পুনৰ ভূমিকম্পই জোঁকাৰিলে ম্যানমাৰ

1743778391 earthquake

Earthquake: ম্যা niনমাৰত পুনৰ ভূমিকম্পৰ জোঁকাৰণি। আজি পুৱাই ভাৰতৰ চুবুৰীয়া দেশত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।

ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই জনোৱা মতে, দেওবাৰে পুৱা ৭:৫৪ বজাত ভূমিকম্প অনুভৱ কৰা হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৬।

আজি পুৱা হোৱা ভূমিকম্পৰ কেন্দ্ৰস্থল পৃষ্ঠৰ পৰা ৩৫ কিলোমিটাৰ (২১.৭৫ মাইল) তলত আছিল। অৱশ্যে, ভূমিকম্পৰ ফলত হোৱা ক্ষতি এতিয়াও জানিব পৰা হোৱা নাই।

২৮ মাৰ্চত হোৱা শক্তিশালী ভূমিকম্পৰ পাছৰে পৰা ম্যানমাৰত আফটাৰশ্বক হৈ আহিছে। শুক্ৰবাৰে ম্যানমাৰত এটা ভূমিকম্পও অনুভৱ কৰা হয়।

নেচনেল চেণ্টাৰ ফৰ চিচমোলজি (এনচিএছ)ৰ মতে, ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.১। ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল ১০ কিলোমিটাৰ গভীৰতাত।

Exit mobile version