Sahitya Akademi Award : কোকোৰাঝাৰৰ উত্তৰা বিছমূতিয়াৰীলৈ সাহিত্য অকাডেমী অনুবাদ বঁটা
সাহিত্য অকাডেমীৰ অনুবাদ বঁটা ঘোষণা৷
সাহিত্য অকাডেমীৰ অনুবাদ বঁটা ৰাজ্যৰ তিনি সাহিত্যিকলৈ
:সাহিত্য অকাডেমীৰ অনুবাদ বঁটা ঘোষণা ৷ ৰাজ্যৰ তিনি গৰাকী সাহিত্যিকলৈ অনুবাদ বঁটা ৷ কোকোৰাঝাৰৰ উত্তৰা বিছমূতিয়াৰীলৈ সাহিত্য অকাডেমী অনুবাদ বঁটা ৷ প্ৰথিতযশা সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ জনপ্ৰিয় উপন্যাস ‘কাঞ্চন’ বড়ো ভাষালৈ অনুবাদ কৰিছিল বিছমূতিয়াৰীয়ে ৷ যাৰবাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হয় ৷
উল্লেখ্য যে, কোকৰাঝাৰৰ দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিচমূতিয়াৰী কোকৰাঝাৰ চহৰৰ পাশ্বৱৰ্তী কথালগুৰিৰ বাসিন্দা ৷
পিতৃ বীৰেন্দ্ৰ লাল বৰগোয়াৰী আৰু মাতৃ দবাশ্ৰী বৰগোয়াৰীৰ জীয়ৰী উত্তৰা বিছমূতিয়াৰীয়ে
কোকৰাঝাৰ বালিকা এইচ এছ স্কুল আৰু কোকৰাঝাৰ মহাবিদ্যালয়ত শিক্ষা সমাপ্ত কৰে।
১৯৮৩ চনৰ পৰা ছালাকাটি বিটিপিএছ হাইস্কুলৰ পৰা আৰম্ভ কৰি ১৯৯২ চনত দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰি অৱসৰ নোলোৱালৈকে অধ্যক্ষা ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
উত্তৰা বিছমূতিয়াৰী সাহিত্যিক অৱদান বিশাল আৰু বৈচিত্ৰময়। “ৰাইখৱছা ফিছা” (২০০৬), “হাওৱাছি” (২০০৮), “এন্থোব” (২০১৩), “এংৰুমৱণ্ডা” (২০০৯), আৰু “গ্ৰিটিংছ কাৰ্ড” (২০২০)কে ধৰি কেইবাখনো প্ৰশংসিত গ্ৰন্থৰ লেখক।
তেওঁৰ এই কামে বহুলভাৱে স্বীকৃতি লাভ কৰিছে, ২০১৭ চনত তেওঁৰ চুটিগল্প সংকলন “ৰায়খৱছা ফিছা”ৰ বাবে লাভ কৰিছিল নিনাকোমল ব্ৰহ্ম বঁটা। একে বছৰতে বিটিচি শিক্ষা বিভাগে শ্ৰেষ্ঠ শিক্ষয়িত্ৰী বঁটাৰেও সন্মানিত কৰে।
গোটেই কৰ্মজীৱনত বিছমূতিয়াৰীয়ে বড়ো লেখিকা সন্থাৰ সম্পাদিকা, বডো মহিলা লেখিকা সন্থাৰ অধ্যক্ষ, তিতাগুৰি প্ৰাথমিক বডো সাহিত্য সভা ন্যাসৰ সদস্যকে ধৰি বিভিন্ন উল্লেখযোগ্য পদবীত অধিষ্ঠিত হৈ আছে ।