EAM Subrahmanyam Jaishankar in London:
ব্ৰিটেইন ভ্ৰমণৰ সময়ত আক্ৰমণৰ বলি হ’ল বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ। অভিযোগ অনুসৰি লণ্ডনৰ ছাথাম হাউছৰ সন্মুখত জয়শংকৰক আক্ৰমণৰ চেষ্টা। লণ্ডন আৰক্ষীৰ সন্মুখতে খালিস্তানী উগ্ৰবাদীয়ে ফালিলে ভাৰতীয় পতাকা ।
তথ্য অনুসৰি বুধবাৰে নিশা ছাথাম হাউচত এখন আলোচনা চক্ৰত অংশ ল’বলৈ গৈছিল জয়শংকৰে। সেই সময়তে খালিস্তানি পন্থী প্ৰতিবাদকাৰীসকল অলপ দূৰত ৰাস্তাত সমবেত হৈছিল।
আৰক্ষীৰ সন্মুখতে তেওঁলোকে ভাৰত বিৰোধী শ্ল’গান দিয়ে । জয়শংকৰে কাৰ্যসূচীটো এৰি অহাৰ সময়তে এজন ব্যক্তি হঠাতে প্ৰতিবাদকাৰীৰ ভিৰৰ পৰা তেওঁৰ গাড়ীৰ সন্মুখত আহি ভাৰতীয় পতাকা ফালি দিয়ে ।
উল্লেখ্য যে,এই আক্ৰমণৰ আঁৰত খালিস্তান পন্থী নেতা গুৰপতৱন্ত সিং পান্নুনৰ সংগঠন ‘শিখছ ফৰ জাষ্টিছ’ (এছএফজে)ৰ হাত আছে বুলি ধাৰণা কৰা হৈছে। বিগত সময়ত এই সংগঠনৰ সদস্যসকলে স্কটলেণ্ডৰ গ্লাছগোৰ এলবাৰ্ট ড্ৰাইভ গুৰুদ্বাৰাত ব্ৰিটেইনত থকা ভাৰতীয় উচ্চায়ুক্ত বিক্ৰম দুৰাইস্বামীক আক্ৰমণ কৰিছিল। লণ্ডনত ভাৰতীয় উচ্চায়ুক্তৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি আক্ৰমণৰ চেষ্টা চলাইছে এছ এফ জিৰ বিৰুদ্ধে।