হোলীৰ অনুষ্ঠানৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ড! মৃত্যু কমেও তিনিজন, ভিতৰত আৱদ্ধ প্ৰায় ৩০জন
হোলী উদযাপনৰ মাজতে অঘটন।গুজৰাটৰ ৰাজকোটৰ এটা আৱাস ভৱনত সংঘটিত অগ্নিকাণ্ডত কমেও তিনিজন লোকৰ মৃত্যু হৈছে। সংবাদ সংস্থাৰ মতে, এতিয়াও ভৱনটোৰ ভিতৰত প্ৰায় ৩০ জন লোক আৱদ্ধ হৈ আছে ।
প্ৰাথমিক তথ্য অনুসৰি, আজি ভৱনটোত হোলী উদযাপন চলি আছিল। সেই সময়ত, ভৱনটোৰ এটা অংশত হঠাতে অগ্নি সংযোগ হয়। তাৰ পাছতে ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয়।
উল্লেখ্য যে, অগ্নি নিৰ্বাপক বাহিনী ঘটনস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা আৰম্ভ কৰে।ভৱনটোৰ ভিতৰত আৱদ্ধ আৱাসীসকলকো উদ্ধাৰৰ প্ৰচেষ্টা চলি আছে।
অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। প্ৰাথমিক তথ্য অনুসৰি, অগ্নিকাণ্ডটো ভৱনটোৰ সপ্তম মহলাত উদ্ভৱ হয়।
তাৰ পাছতে জুই আন অংশলৈও দ্ৰুতগতিত বিয়পি পাৰে। সামাজিক মাধ্যমত প্ৰচাৰিত একাধিক ভিডিঅ’ত ভৱনটোৰ পৰা ক’লা ধোঁৱা ওলোৱা দেখা গৈছে ।