পহেলগাম হত্যাকাণ্ডৰ পাছত ভাৰতৰ স’তে থিয় দিয়াৰ বাৰ্তা ট্ৰাম্পৰ! মোডীৰ স’তে বৰ্তালাপ

1745354825 1730916514 modii

donald trump :পহেলগাম গণহত্যাৰ খবৰ পাই আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ পৰা অনুসন্ধান ল’লে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ।

ইয়াৰ ঠিক পাছতে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰে। এক্স হেণ্ডেলত এই কথা সদৰি কৰে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে ।

ট্ৰাম্পে ফোনযোগে মৃত আৰু আহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

ইয়াৰ পূৰ্বে আমেৰিকাৰ প্ৰেছ সচিব কেৰলিন লিভিটে হোয়াইট হাউছৰ পৰা ঘোষণা কৰিছিল যে ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিব। সূত্ৰৰ পৰা জানিব পৰা মতে, তাৰ কিছু সময়ৰ পাছতে দুয়োখন দেশৰ মুৰব্বীৰ মাজত বাৰ্তালাপ হয়।দেশ কঁপাই যোৱা এই ঘটনাক ট্ৰাম্পে তীব্ৰ গৰিহণা দিয়ে ।

একে সময়তে, ট্ৰাম্পে ভাৰতৰ স’তে থকাৰ বাৰ্তাও প্ৰদান কৰে । ৰণধীৰৰ এক্স-হেণ্ডেলত কোৱা অনুসৰি, ট্ৰাম্পে কয় যে, ভাৰত আৰু আমেৰিকা ই একেলগে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব।

সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতে মোডীয়ে তেওঁৰ আৰৱ ভ্ৰমণৰ মাজতে পোনপটীয়াকৈ জম্মু আৰু কাশ্মীৰলৈ গৈছে। তেওঁ ইতিমধ্যে পাকিস্তানী উগ্ৰপন্থীসকলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Exit mobile version