Tinisukia: সমাগত অসমীয়া হিয়াৰ আমঠু বাপতিসাহোন ৰঙালী বিহু ৷মাজত মাথোঁ দুটামান দিন তাৰ পাছতেই ৰাজ্যজুৰি অসমীয়াই পালন কৰিব ৰঙালী বিহু৷ ৰঙালীক আদৰিবলৈ উজনি নামনি শদিয়া ধুবুৰী পাহাৰ ভৈয়াম সকলোতে এতিয়া সীমাহীন ব্যস্ততাৰ অন্ত নাই প্ৰতিজন অসমীয়াৰ৷
ৰঙালী বিহুৰ প্ৰাকক্ষণত তিনিচুকীয়া চহৰৰ মাজমজিয়াত থকা ডাকবাংলাত অনুষ্ঠিত হোৱা বহাগী মেলাই বহাগৰ উন্মাদনা কঢ়িয়াই আনিছে।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত থানা চাৰিআলিৰ ডাক বংলা চৌহদত আয়োজিত এই মেলাত থলুৱা খাদ্য,পৰম্পৰাগত বস্ত্ৰ, হস্তশিল্প আদিৰ আকৰ্ষণীয় মেটমৰা সম্ভাৰ লৈ প্ৰায় ৭০ টা গ্ৰামীণ মহিলা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে।
জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গুৰ্ণেল সিঙে কালি সন্ধিয়া আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা এই বহাগী মেলাখন অহা ১২ এপ্ৰিলত সামৰণি পৰিব।
মেলাৰ স’তে সংগতি ৰাখি প্ৰতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। কালিৰ উদ্ধোধনী অনুষ্ঠানত তিনিচুকীয়া জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু জিলা গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প প্ৰৱন্ধক মণজিৎ গগৈও উপস্থিত থাকে।
জিলাখনৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰীকে মেলা প্ৰাঙ্গণত বিক্ৰী আৰু প্ৰদৰ্শনীৰ বাবে ৰখা হৈছে৷ ইতিমধ্যে পিঠা পনা বিহুৰ সামগ্ৰী ৰাইজে ক্ৰয় কৰিছে৷




































