনুষ্ঠিত ২য় ভাৰত-কাৰিকম শীৰ্ষ সন্মিলনৰ সময়ছোৱাত ভাৰত আৰু বাহামাছৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা আলোচনাৰ পৰৱৰ্তী পদক্ষেপ হ’ব মন্ত্ৰী গৰাকীৰ এই বাহামাছ ভ্ৰমণ।
বাৰ্বাড’ছত মন্ত্ৰীগৰাকীয়ে ২০২৪ চনৰ নৱেম্বৰত সফলতাৰে অনুষ্ঠিত ভাৰত-কাৰিকম শীৰ্ষ সন্মিলন আৰু তাৰ ঠিক পিছতে অনুষ্ঠিত দুয়ো দেশৰ প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পিছৰ দ্বিপাক্ষিক সম্পৰ্কক পৰ্যালোচনা কৰাৰ উপৰিও সেই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ঘোষণা কৰা ‘Honorary Order of Freedom of Barbados’ শীৰ্ষক সন্মানজনক বঁটাটি প্ৰধানমন্ত্ৰীৰ হৈ গ্ৰহণ কৰিব। ভ্ৰমণসূচীৰ অন্তিম পৰ্বত মন্ত্ৰীগৰাকীয়ে নিকাৰাগুৱা ভ্ৰমণ কৰিব য’ত তেওঁ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণেই হ’ব নিকাৰাগুৱালৈ প্ৰথমগৰাকী ভাৰতীয় বিদেশ মন্ত্ৰীৰ ভ্ৰমণ।
উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ এই চাৰি ৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত, তেওঁ বিভিন্ন দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বৈঠকত ভাগ লোৱাৰ উপৰি দেশসমূহৰ শীৰ্ষ ৰাজনৈতিক, ব্যৱসায়িক তথা ঔদ্যোগিক নেতৃত্ব আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে দ্বিপাক্ষিক উন্নয়ন অংশীদাৰী প্রকল্পসমূহো পৰিদৰ্শন কৰিব।
মন্ত্ৰীগৰাকীয়ে যাত্ৰাপথত ২৭ ফেব্ৰুৱাৰীত ব্ৰাজিলৰ ছাও পাওলোত ক্ষন্তেকৰ বাবে জিৰণি লোৱাৰ সময়ত এক ব্যৱসায়িক গোষ্ঠীসমূহৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। মন্ত্ৰী গৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু সংশ্লিষ্ট দেশসমূহৰ মাজৰ উষ্ম, বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে সহযোগিতাৰ নতুন ক্ষেত্ৰৰ দুৱাৰ মুকলি হ’ব বুলি আশা কৰা হৈছে।