MLA Akhil Gogoi:ঝুমইৰ বিনন্দিনীত ভাগ লোৱাৰ বাবে ৬,০০০ পৰীক্ষার্থীয়ে নিদিলে মেট্ৰিক পৰীক্ষা

'দৈনিক অগ্ৰদূত'ত প্ৰকাশিত বাতৰিক লৈ মুখ্যমন্ত্ৰীৰ বিবৃতি দাবী অখিল গগৈৰ, ঝুমইৰ বিনন্দিনীৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা পৰীক্ষাৰ্থীৰ বাবেHSLC পৰীক্ষা অনুষ্ঠিতৰো দাবী বিধায়ক গগৈৰ

agradoot news

MLA Akhil Gogoi:

সদ্য সমাপ্ত ঝুমইৰ বিনন্দিনীত ভাগ লোৱাৰ বাবে ৬,০০০ পৰীক্ষার্থীয়ে পৰীক্ষা নিদিলে মেট্ৰিক পৰীক্ষা ৷ এই সম্পৰ্কীয় বাতৰি আজিৰ সংসাৰ ‘দৈনিক অগ্ৰদূত’বিস্তাৰিত প্ৰকাশ পায়।

৯ দিনৰ অন্তত আজিৰে পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ বাজেট অধিৱেশন ৷ প্ৰশ্নোত্তৰ শিতানৰে আৰম্ভ হোৱা সদনৰ কাৰ্যক্ষমনিকাত অংশ লোৱাৰ বাবে সদনলৈ গৈ থকাৰ সময়ত বিধান সভা চৌহদত হাতত ‘দৈনিক অগ্ৰদূত’ কাকতৰ আজিৰ সংখ্যা কপিটো হাতত লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ ৷

বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, ঝুমইৰ বিনন্দিনীত ভাগ লোৱাৰ বাবে ৬,০০০ পৰীক্ষার্থীয়ে পৰীক্ষা নিদিলে মেট্ৰিক পৰীক্ষা ৷ এইয়া অতি দুৰ্ভাগ্যজনক কথা ৷ চাহ জনগোষ্ঠীৰ ঝুমইৰক বিশ্বৰ আগত দাঙি ধৰাৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপক আমি আদৰণি জনাইছো ৷ কিন্ত উচ্চতৰ মাধ্যমিক আৰু মেট্ৰিক পৰীক্ষাৰ সময়ত এই অনুষ্ঠান আয়োজন কৰাৰ ফলত ছয় সহস্ৰাধিক পৰীক্ষার্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰি তেওঁলোকৰ ক্ষতি হ’ল এটা অমূল্যবৰ্ষ ৷ ইয়াৰ বাবে দায়ী কোন ৷ চৰকাৰ নহয় নে ! এই সমস্ত বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এটা ৰাজহুৱা বিবৃতি দিব লাগে ৷

শিৱসাগৰ বিধায়ক গৰাকীয়ে এই গুৰুতৰ বিষয়টোৰ সন্দৰ্ভত আছু,যুৱ ছাত্ৰ- পৰিষদ,আটছা,আছা , মুক্তি ছাত্ৰ পৰিষদ সহ বাঁওপন্থী ছাত্ৰ সন্থাক তদন্ত দাবী কৰিবলৈ আহ্বান জনায় ৷ গগৈয়ে আৰু কয়, চাহ জনগোষ্ঠীৰ ভোটৰ আশাত ঝুমইৰ বিনন্দিনীক আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ঢাল হিচাপে বাচি লয় বিজেপিয়ে ৷

একেদৰে ঝুমইৰ বিনন্দীত অংশ লোৱাৰ বাবে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰা পৰীক্ষাৰ্থীৰ বাবে সুকীয়াকৈ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰো চৰকাৰৰ ওচৰত দাবী কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে |

Exit mobile version