Chief Justice Of India
১৪ মে’ত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই । তাৰ পূৰ্বে ১৩ মে’ত অৱসৰ ল’ব উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ।
পৰম্পৰা অনুসৰি মন্ত্ৰালয়ে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক তেওঁৰ উত্তৰাধিকাৰীৰ নাম প্ৰস্তাৱ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। ইয়াৰ পাছতে বৰ্তমানৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কেন্দ্ৰীয় আইন মন্ত্ৰীৰ উত্তৰাধিকাৰীৰ নাম প্ৰস্তাৱ কৰে।
ন্যায়াধীশ সঞ্জীৱ খান্নাই ন্যায়াধীশ বি আৰ গাভাইৰ নাম প্ৰস্তাৱ কৰে।অহা ১৪ মে’ত ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব গাভাই ।তাৰ পূৰ্বে ১৩ মে ‘ত ন্যায়াধীশ সঞ্জীৱ খান্নাই তেওঁৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব।
উল্লেখ্য যে,ছমাহৰ বাবে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে থাকিব গাভাই। চলিত বৰ্ষৰ নৱেম্বৰ মাহত তেওঁ অৱসৰ ল’ব। ন্যায়াধীশ বালকৃষ্ণনৰ পাছতে দেশৰ দ্বিতীয়জন দলিত মুখ্য ন্যায়াধীশ হ’ব বি আৰ গাভাই।






























