TOURIST ALERT দুসপ্তাহৰ পাছতে কোৰিয়াত পুনৰ বিদেশী পৰ্যটকৰ ওপৰত নিষেধাজ্ঞা
পৰ্যটকৰ বাবে সীমান্ত মুকলি কৰি দিয়া দুসপ্তাহৰ পাছতে পুনৰ সীমান্ত বন্ধ কৰিলে উত্তৰ কোৰিয়াই।দীঘলীয়া পাঁচ বছৰৰ অন্তত ২০ ফেব্ৰুৱাৰীত দেশখনত পশ্চিমীয়া পৰ্যটকক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হয় ।
আজি বিবিচিয়ে প্ৰকাশ কৰা বাতৰি অনুসৰি ২০২০ চনৰ আৰম্ভণিতে কৰ’না মহামাৰীৰ সময়ত উত্তৰ কোৰিয়াই নিজৰ সীমান্ত বন্ধ কৰি সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল।
লগতে ২০২৪ চনত দেশখনে কেৱল ৰাছিয়াৰ পৰ্যটকৰ বাবেহে সীমান্ত মুকলি কৰিছিল।ইয়াৰ পাছতে বিগত মাহত পশ্চিমীয়া পৰ্যটকসকলকো পূৱ চহৰ ৰ’ছনলৈ প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হয়।
কে’বাটাও পৰ্যটন সংস্থাই জনোৱা অনুসৰি, উত্তৰ কোৰিয়া ভ্ৰমণৰ পৰিকল্পনা বৰ্তমানৰ বাবে পিছুৱাই দিয়া হৈছে। পিয়ংইয়ংয়ে আকস্মিক সিদ্ধান্তৰ কোনো কাৰণ দিয়া নাছিল।
উত্তৰ কোৰিয়া ভ্ৰমণৰ আয়োজন কৰিছে চীনৰ ‘কেটিজি ট্যুৰছ’ নামৰ এটা পৰ্যটন কোম্পানীয়ে। বুধবাৰে কোম্পানীটোৱে ফেচবুকত লিখিছে, “আমাৰ কোৰিয়ান অংশীদাৰৰ পৰা আমি খবৰ পাইছো যে ৰ’ছন এতিয়া সকলোৰে বাবে বন্ধ হৈ আছে।” আমি আপোনালোকক অধিক তথ্য জনাম।’
ইফালে ইয়ং পাইওনিয়াৰ ট্যুৰে এটা ফেচবুক পোষ্টত জনাই যে যিসকলে এপ্ৰিল বা মে মাহত উত্তৰ কোৰিয়া ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে অধিক বিৱৰণ উপলব্ধ নোহোৱালৈকে তেওঁলোকৰ বিমানৰ টিকট পুনৰ বুক কৰিব নালাগে।
উল্লেখ্য যে, পশ্চিমীয়া পৰ্যটকসকলে দীঘলীয়া পাঁচ বছৰৰ পাছত ২০ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে ৰ’ছনত প্ৰৱেশ কৰিছিল। অঞ্চলটো উত্তৰ কোৰিয়াৰ এক বিশেষ অৰ্থনৈতিক ক্ষেত্ৰ হিচাপে জনাজাত।