Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত

    বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

    ‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

    ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

    সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

    দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কাইলৈ বিহু !ৰাজ্যত উৎসৱমুখৰ পৰিৱেশ

publisher by publisher
April 13, 2025
in News, Assam
Reading Time: 1 min read
0
কাইলৈ বিহু !ৰাজ্যত উৎসৱমুখৰ পৰিৱেশ
1
SHARES
9
VIEWS
ShareShareShareShare

Bihu: ‘ব’হাগ মাথোঁ এটি ঋতু নহয়/নহয় ব’হাগ এটি মাহ/অসমীয়া জাতিৰ/ই আয়ুস ৰেখা/গণ জীৱনৰ ই সাহ।’পদূলিমুখত আন এটি বসন্ত। কপৌ-কেতেকী,

ADVERTISEMENT

মাধৈমালতীৰ প্ৰাণস্পর্শী সুবাস, কুলিৰ মিঠা মাতত শ্যামলিমা প্ৰকৃতিৰ ভৰুণ শোভাৰ মাজেৰে ধৰালৈ অহা অসমীয়াৰ বাপতি সাহোন ব’হাগক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্রস্তুতি।

RelatedPosts

Rongali Bihu: বালিপৰাত সাংস্কৃতিক শোভাযাত্ৰা

Garu Bihu In Assam:আজি গৰু বিহু ৰাজ্যৰ চৌদিশে বিহু পাৰভঙা উছাহ,উজনিৰ পৰা নামনিলৈ উখল মাখল পৰিৱেশ

সদৌ অসম ভিত্তিত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ

আজি উৰুকা আৰু সোমবাৰে গৰু বিহু। ইয়াকে লৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ৰঙালীক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে। হেঁপাহৰ জাতীয় উৎসৱটোলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ চৌদিশ ঢোল-পেঁপাৰ মাতে ৰজনজনাই উঠিছে।

ঢুলীয়াই ঢোলৰ চেও ভাল কৰাৰ বাবে বটীয়া আদি পৰীক্ষা কৰাৰ সমান্তৰালকৈ পেঁপা, গগনা, তাল আদি বাদ্যসমূহো সাজু কৰি তুলিছে। সেইদৰে নাচনীহঁতো ব্যস্ত হৈ পৰিছে কপৌ ফুল সংগ্ৰহ, কেৰু-মণি, গামখাৰু আদি জপাৰ পৰা উলিয়াই বিহুৰ বাবে সাজু কৰাত।

গাঁৱৰ জীয়ৰী-বোৱাৰীসকলে এতিয়া একো একোজনী বৰদৈচিলাৰ দৰেই উলাহত উটি-ভাহি মৰমৰ বিহুৱানৰ লগতে পিঠা-পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে। অসমীয়া মানুহৰ ঘৰত এতিয়া আগৰ দৰে গৰুৰ সংখ্যা কম। তথাপি প্ৰতিটো অসমীয়া পৰিয়ালেই গৰু বিহুৰ পৰম্পৰা ৰক্ষাৰ বাবে লাউ-বেঙেনা-হালধিৰ সমানে নতুন পঘা, মাখিয়তী, দীঘলতি আদি সংগ্ৰহ কৰি আগ্ৰহৰে সোমবাৰৰ দিনটোলৈ অপেক্ষা কৰিছে।

উল্লেখ্য যে বিহুত আপোনজনৰ ওচৰলৈ যোৱাৰ বাবে কৰ্মস্থান এৰি আজিৰে পৰা বহুজনে ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে। বিশেষকৈ আজিৰে পৰা কাৰ্যালয়সমূহ বন্ধ হৈ পৰাত গুৱাহাটী মহানগৰী এৰি ঘৰমুৱা হৈছে বহুজন।

ফলত খানাপাৰাত এক অভাৱনীয় ভিৰ সৃষ্টি হৈছে। সমান্তৰালভাৱে বিহুৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি বিহু উদযাপন সমিতিসমূহেও প্রস্তুতি প্রায় সম্পন্ন কৰিছে। তদুপৰি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী, নীল আকাশ আদি কন্ঠশিল্পীয়ে আজিৰে পৰাই বিহুৰ সংগীতানুষ্ঠান আৰম্ভ কৰিছে।

জুবিনে বাংগালুৰুৰ পৰা, প্ৰিয়ংকাই লণ্ডন আৰু নীল আকাশে পুনেৰ পৰা বিহুৰ সংগীতানুষ্ঠান আৰম্ভ কৰে। উল্লেখ্য যে গুৱাহাটী বিহু সন্মিলনীকে ধৰি সাত ব’হাগৰ ভিতৰত বিহু অনুষ্ঠান সম্পন্ন কৰা মহানগৰীৰ প্ৰায় ১২০খন বিহু সমিতিয়ে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। এনে বিহু সন্মিলনক কেন্দ্ৰ কৰি ৰাজ্যৰ বহু সংখ্যক শিল্পী, কলা-কুশলীয়ে ন-পুৰণি গীতৰ সম্ভাৰ লৈ বিহু মঞ্চ কঁপাবলৈ সাজু হৈ উঠিছে।

