Pahalgam : বিগত ৪৮ ঘণ্টাত কাশ্মীৰ উপত্যকাৰ ছবি সলনি হৈছে। বহু সংখ্যক পৰ্যটক যিমান সম্ভৱ সিমান সোনকালে ঘৰলৈ উভতি অহাত ব্যস্ত হৈছে।আনহাতে অনাগত দিনত কাশ্মীৰলৈ যোৱাৰ পৰিকল্পনা কৰা বহুতে যাত্ৰাও বাতিল কৰিছে ।
এতিয়া আশংকা কৰা হৈছে যে পহলগামত উগ্ৰপন্থীৰ আক্ৰমণৰ পাছত উপত্যকাৰ পৰ্যটন প্ৰভাৱিত হ’ব পাৰে।
মঙলবাৰে উগ্ৰপন্থীসকলে নিৰ্বিচাৰে গুলী চালনা কৰাৰ পাছত বহুতো স্থানীয় লোকে আহতসকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছিল। তেওঁলোকৰ এজন আছিল চাজাদ আহমেদ ভাট।
পেছাত তেওঁ এজন কাশ্মীৰী শ্বাল বিক্ৰেতা। উগ্ৰপন্থীৰ হত্যালীলাৰ পাছতে, তেওঁ এজন আঘাতপ্ৰাপ্ত ব্যক্তিক কান্ধত লৈ চিকিৎসালয়লৈ লৈ যায়।উপত্যকাৰ জীৱিকাৰ বাবে পৰ্যটকসকল কিমান গুৰুত্বপূৰ্ণ সেয়া চাজাদে ভালদৰেই বুজি পায়।
পহলগামৰ বৈছাৰন উপত্যকাত গুলীচালনা বন্ধ হোৱাৰ পাছতে আহত পৰ্যটকক উদ্ধাৰৰ বাবে তাত উপস্থিত হয় চাজাদসহ বহু স্থানীয়লোক।
চাজাদে কয়,”তেওঁলোকৰ (পৰ্যটক) অবিহনে আমাৰ জীৱন অসম্পূৰ্ণ।” সংবাদ মাধ্যমৰ আগত চাজাদে জনাই যে ,আবেলি প্ৰায় তিনি বজাত তেওঁ ঘটনস্থলীত উপস্থিত হয়।আৰু পৰ্যটকসকলৰ বাবে পানী যোগান ধৰে। খোজ কাঢ়িব নোৱাৰাসকলক কান্ধত লৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।
তেওঁ লগতে কয়, “পৰ্যটকসকলে কান্দি থকা দেখি মোৰো চকুলো ওলাই আহিল। তেওঁলোক আহি (কাশ্মীৰলৈ) আমাৰ ঘৰবোৰ পোহৰাই তোলে – তেওঁলোকৰ অবিহনে আমাৰ জীৱন আধৰুৱা।”
মঙলবাৰে উগ্ৰপন্থীয়ে হত্যা কৰা ২৬ জন লোকৰ ভিতৰত ২৫ জন পৰ্যটক আছিল। কেৱল এজন হে স্থানীয় বাসিন্দা আছিল।পহলগামৰ বাসিন্দা আদিল হুছেইনে সেইদিনা উগ্ৰপন্থীসকলৰ বিৰুদ্ধে থিয় দিবলৈ চেষ্টা কৰোঁতেই তেওঁক উগ্ৰপন্থীয়ে হত্যা কৰে।