Delhi Pollution:
দিল্লীৰ আটাইতকৈ ডাঙৰ চিন্তাৰ কাৰণ হৈছে প্ৰদূষণ। শীতকালৰ আগতে, প্ৰদূষণৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। সেই প্ৰদূষণ ৰোধৰ বাবে দিল্লী চৰকাৰে বিগত সময়ত কেবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু ৰাজধানীত প্ৰদূষণৰ ছবিখন কোনো ধৰণে সলনি হোৱা নাই। অৰবিন্দ কেজৰিৱালেও প্ৰদূষণ নিয়ন্ত্ৰণ ক্ষেত্ৰত দিল্লীত যান-বাহন নিয়ন্ত্ৰণ কৰিছিল।
এইবাৰ দিল্লীৰ নতুন বিজেপি চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কিছু পদক্ষেপ লৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল ১৫ বছৰীয়া বাহন বাতিল কৰা! কেৱল সেয়াই নহয়, দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই ঘোষণা কৰে যে যদি কোনো বাহন ১৫ বছৰ বা তাতকৈ অধিক পুৰণি হয় তেন্তে ইন্ধন (পেট্ৰ’ল আৰু ডিজেল) দিয়া নহ’ব। ৰাজধানীত বায়ু প্ৰদূষণৰ মোকাবিলা কৰিবলৈ কি কৰিব লাগিব সেই বিষয়ে আলোচনা কৰিবলৈ মঞ্জিন্দৰে শনিবাৰে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে।
সেই বৈঠকত কেবাটাও পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয় বুলি পৰিৱেশ মন্ত্ৰী গৰাকীয়ে জনিবলৈ দিয়ে।পুৰণি বাহনৰ ওপৰত নিষেধাজ্ঞা, বৈদ্যুতিক বাহনৰ ব্যৱহাৰত গুৰুত্ব দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। মন্ত্ৰী গৰাকীয়ে কয়, ‘আমি ৰাজধানীত পেট্ৰ’ল পাম্পক গাইডলাইন দিছো। ১৫ বছৰ পুৰণি বাহন চিনাক্ত কৰিব। মনজিন্দৰে লগতে কয় যে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ক এই সন্দৰ্ভত অৱগত কৰা হ’ব।
“আমি ৰাজধানীত পেট্ৰ’ল পাম্পসমূহক নিৰ্দেশনা জাৰি কৰি আছো। তেওঁলোকে ১৫ বছৰ পুৰণি বাহন চিনাক্ত কৰি সেই বাহনসমূহলৈ ইন্ধন যোগান বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। মনজিন্দৰে লগতে কয় যে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ক এই সন্দৰ্ভত অৱগত কৰা হ’ব। এক এপ্ৰিলৰ পৰা দিল্লীত কাৰ্যকৰী হ’ব এই নতুন নীতি।
পুৰণি বাহনসমূহলৈ ইন্ধনৰ যোগান সীমিত কৰাৰ উপৰিও, পৰিৱেশ মন্ত্ৰীয়ে কয় যে দিল্লীৰ সকলো অট্টালিকা, হোটেল আৰু বাণিজ্যিক কমপ্লেক্সত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ ৰখাৰ বাবে ‘এণ্টি-স্মগ গান’ থাকিব লাগে। মনজিন্দৰে লগতে কয় যে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত দিল্লীৰ প্ৰায় ৯০ শতাংশ চৰকাৰী চিএনজি বাছ পৰ্যায়ক্ৰমে বন্ধ কৰি দিয়া হ’ব। ইলেক্ট্ৰিক বাছৰ সংখ্যা বৃদ্ধি কৰা হ’ব।