সেই অনুসৰি ৭৪ সংখ্যক বৰ্ষত ভৰি দিয়া ঐতিহাসিক লতাশিলৰ বিহু কাৰ্যসূচী অহা ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ অনুষ্ঠিত হ’ব। সেমেকা মহানগৰীৰ বিহুৰ বজাৰ ইফালে, এইবাৰ মহানগৰীত বিহুৰ কাপোৰৰ বজাৰ সেমেকা বুলি উল্লেখ কৰিছে একাংশ ব্যৱসায়ীয়ে।

বিগত বৰ্ষসমূহত মহানগৰীৰ পথৰ কাষে কাষে দেখিবলৈ পোৱা বিহুৰ কাপোৰৰ দোকানৰ সংখ্যাও এইবাৰ যথেষ্ট কম। তদুপৰি গুৱাহাটী ক্লাব-নুনমাটি সংযোগী পথত বহু সংখ্যক থলুৱা কাপোৰৰ বিপণী আছে আৰু বিহুৰ সময়ত এই বিপণীসমূহত গ্রাহকে ঠাহ খাই থাকে; কিন্তু এইবাৰৰ পৰিৱেশ সুকীয়া। বিশেষকৈ সংশ্লিষ্ট পথত উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্য চলি থকাৰ ফলত সংশ্লিষ্ট ব্যৱসায়িক প্রতিষ্ঠানসমূহত গ্রাহক নাই বুলি ব্যৱসায়ীসকলে আক্ষেপ কৰিছে।

আনহাতে, ফাঁচীবজাৰক বাদ দি এইবাৰ বিহুত থলুৱা কাপোৰ-গামোচা বিক্ৰী যথেষ্ট হ্ৰাস পোৱা বুলি মন্তব্য কৰিছে গণেশগুৰিৰ কে’বাখনো ব্যৱসায়িক প্রতিষ্ঠানে। বিশেষকৈ তীব্র যানজটৰ ফলত আজিৰ দিনত মানুহে ঘৰৰ পৰা ওলাই আহিবলৈ এশবাৰ চিন্তা কৰে আৰু যাৰ ফলত অনলাইন মাধ্যমৰ জৰিয়তে কাপোৰ ক্ৰয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতে বিক্ৰীৰ সংখ্যা হ্ৰাস পাইছে বুলি ব্যৱসায়ীসকলে ক’ব খোজে।

ইফালে, বিগত ব’হাগ বিহুৰ সময়ত বিশেষকৈ গণেশগুৰিৰ গোপাল বড়ো হাইস্কুলৰ সমীপত অস্থায়ীভাৱে বিহুৰ সামগ্ৰীৰ বিপণীৰ ব্যৱস্থা কৰা হৈছিল আৰু সিবোৰত গ্ৰাহকে ঠাহ খাই পৰিছিল যদিও এইবাৰ তেনে পৰিৱেশ নাই।

দিছপুৰ মহাবিদ্যালয়ৰ পথত বিহুৰ কাপোৰৰ দোকান দিয়া হাজোৰ ব্যৱসায়ী জনৈক দাসে কয়, ‘এইবাৰ বিহুৰ বজাৰ সেমেকা। যোৱা পাঁচ বছৰ ধৰি মই গামোচা, সাজ-পোছাকৰ দোকান দি আহিছো। এনেকুৱা বজাৰ কেতিয়াও হোৱা নাছিল।’

দোকানত ১৫০ৰ পৰা পাঁচশ টকাৰ মূল্যৰ প্ৰায় পাঁচ হেজাৰ বিহুৱান আছিল যদিও বিক্রী নাই বুলি ডেকা মন্তব্য কৰে।

মহানগৰীৰ বিহু সমিতিসমূহৰ প্ৰস্তুতি তুংগত :

১৪ এপ্ৰিলত জজ খেলপথাৰত আছুৰ মুকলি বিহু ইফালে, ১৯৫২ৰ পৰা লতাশিল খেলপথাৰত আয়োজিত হৈ অহা গুৱাহাটী বিহু সন্মিলনীৰ বিহু ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ অনুষ্ঠিত হ’ব। একেদৰে চান্দমাৰি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ৬৪ সংখ্যক পূব-গুৱাহাটী বিহু সন্মিলন উল্লিখিত দিনকেইটাতে অনুষ্ঠিত হ’ব।

