Air India Pilot অৱতৰণৰ পাছত হঠাতে বিমানৰ ভিতৰতে অসুস্থ হৈ পৰে এজন পাইলট । হঠাৎ পাইলটজনে বুকুত তীব্ৰ বিষ অনুভৱ কৰে। তাৰ পাছতে পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি সহ-পাইলটে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পাইলটজনক চিকিৎসালয়লৈ নিবলৈ বাৰ্তা প্ৰেৰণ কৰে।
কিন্তু দুৰ্ভাগ্যজনক ভাৱে কোনো চিকিৎসা নোপোৱাকৈয়ে তেওঁৰ মৃত্যু হয়।
তথ্য অনুসৰি, পাইলটজনৰ বয়স আছিল ২৮ বছৰ। তেওঁ নতুনকৈ বিবাহিত। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে এক বিবৃতিত কোৱা হৈছে, “শাৰীৰিক অসুস্থতাৰ বাবে এজন মূল্যৱান সহকৰ্মীৰ মৃত্যুত আমি গভীৰভাৱে শোকাহত। দুখৰ এই সময়ত তেওঁৰ পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা জ্ঞাপন কৰিছো । এই বৃহৎ লোকচানৰ স’তে মোকাবিলা কৰিবলৈ আমি তেওঁলোকক সকলো ধৰণৰ সহায় আগবঢ়াইছো।’
বিবৃতিটোত কোৱা হৈছে যে “অবাঞ্চিত বিতৰ্ক”ৰ পৰা হাত সাৰিবলৈ এই কাণ্ডৰ স্থান আৰু মৃতকৰ নাম গোপনে ৰখা হৈছে।
বিগত কেইটামান বছৰত ভাৰতীয় বিমান সংস্থাৰ কেবাজনো পাইলটৰ কৰ্তব্যৰত অৱস্থাত হৃদৰোগত মৃত্যু হৈছে। প্ৰয়োজনীয় জিৰণিৰ অভাৱ ইয়াৰ অন্যতম কাৰণ বুলি অভিযোগ উঠিছে।
এই পৰিৱেশত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বিমান নিয়ন্ত্ৰক ডিজিচিএ ( Directorate General of Civil Aviation )য়ে এক জুলাইৰ পৰা পাইলটৰ বাবে নতুন বাধ্যতামূলক জিৰণি নিয়ম কাৰ্যকৰী কৰিবলৈ ওলাইছে।
নতুন নিয়ম অনুসৰি পাইলটৰ সাপ্তাহিক জিৰণি ৩৬ ঘণ্টাৰ পৰা ৪৮ ঘণ্টালৈ বৃদ্ধি কৰা হৈছে।






























