Horoscope মেষ : কর্মক্ষেত্ৰত সাফল্যৰ যোগ। দায়িত্ব পালনৰ কাৰণে নিজৰ অর্থক্ষতি। নতুন মিত্র লাভৰ যোগ আছে। পাৰিবাৰিক ক্ষেত্ৰত চিন্তা বাঢ়িব। অলপ খঙৰ কাৰণে ডাঙৰ ক্ষতি হ’ব পাৰে। ভ্ৰমণত আঘাত প্রাপ্তিৰ সম্ভাৱনা। শুভ ৰং ৰঙা ।
বৃষ : কৰ্মক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব। গুপ্ত শত্ৰুৰ কাৰণে নিবনুৱাৰ কৰ্ম প্রান্তিত বাধা। দিনৰ মাজভাগৰ পৰা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । অযথা ব্যয়-বৃদ্ধিৰ ফলত মানসিক চাপ বৃদ্ধি। উচ্চ বিদ্যা লাভৰ বাবে একাধিক সুযোগ আহিব। প্ৰেমত অস্থিৰতা। শুভ ৰং নীলা।
মিথুন : কর্মক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। নিবনুৱা জাতক-জাতিকাৰ নতুন সুযোগ আহিব। বাধা-বিঘিনিৰ মাজেৰে ব্যৱসায়ত সাফল্য আহিব। পিতৃ-মাতৃৰ শাৰীৰিক অৱস্থাৰ কাৰণে চিন্তা। প্ৰেম আৰু দাম্পত্যত মতবিৰোধ। আর্থিক উন্নতি। বিদ্যাৰ্থীৰ মধ্যম ফল। শুভ ৰং হালধীয়া।
কর্কট : বাধা থকা সত্ত্বেও কৰ্মক্ষেত্ৰত উন্নতি অব্যাহত থাকিব। পাৰিবাৰিক অশান্তিৰ কাৰণে মানসিক অশান্তি থাকিব। আর্থিক উন্নতিৰ যোগ আছে যদিও লগত কিছু বাধা থাকিব। অযথা ব্যয় বৃদ্ধি। বিদ্যাৰ্থীৰ অপ্রত্যাশিতভাৱে জটিলতা দেখা দিব পাৰে। শুভ ৰং ক’লা।
সিংহ : অযথা বিবাদৰ ফলত দৈনন্দিন কামত ক্ষতি। কর্মক্ষেত্ৰত পদোন্নতিৰ লগত স্থান পৰিৱৰ্তনৰ সম্ভাৱনাই দেখা দিব পাৰে। সুযোগৰ অপব্যৱহাৰ নকৰি কামত লগোৱাৰ চেষ্টা কৰিব। শুভ ৰং বগা ৷
কন্যা : অপ্রত্যাশিতভাৱে কৰ্মক্ষেত্ৰত জটিলতা দেখা দিব। মিছা অপবাদৰ ভয় আছে। গতিকে চলাফুৰা আৰু কথা-বতৰাৰ পৰা সতর্ক থাকিব। উচিত কথা কোৱাৰ কাৰণে শত্ৰুতাৰ সৃষ্টি হ’ব। সৎ বন্ধু লাভৰ যোগ। দৈনন্দিন খৰচ পাতিৰ বিষয়ে অলপ সতর্ক দৃষ্টি ৰাখিব। শুভ ৰং সেউজীয়া।
|
তুলা : চাকৰি ক্ষেত্ৰত উন্নতিৰ যোগ। আবেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ কাম নকৰিব। পাৰিবাৰিক ক্ষেত্ৰত নতুনকৈ কোনো সমস্যা দেখা দিব পাৰে। দিনটোত আয় আৰু ব্যয়ৰ পৰিমাণ সমান হ’ব। শুভ ৰং নীলা ৷
বৃশ্চিক : সামাজিক কামত সন্মান বৃদ্ধিৰ যোগ। দিনৰ মাজভাগৰ পৰা ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব। অবৈধ প্ৰেমৰ ক্ষেত্ৰত মানহানি আৰু মামলা মোকদমাৰ যোগ। গতিকে সাৱধান হোৱা আৱশ্যক। শুভ ৰং বগা।
ধনু : বাধাৰ মাজেদিও গুৰুত্বপূৰ্ণ কামত সাফল্য আহিব। বিদ্যাৰ্থীৰ অপ্রত্যাশিতভাৱে ডাঙৰ কোনো বাধা পৰিব পাৰে। সমাজত ভাল কাম কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। কিবা বিষয় লৈ পিতৃ-মাতৃৰ লগত মতবিৰোধ হ’ব পাৰে। শুভ ৰং হালধীয়া ।
মকৰ : চাকৰিৰ ক্ষেত্ৰত সন্মান প্রাপ্তিৰ যোগ। পাৰিবাৰিক ক্ষেত্ৰত চলি থকা সমস্যাবোৰৰ সমাধান হ’ব পাৰে। অপ্রত্যাশিতভাৱে কিছু অতিৰিক্ত অর্থ হাতলৈ অহাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীৰ মধ্যম ফল।
শুভ ৰং নীলা ।
কুম্ভ : চাকৰি ক্ষেত্ৰত কিছু অতিৰিক্ত দায়িত্ব আহিব পাৰে। প্ৰাপ্য ধন প্ৰাপ্তিৰ ক্ষেত্ৰত প্ৰতাৰণা হ’ব পাৰে। বিশেষ কামৰ বাবে কিছু অর্থ ঋণ কৰিব লগা হ’ব পাৰে। নতুন যোগাযোগৰ ক্ষেত্ৰত শুভ প্রভাব পৰিব।
শুভ ৰং বগা।
মীন :কৰ্মক্ষেত্ৰত নিজৰ ব্যক্তিত্বৰ স্বীকৃতি লাভ কৰিব। হঠাৎ ব্যৱসায়-বাণিজ্যত বিশৃংখলা দেখা দিব পাৰে। সামাজিকতাত ব্যস্ত থকাৰ ফলত নিজৰ গুৰুত্বপূৰ্ণ কামৰ ক্ষতি। পিতৃ-মাতৃৰ লগত মতভেদ। শুভ ৰং সেউজীয়া।