Donald Trump:
কেৱল অবৈধভাৱে বাস কৰা লোকক বহিষ্কাৰেই নহয়, মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে অনিশ্চিত কৰিলে লক্ষাধিক কম বয়সীয়া ভাৰতীয় যুৱক-যুৱতীৰ ভৱিষ্যৎ। এই বৃহৎ সংখ্যক ভাৰতীয় যুৱক-যুৱতী শিশু-কিশোৰ অৱস্থাত পিতৃ-মাতৃৰ স’তে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোৱা তেওঁলোকৰ পিতৃ বা মাতৃ এইছ-ৱান বি ভিছাপ্রাপ্ত।
দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে ট্রাম্পে দেশখনৰ প্ৰব্ৰজন সংক্ৰান্তীয় আইনসমূহৰ নীতি-নিয়মাৱলী সলনি কৰে। এই নতুন নিয়ম অনুসৰি, এইছ-ৱান বি ভিছাপ্রাপ্ত লোকসকল (বিদেশী নাগৰিক)ৰ সন্তানে ২১ বছৰত ভৰি দিয়াৰ লগে লগে তেওঁলোকৰ পিতৃ-মাতৃয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰাৰ বাবে পোৱা অধিকাৰ তেওঁলোকে ভোগ কৰিব নোৱাৰিব।
অৱশ্যে ইয়াৰ আগলৈকে এনে এজন যুৱক বা এগৰাকী যুৱতীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰাৰ অধিকাৰ ভোগ কৰিব পাৰিব। ২১ বছৰত ভৰি দিয়াৰ লগে লগে তেওঁলোকে নিজৰ বাবে ভিছা বা মার্কিন নাগৰিকত্বৰ ব্যৱস্থা কৰি ল’ব লাগিব।অৱশ্যে নাগৰিকত্ব বাদেই মার্কিন ভিছা লাভৰ নিয়মো শেহতীয়াভাৱে ৰাষ্ট্ৰপতি ট্রাম্পে কঠোৰ কৰি তুলিছে। গতিকে এনে যুৱক-যুৱতীসকলৰ ভৱিষ্যৎ অনিশ্চিত হৈছে। এক তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰি থকা এনে ভাৰতীয় যুৱক-যুৱতীৰ সংখ্যা কমেও ১.৩৪ লাখ।
লক্ষ্যণীয় যে দেশখনৰ পূৰ্বৰ আইন অনুসৰি, বয়স বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ভিছাৰ ম্যাদ উকলাসকলে আন এক ভিছা উলিয়াই লোৱাৰ বাবে দুবছৰৰ সময় পাইছিল। ট্রাম্পে এই নিয়ম সলনি কৰিছে। এই নতুন নিয়মে লক্ষাধিক কম বয়সীয়া ভাৰতীয় যুৱক-যুৱতীক শ’লঠেকত পেলাইছে। দেশখনত ভৱিষ্যৎ অনিশ্চিত হৈ পৰাত এনে বহুতে কানাডা, ব্ৰিটেইনৰ দৰে দেশলৈ উৰামৰাৰ চিন্তা-চৰ্চা কৰাৰ খবৰ প্ৰকাশ পাইছে। কাৰণ এইসমূহ দেশত ভিছাৰ নিয়ম তুলনামূলকভাৱে অধিক শিথিল।
চর্চা মতে, মার্কিন চাকৰি নিৰ্ভৰ গ্ৰীণ কার্ড ব্যৱস্থাই দেশখনত বাস কৰা ভাৰতীয় লোকসকলক অধিক ক্ষতি কৰিছে। আনহাতে, অলপতে মার্কিন নাগৰিকত্ব আৰু প্ৰব্ৰজন সেৱাসমূহ (ইউএছচিআইএছ)-এ শেহতীয়াভাৱে ২০২৬ বিত্তীয় বৰ্ষৰ বাবে এইছ-ৱান বি ভিছাৰ পঞ্জীয়নৰ সময় ঘোষণা কৰে।
এই পঞ্জীয়ন প্ৰক্ৰিয়া সাত মাৰ্চৰ পৰা অহা ২৪ মাৰ্চলৈ মুকলি থাকিব । এই এইছ-ৱান বি ভিছাৰ অধীনত মার্কিন উদ্যোগ-প্রতিষ্ঠানসমূহক বিদেশী তাত্ত্বিক বা কাৰিকৰী বিশেষজ্ঞ নিযুক্তিৰ সুবিধা দিছে। দেশখনে প্ৰতি বছৰে এনে ৬৫ হেজাৰ ভিছা প্ৰদান কৰে। তদুপৰি দেশখনৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰ বাবে আৰু অতিৰিক্ত ২০ হেজাৰক ভিছা প্ৰদান কৰে।
বৰ্তমানে এনে ভিছা লাভৰ বাবে পঞ্জীয়ন মাচুল হ’ল ২১৫ ডলাৰ অৰ্থাৎ ১৬ হেজাৰ ৭৭০ টকা। লক্ষ্যণীয়ভাৱে এই এইছ-ৱান বি ভিছা প্ৰদান ব্যৱস্থাক দীৰ্ঘদিন ধৰি দেশখনৰ একাংশ লোকে সমালোচনা কৰি আহিছে। আনকি অলপতে দেশখনৰ উচ্চ সদনৰ সাংসদ বার্ণী ছেণ্ডাৰ্ছেও এইছ-ৱান বি ভিছা কর্মসূচীক সমালোচনা কৰি কয় যে এই ব্যৱস্থাই মূলতঃ মার্কিন উদ্যোগ-প্ৰতিষ্ঠানসমূহক লাভান্বিত কৰিছে।
কাৰণ এনে ভিছা লাভ কৰি দেশখনলৈ চাকৰিৰ বাবে যোৱা বিদেশী লোকসকলক তুলনামূলকভাৱে কম দৰমহাৰে বিভিন্ন মার্কিন উদ্যোগ-প্রতিষ্ঠানে কৰ্মত নিয়োগ কৰি আহিছে। এই ভিছাৰ মূল উদ্দেশ্য বিভিন্ন উদ্যোগ-প্রতিষ্ঠানে সলনি কৰিছে বুলি অভিযোগ কৰি সাংসদজনে লগতে কয়, ‘এইছ-ৱান বি ভিছাৰ জৰিয়তে সর্বোত্তম আৰু প্রোজ্জ্বলসকলক কৰ্মত নিয়োজিত কৰা নাই।
তাৰ পৰিৱৰ্তে ভাল দৰমহা পাই থকা মার্কিন চাকৰিয়ালসকলক আঁতৰাই কম দৰমহাত বিদেশৰ লোকক কর্মত নিয়োগ কৰিছে। এই বিদেশী কৰ্মচাৰীসকলক উদ্যোগ-প্ৰতিষ্ঠানসমূহে বন্ধকী চাকৰিয়ালৰ দৰে ব্যৱহাৰ কৰে। এনে কাৰ্যত ৰাষ্ট্ৰপতি ট্রাম্পৰ অন্যতম উপদেষ্টা এল’ন মাস্ক আৰু ভাৰতীয় মূলৰ মাৰ্কিন উদ্যোগপতি বিবেক ৰামস্বামীৰ দৰে অর্বুদপতিও জড়িত বুলি সাংসদজন সৰৱ হয়।