Jammu: বুধবাৰৰ পাছত,পাকিস্তানী সেনাই আজি পুনৰ দেশৰ কেবাটাও অঞ্চলত মিছাইল নিক্ষেপ কৰে। অৱশ্যে,তেওঁলোকৰ এই উদ্দেশ্য বিফল কৰিছে ভাৰতে ।
‘শত্ৰু’ পাকিস্তানৰ পৰা অহা আঠটা ক্ষেপণাস্ত্ৰ আটক কৰিছে ভাৰতৰ এছ-৪০০ ব্যৱস্থাই।
উল্লেখ্য যে,বুধবাৰে নিশা পাকিস্তানে ১৫খন সীমান্ত চহৰত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ চেষ্টা চলাইছিল। এই চহৰসমূহৰ ভিতৰত আৱন্তীপোৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, চণ্ডীগড়, ভাটিন্দা, নল, ফালোদী, উত্তৰলাই আৰু ভূজ অন্যতম। অৱশ্যে ভাৰতে সেই আক্ৰমণক প্ৰতিহত কৰিছিল
ইয়াৰ উপৰিও পাকিস্তানী সেনাই কুপৱাৰা, বাৰামুলা, উৰি, পুঞ্চ আৰু ৰাজৌৰীৰ সীমান্ত অঞ্চলত নিৰ্বিচাৰভাৱে আক্ৰমণ চলাইছে। আক্ৰমণটোত ষোল্লজন লোক নিহত হয়। ভাৰতেও প্ৰতিশোধ লয়।ধ্বংস কৰা হৈছে লাহোৰৰ এয়াৰ ডিফেন্স চিষ্টেম ।
বৃহস্পতিবাৰে পুৱা ভাৰতে লাহোৰত এনেধৰণৰ আক্ৰমণ সংঘটিত কৰাৰ পাছত নিশাৰ ভাগত পাকিস্তানে প্ৰতিশোধ ল’বলৈ চেষ্টা চলাইছিল।
সূত্ৰ অনুসৰি, পাকিস্তানে জম্মু বিমানবন্দৰ আৰু চাম্বা, আৰ এছ পুৰা, আৰ্ণিয়াকে ধৰি আন কেই
বাটাও অঞ্চলত মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰে।
অৱশ্যে,তেওঁলোকে ভাৰতৰ মাটিত স্পৰ্শ কৰাৰ আগতেই এছ-৪০০ ব্যৱস্থা বা সুদৰ্শন চক্ৰই তেওঁলোকক নিষ্ক্ৰিয় কৰি পেলালে। পাছত, জম্মু বিশ্ববিদ্যালয়ৰ ওচৰত দুটা পাকিস্তানী ড্ৰোন গুলীবৰ্ষণ কৰা হয়।
অৱশ্যে, মিছাইল আক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে, সমগ্ৰ জম্মু ব্লেকআউট হৈ যায়। কুপৱাৰা আৰু ৰাজৌৰীকে ধৰি কাশ্মীৰৰ অন্যান্য অংশত কেবাঠাইতো বিদ্যুৎ কৰ্তন কৰা হয়।
ইয়াৰ উপৰিও এয়াৰ ৰেইডৰ ছাইৰেনৰো বাজিবলৈ আৰম্ভ কৰে ।ব্যাহত হয় মোবাইল নেটৱৰ্ক। মিছাইল আক্ৰমণৰ সময়ত জম্মুৰ কেবাটাও অঞ্চলত বিস্ফোৰণৰ শব্দও শুনা যায়। আনহাতে, পাকিস্তানী সেনাই পঞ্জাৱৰ পাঠানকোটৰ কাষৰীয়া অঞ্চলত গুলীবৰ্ষণ আৰম্ভ কৰিছে।