১৪ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈ ৪৭ সংখ্যক বৰ্ষত ভৰি দিয়া তথা শিলপুখুৰীত আয়োজিত হৈ অহা মধ্য-পূব গুৱাহাটী বিহু সন্মিলন, বামুণীমৈদামত আয়োজিত হৈ অহা ৬২ সংখ্যক নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলন, ২০ এপ্ৰিলৰ পৰা ২২ এপ্ৰিললৈ সাতগাঁও হাইস্কুল খেলপথাৰত ৬৯ সংখ্যক সাতগাঁও আঞ্চলিক ৰঙালী বিহু সন্মিলন, ২৪ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিললৈ ৪৬ সংখ্যক বেলতলা আঞ্চলিক ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হ’ব।

তদুপৰি ১৪ এপ্ৰিলত এদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত জজ খেলপথাৰত অনুষ্ঠিত হ’ব মুকলি বিহু।সমান্তৰালভাৱে ৭৩ সংখ্যক গাড়ীগাঁও ৰঙালী বিহু সন্মিলন, ৩৯ সংখ্যক খাৰঘুলি ৰঙালী বিহু সন্মিলন, ৪৫ সংখ্যক গণেশগুৰি ৰঙালী বিহু সন্মিলন, ৬১ সংখ্যক নুনমাটি বিহু সন্মিলন, ৭১ সংখ্যক মধ্য-পূব গুৱাহাটী বিহু সন্মিলন আদিৰ প্ৰস্তুতি প্রায় সম্পন্ন হৈ উঠিছে।

ন-পুৰণি গীতৰ সম্ভাৰ লৈ সাজু

সংগীত শিল্পী উল্লেখ্য যে ৰাজ্যৰ জ্যেষ্ঠ-কনিষ্ঠ কণ্ঠশিল্পী আৰু কলা-কুশলীসকলৰ বাবে ব’হাগ মাহটো উপাৰ্জনৰ অতি গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈ আহিছে। প্ৰতিগৰাকী শিল্পী, কলা-কুশলীয়ে ব’হাগলৈ অধিক আগ্ৰহেৰে বাট চাই ন-পুৰণি গীতৰ সম্ভাৰ লৈ সাজু হৈ উঠে। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই আৰু ইতিমধ্যে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক কণ্ঠশিল্পীয়ে বহুতো বিহু অনুষ্ঠানৰ লগত সংগীত পৰিৱেশনৰ বাবে চুক্তিবদ্ধ হৈছে।

বিগত বৰ্ষৰ দৰে এইবাৰো জুবিন গাৰ্গ, দীপলীনা ডেকা, নীল আকাশ, প্রিয়ংকা ভৰালী,শংকুৰাজ কোঁৱৰ, ৰিচা ভৰদ্বাজ, দীপান্বিতা ডেকা, বিপিন চাউদাং, কৃষ্ণমণি চুতীয়া,ময়ূৰী দত্ত, আচুৰ্য বৰপাত্ৰগোহাঁই, নীলাক্ষী নেওগ, জুবলী বৰুৱা, ৰাকেশ ৰিয়ান, কুসুম কৈলাশ, মন্টুমণি শ‍ইকীয়া, দীক্ষু শর্মা, ভৃগু কাশ্যপ, বাবু বৰুৱা, নীলোৎপল বৰা, প্রাণদ্বীপ, পদ্মনাথ বৰদলৈ আদি জনপ্ৰিয় কণ্ঠশিল্পীয়ে ন-পুৰণি গীতৰ সম্ভাৰেৰে বিহু মঞ্চ কঁপাবলৈ সাজু হৈছে।

অৱশ্যে এইবাৰ এইসকল কণ্ঠশিল্পীৰ উপৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বংগ কন্যা তথা অসমৰ বোৱাৰী মমিতা মিত্ৰ। মমিতাৰ লগতে কণ্ঠশিল্পীসকলক বিহু আয়োজক সমিতিসমূহে সংগীতানুষ্ঠানৰ বাবে চুক্তিবদ্ধ কৰিছে। একোটা বিহু অনুষ্ঠানৰ বাবদ এক-দুই লাখৰ পৰা ১০ লাখ টকা পর্যন্ত শিল্পীসকলৰ লগত চুক্তিবদ্ধ হৈছে আয়োজক সমিতি।

উল্লেখ্য যে ইতিমধ্যে জুবিন গাৰ্গ, নীল আকাশ, আচুৰ্য বৰপাত্ৰগোহাঁই, মর্মিতা মিত্ৰ আদিয়ে এপ্ৰিলৰ দিনকেইটাৰ বিহু অনুষ্ঠানৰ তালিকা ৰাজহুৱা কৰিছে যদিও বহু কণ্ঠশিল্পীয়ে এতিয়াও তালিকা প্রকাশ কৰা নাই। ইয়াকে লৈ বিভিন্নজনৰ মনত প্ৰশ্নৰো উদ্ৰেক ঘটিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: RONGALI BIHU
publisher

publisher

Related Posts

উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত
India

June 16, 2025
বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ
News

বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

June 16, 2025
‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
India

‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

June 16, 2025
ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু
News

ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

June 16, 2025
সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি
India

সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

June 16, 2025
দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ
India

দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

June 16, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d