UP woman:
নিজৰ জীৱনতকৈও প্ৰিয় আছিল পোহনীয়া জন্তু । সৰুৰ পৰাই নিজৰ শিশুৰ দৰেই মৰম চেনেহ কৰি ডাঙৰ কৰিছিল এটা মেকুৰী। এনে এক প্ৰিয় পোহনীয়া জন্তুৰ মৃত্যুত ভাঙি পৰিছিল এগৰাকী অকলশৰীয়া যুৱতী । দুদিন ধৰি মৃত মেকুৰীৰ শৰীৰটো ঘৰত থোৱাৰ পাছতে তৃতীয়টো দিনত নিজেও আত্মহত্যাৰ পথ বাচি লয় যুৱতীগৰাকীয়ে।
ঘটনাটো উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ হাছানপুৰত সংঘটিত হয়।পূজা নামৰ মহিলাগৰাকীয়ে আঠ বছৰ আগতে দিল্লীৰ এজন পুৰুষৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল। পাছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তেতিয়াৰ পৰা ৩২ বছৰীয়া পূজাই তেওঁৰ মাতৃৰ স’তে হাছানপুৰত আছিল। নিজৰ নিসংগতা দূৰ কৰিবলৈয়ে পূজাই এটা মেকুৰী পুহিছিল । তেতিয়াৰ পৰাই পূজাৰ পৃথিৱীখন সেই পোহনীয়া জন্তুটোক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে।
ইয়াৰ পাছতে প্ৰায় দুবছৰৰ পাছত বৃহস্পতিবাৰে মেকুৰীটোৰ মৃত্যু হয়। উল্লেখ্য যে ,পূজাৰ মাতৃ গজৰা দেৱীয়ে পূজাক মেকুৰীটোৰ মৃতদেহ পুতিবলৈ কৈছিল যদিও তেওঁ নুশুনিলে। দুদিন ধৰি পূজা মৃত মেকুৰীটোৰ লগতে থাকে । তাৰ পাছতে তৃতীয়টো দিনত পূজাই আত্মহত্যাৰ পথ বাছি লয় । আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিকভাৱে আৰক্ষী তদন্তত নিশ্চিত হৈছে যে মহিলাগৰাকীয়ে তেওঁৰ পোহনীয়া জন্তুৰ মৃত্যুৰ শোকতে আত্মহত্যা কৰিছে।
ইফালে পূজাৰ মাতৃয়ে কয়,’মেকুৰীটোৰ মৃত্যুৰ পাছত পূজাই মৃত মেকুৰীটোক কবৰ দিবলৈ অস্বীকাৰ কৰে। আৰু মেকুৰিটো জীয়াই উঠিব বুলি গোটেই দিনটো মৃতদেহটোৰ লগতে বহি থাকিল। কিন্তু মেকুৰীৰ মৃত্যুত যে পূজাই এনে কাণ্ড কৰিব সেইটো কেতিয়াও কল্পনা কৰা নাছিলোঁ।’





























