এডভান্টেজ অসম ২.০ৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েলৰ
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিৱেশৰ ভাৰসাম্যতা সুনিশ্চিত কৰাৰ সমান্তৰালভাৱে পৰ্যটনৰ বিকাশৰ লক্ষ্যৰে বিভিন্ন আন্তঃগাঁথনি প্ৰকল্পৰ বিষয়ত আলোকপাত কৰে। তেওঁ বহনক্ষম, উচ্চ মূল্যৰ পৰ্যটনৰ গুৰুত্বৰ বিষয়তো আলোকপাত কৰে, যিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগত আপোচ নকৰাকৈয়ে অসমৰ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগাব পাৰে। শেহতীয়াকৈ গুৱাহাটীত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰা “ঝুমইৰ” ৰ পদক্ষেপৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ চাহ উদ্যোগৰ অৱদানৰ কথা বিশেষভাবে স্বীকাৰ কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰযুক্তি খণ্ডত অসমৰ ক্ৰমবৰ্ধমান ভূমিকাকো স্বীকৃতি দিয়ে। টাটাৰ অৰ্ধপৰিবাহী উদ্যোগ আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ এআই উদ্যোগৰ দৰে উল্লেখযোগ্য উন্নয়নে অঞ্চলটোৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলোৱাৰ কথা তেওঁ উল্লেখ কৰে। শ্ৰী গোৱেলে অসমৰ ভৱিষ্যত উন্নয়নক উৰ্ধগামী কৰাত ৩টা টিৰ (ট্ৰেড, টেকনলজি, টুৰিজম) আৰু ৩টা আইৰ (ইণ্ডাষ্ট্ৰী, ইনফ্ৰাষ্ট্ৰাকছাৰ, ইনভেষ্টমেণ্ট )ৰ ভূমিকাৰ গুৰুত্ব বিষয়েও আলোকপাত কৰে।
ৰাজ্যখনৰ ক্ৰমবৰ্ধমান শিক্ষা খণ্ডক সম্বোধন কৰি শ্ৰী গোৱেলে ১৮খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন আৰু বিশ্ববিদ্যালয়সমূহত বিদেশী ভাষাৰ কাৰ্যসূচী প্ৰৱৰ্তনৰ বিষয়ত গুৰুত্ব আৰোপ কৰে, যাতে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলক বিশ্বব্যাপী সুযোগৰ বাবে সাজু কৰি তুলিব পৰা যায়। তেওঁ উদ্ভাৱন আৰু গৱেষণা তথা উন্নয়নৰ পোষকতাৰে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে। এনে পদক্ষেপসমূহে প্ৰধানমন্ত্ৰী মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ অংশ হিচাপে অসমক উপকৃত কৰিব বুলি তেওঁ আশ্বাস দিয়ে।
ভাষণৰ সামৰণিত শ্ৰী গোৱেলে এই বুলি বিশ্বাস ব্যক্ত কৰে যে চহকী সম্পদ, শক্তিশালী নেতৃত্ব, উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰে অসম এখন “নিৰ্ভৰযোগ্য আৰু প্ৰগতিশীল” ৰাজ্য হৈ উঠিব । তেওঁ এডভান্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনক সফল কৰি তোলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী, আয়োজক আৰু সকলো অংশীদাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমৰ অবিৰত বৃদ্ধি আৰু সমৃদ্ধিৰ প্ৰতি ভাৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ দূৰদৰ্শী নেতৃত্বৰ বাবে “সোণৰ হৃদয়ৰ মানুহ” বুলি অভিহিত কৰি তেওঁ প্ৰশংসা কৰে। তেওঁ অসমৰ জনসাধাৰণৰ কল্যাণৰ বাবে নিষ্ঠা আৰু অদম্য প্ৰচেষ্টাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে যিটো প্ৰধানমন্ত্ৰী মোদীৰ দেশৰ প্ৰগতিৰ দৃষ্টিভংগীৰ সৈতে নিখুঁতভাৱে ৰজিতা খাই আহিছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ বিনিয়োগ অনুকূল পৰিৱেশ তন্ত্ৰ আৰু উদ্যোগী মনোভাৱৰ মনোভাৱক ধৰি ৰখা “অসমৰ বিনিয়োগ বৃদ্ধিৰ কাহিনী উদযাপন” শীৰ্ষক শীৰ্ষ সন্মিলনৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে।
অনুষ্ঠানত প্ৰদান কৰা মুখ্য ভাষণত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰ্থনৈতিক বিকাশৰ বাবে ৰাজ্যখনৰ কৌশলগত দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। এক সজীৱ ব্যৱসায়িক পৰিৱেশ গঢ়ি তোলা আৰু বহনক্ষম বিনিয়োগ আকৰ্ষণ কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ অসমক অঞ্চলটোৰ এক প্ৰধান অৰ্থনৈতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা মূল পদক্ষেপসমূহৰ বিষয়ত আলোকপাত কৰে।
এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ সময়ত এছিয়ান ডেভেলপমেণ্ট বেংক, বিশ্ব বেংক, নিউ ডেভেলপমেণ্ট বেংক, ইণ্টাৰনেশ্যনেল ফাইনেন্স কৰ্পৰেশ্যন, এন আৰ এল, টাটা ইলেক্ট্ৰনিকছ, ফিচিচি, পেপচিকো ইণ্ডিয়া আৰু দক্ষিণ এছিয়া তথা চেঞ্চুৰী প্লাইকে ধৰি বিভিন্ন বিশিষ্ট প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা মুৰব্বীসকলে অসমত বিনিয়োগৰ ক্ষেত্ৰত নিজৰ দৃঢ় দায়বদ্ধতা প্ৰকাশ কৰে। তেওঁলোকৰ অন্তৰ্দৃষ্টিসম্পন্ন ভাষণত ৰাজ্যখনৰ সম্ভাৱনা আৰু অসমৰ অৰ্থনৈতিক বিকাশ তথা উন্নয়নৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আস্থা প্ৰতিফলিত হয়।
সামৰণি অনুষ্ঠানত মুখ্য নীতি নিৰ্ধাৰক, উদ্যোগৰ নেতা আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি অসমৰ অৰ্থনৈতিক পৰিৱেশ তন্ত্ৰৰ বাবে পৰিৱৰ্তনশীল কৌশলৰ বিষয়ে আলোচনা কৰা হয়। এনে আলোচনাই ৰাজ্যখনে এক বৃহৎ বাণিজ্য আৰু বিনিয়োগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ যাত্ৰাক আৰু অধিক বৰ্ণিল কৰি তোলে।