Tommy Hilfiger: পোছাকৰ ওপৰত বগা, নীলা আৰু ৰঙা ৰঙৰ বৰ্গক্ষেত্ৰৰ ল’গ’ দেখা পালে আৰু নিৰ্মাতাৰ নাম পৃথকে ক’ব নালাগে। টমী হিলফিগাৰ আমেৰিকাৰ আগশাৰীৰ ক্ৰীড়া আৰু জীৱনশৈলীৰ কাপোৰ কোম্পানীটোৰ মুৰব্বী।
কিন্তু বহু লোকে নাজানে যে ,এই ৭৪ বছৰীয়া প্ৰখ্যাত ফেশ্বন ডিজাইনাৰগৰাকীৰ যাত্ৰা ভাৰতৰ পৰাই আৰম্ভ হৈছিল। শেহতীয়াকৈ টমীয়ে ভাৰত ভ্ৰমণ কৰি ফেশ্বন আৰু দেশৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰে।
নিউয়ৰ্কৰ ৰাস্তাত হৰ্ডিঙত তেওঁৰ ছবি প্ৰকাশ হোৱাৰ বহু আগতে বা সমগ্ৰ বিশ্বতে চৰ্চাৰ আৰম্ভণিতে অনুপ্ৰেৰণাৰ সন্ধানত ভাৰতলৈ আহিছিল টমী।
টমীয়ে জনাইছে, তেওঁ প্ৰায় চাৰি দশক আগতে ভাৰতলৈ আহিছিল। টমীয়ে মুম্বাইৰ ছান্টাক্ৰুজৰ এটা কাৰখানাত নিজৰ প্ৰথম সংকলন সৃষ্টি কৰিছিল।
তেওঁ কয়,”মোৰ কেৰিয়াৰ এনেদৰেই আৰম্ভ হৈছিল। বহুদিনৰ পাছত মই ভাৰতলৈ ঘূৰি আহিলোঁ। ’’
টমি হিলফিগাৰে তৈয়াৰ কৰা কাপোৰবোৰ ইয়াৰ উজ্জ্বল ৰং আৰু ক্ৰীড়া শৈলীৰ বাবে জনাজাত। অৱশ্যে টমীয়ে কয় যে তেওঁ ভাৰতলৈ নতুন কাপোৰৰ সংকলন সৃষ্টি কৰিবলৈ অহা নাছিল, বৰঞ্চ প্ৰেৰণা বিচাৰিহে আহিছিল।
মুম্বাইৰ সামাজিক জীৱনৰ আভাস, স্থানীয় শিল্পীয়ে কাপোৰ বনোৱাৰ ধৰণ, বিভিন্ন প্ৰকাৰৰ ৰঙে পৰৱৰ্তী সময়ত তেওঁক এজন শিল্পী হিচাপে সহায় কৰিছিল।
টমীয়ে কয় যে তেতিয়াৰ পৰাই ভাৰতক উৎপাদনৰ স্থানৰ সলনি তেওঁৰ বাবে এক ‘অনুপ্ৰেৰণা’ হিচাপে পৰিচিত হৈ পৰিছে। কিন্তু ভাৰতৰ স’তে টমিৰ সম্পৰ্ক কেৱল কাপোৰৰ বিষয়ে নহয়।
ভাৰতীয় সংস্কৃতিয়ে এতিয়াও তেওঁৰ জীৱনত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।ভাৰতীয় খাদ্যও তেওঁৰ প্ৰিয়। টমীৰ ভাষাত “মই তণ্ডুৰী ভাল পাওঁ।” “কিন্তু বাটাৰ চিকেন থাকিলে মই সেইটো না নকওঁ।”
১৯৮৫ চনত টমীয়ে নিজৰ নামেৰে এটা কাপোৰৰ কোম্পানী আৰম্ভ কৰে। ইয়াৰ আঁৰত আছিল ভাৰতীয় যোগসূত্ৰ ।
টমিৰ কোম্পানীৰ প্ৰথম বিনিয়োগকাৰী আছিল ভাৰতীয় বংশোদ্ভূত ব্যৱসায়ী মোহন মোৰজানি। টমিয়ে কয়,”মই কেলভিন ক্লেইনৰ স’তে জড়িত হোৱাৰ সিদ্ধান্ত লৈছিলো। কিন্তু মোহনে মোক নিষেধ কৰে। তেওঁ কয় যে,’একেলগে টমি হিলফিগাৰৰ’ আৰম্ভ কৰোঁ আহক। ”
পৰম্পৰাগত আনুষ্ঠানিক কাপোৰৰ পৰিৱৰ্তে, গ্ৰাহকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ টমীয়ে বজাৰলৈ এনেকুৱা কাপোৰ আনে যিবোৰ আৰামদায়ক আৰু গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে ।
ক্ৰেতাই পিন্ধিবলৈ আৰাম অনুভৱ কৰা কাপোৰ, যেনে ঘৰুৱা কাপোৰৰ দৰে । তেওঁৰ পৰৱৰ্তী ফেশ্বন বিপ্লৱৰ বিষয়ে বহুতে জানে।
টমিয়ে বিষয়টোক “আমেৰিকাৰ নৈমিত্তিককৰণ” বুলি উল্লেখ কৰে । টমি হিলফিগাৰৰ পোছাক এতিয়া চেলিব্ৰিটিৰ পৰা সাধাৰণ মানুহলৈ বিয়পি পৰিছে।
কিন্তু পৃথিৱীৰ অন্যতম আগশাৰীৰ কাপোৰ কোম্পানীৰ জন্মৰ স’তে জড়িত ভাৰতীয় সংস্কৃতি ইমান দিনধৰি অজ্ঞাত আছিল।