China: প্রযুক্তি ক্ষেত্ৰত সমগ্ৰ বিশ্বকে চমকিত কৰিলে চীনে।এইবাৰ চীনত আৰম্ভ হ’ল ১০জি ব্ৰডবেণ্ড ইণ্টাৰনেট নেটৱৰ্ক। প্ৰাপ্ত তথ্য অনুসৰি,প্রাথমিকভাৱে চীনৰ হেবাই প্ৰদেশৰ জিয়ংঅন অঞ্চলত আৰম্ভ হ’ল তীব্ৰ গতিৰ এই ইণ্টাৰনেট সেৱা।
দুই সংস্থা হুৱাই আৰু চীনা ইউনিকর্নৰ যৌথ উদ্যোগত এই নেটৱৰ্ক সেৱা আৰম্ভ কৰা হৈছে। যুগান্তকাৰী এই ইণ্টাৰনেট নেটৱৰ্কৰ গতি হৈছে ৯,৮০০ এমবিপিএছ।
নিউজ এজিৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, বেইজিঙৰ পৰা কাষতে অৱস্থিত জিয়ংঅন অঞ্চলটো চীনৰ প্ৰযুক্তি হাব হিচাপে পৰিচিত।
দুই সংস্থাই লগতে দাবী কৰা অনুসৰি এই ১০জি ইণ্টাৰনেট নেটৱৰ্কৰ গতি ৯,৮০০ এমবিপিএছ হ’লেও কার্যক্ষেত্ৰত ই ৯,৮৩৪ এমবিপিএছলৈকে গতি কৰিছে।
আনহাতে, আপলোডৰ সময় গতি হৈছে ১,০০৮ এমবিপিএছ। বর্তমানে বিভিন্ন সংস্থাৰ যি ব্ৰ’ডবেণ্ড ইণ্টাৰনেট সেৱা আছে তাৰ তুলনাত চীনৰ ১০জি ব্ৰ’ডবেণ্ডৰ গতিবেগ যথেষ্ট অধিক।