Kashmir Terror Attack: মঙলবাৰে জম্মু-কাশ্মীৰৰ পহেলগাম জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত কমেও ২৬ জন পৰ্যটক নিহত হয়।স্থানীয় একাংশ সূত্ৰৰ মতে মৃতকৰ সংখ্যা কমেও ২৮ জন।সূত্ৰ অনুসৰি আক্ৰমণকাৰীৰ সংখ্যা আছিল পাঁচৰ পৰা ছয়জন।
জম্মু-কাশ্মীৰ আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি কেবাটাও বাতৰিৰ পৰা দাবী কৰা হৈছে যে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগাম পাহাৰৰ এখন ৰিজ’ৰ্টৰ সমীপত পৰ্যটকক আক্ৰমণ কৰা হৈছে।
সেউজীয়া বৈশাৰণ উপত্যকাৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি থাকোঁতে তেওঁলোকক আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে।
সূত্ৰটোৱে জনোৱা মতে, অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলক নাম সুধি এজন এজনকৈ গুলীচালনা কৰে।
উল্লেখ্য যে,এই আক্ৰমণত নিহত পৰ্যটকৰ মৃতদেহ বৰ্তমান শ্ৰীনগৰ আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষত ৰখা হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহ তাত উপস্থিত হৈছে। তেওঁ মৃতকৰ পৰিয়ালৰ স’তে কথা পাতিছে। ইয়াৰ পাছতে, মৃতকৰ মৃতদেহ তেওঁলোকৰ পৰিয়ালক হস্তান্তৰ কৰা হ’ব।
ইয়াৰ পৰাই শ্বাহে মঙলবাৰে বিয়লি আক্ৰমণ সংঘটিত হোৱা পহলগাঁৱৰ ৰিজ’ৰ্টলৈ যাত্ৰা কৰিব।
তথ্য অনুসৰি,গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰিও জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাকে ধৰি অন্যান্য শীৰ্ষ বিষয়াসকল শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষত উপস্থিত হৈছে। মৃতকক গাৰ্ড অৱ অনাৰ দিয়া হ’ব।
উল্লেখ্য যে,অনানুষ্ঠানিক আকলন অনুসৰি, পহেলগাম আক্ৰমণত কমেও ২৭ জন লোক নিহত হৈছে। নিহতৰ সংখ্যা বৃদ্ধিও হ’ব পাৰে। এতিয়াও কেইবাজনো লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। পলোৱামাৰ পাছত এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ। অন্ততঃ মৃত্যুৰ সংখ্যাৰ ক্ষেত্ৰত। মৃতসকলৰ ভিতৰত দুজন বিদেশী পৰ্যটকও আছিল।
পলোৱামাৰ পাছত মঙলবাৰে এইটো জম্মু আৰু কাশ্মীৰৰ মাটিত আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ।
স্থানীয় সূত্ৰই দাবী কৰিছে যে উগ্ৰপন্থীয়ে সেনাৰ পোছাক পৰিধান কৰি আহিছিল। মুঠ ৪০ ৰাউণ্ড গুলী নিক্ষেপ কৰা হয়। হিন্দুসকলক প্ৰধানকৈ আক্ৰমণ কৰা হয়।
ইতিমধ্যে লস্কৰ-ই-তৈবাৰ টি আৰ এফ বা দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। তথ্য অনুসৰি,এই আক্ৰমণত জড়িত উগ্ৰপন্থীৰ অধিকাংশই বিদেশী।