Lokhara Incident:
মহানগৰীৰ লখৰা ট্ৰেফিক পইন্টত শুক্ৰবাৰে দুপৰীয়া সংঘটিত হয় এক মাৰপিটৰ ঘটনা ৷ কৰ্তব্যৰত আৰক্ষীক উপযুপৰি প্ৰহাৰ এজন মেজিক চালকৰ ৷
লখৰা ট্ৰেফিক পইন্টত বহু সময় ধৰি এখন মেজিক ৰখাই থোৱা বাবে সৃষ্টি হয় তীব্ৰ যান-যঁটৰ ৷ যাৰবাবে যানবাহন নিয়ন্ত্ৰণৰ দায়িত্বত থকা হোমগার্ড নৃপেন কলিতাই সংশ্লিষ্ট মেজিক চালকজনক গাড়ী আগুৱাই নিবলৈ কয় ৷ ইয়াকে কেন্দ্ৰ কৰি মেজিক চালক জ্যোতি ৰায় আৰু হোমগার্ড নৃপেন কলিতাৰ মাজত কথাৰ কটাকটি হয় ৷ এই তৰ্কাতৰ্কিৰ মাজতে ৰাজপথৰ ওপৰতে হোমগাৰ্ড কলিতাক উপযুপৰি প্ৰহাৰ কৰে মেজিক চালকজনে ৷
আনহাতে এই ঘটনা প্ৰত্যক্ষ কৰি থকা একাংশ লোকে হোমগাৰ্ডজনক প্ৰহাৰ কৰা মেজিক চালকজনক উত্ত্যম- মাধ্যম দিয়ে ৷ অৱশ্যে পিছত ঘটনাস্থলীত যানবাহন আৰক্ষী উপস্থিত হৈ উদণ্ড মেজিক চালকজনক আটক কৰি থানালৈ নিয়ে ৷