পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ প্ৰতিশোধ ল’লে ভাৰতে। ‘অপাৰেচন সিন্দুৰ’ৰ মাধ্যমেৰে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ নটা সন্ত্রাসবাদীৰ ঘাটি উৰুৱাই দিছে ভাৰতীয় সেনাই। মৃত্যু হৈছে বহু সন্ত্রাসবাদীৰ।
‘অপাৰেচন সিন্দুৰ’ৰ সেই সাফল্যৰ আবহতে দেশপ্ৰেমৰ আবেগত উদ্বুদ্ধ হৈ নৱজাত কন্যা সন্তানৰ নামেই অভিযানৰ নামত ৰাখিলে বিহাৰৰ এক দম্পতীয়ে। তেওঁলোকে কন্যা সন্তানৰ নাম ৰাখিছে ‘সিন্দুৰী’, যিটো ‘অপাৰেচন সিন্দুৰ’ৰ আলমত ৰখা হৈছে।
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, বিহাৰৰ সেই দম্পতীৰ নাম সন্তোষ মণ্ডল আৰু ৰাখী কুমাৰী। বিহাৰৰ কাটিহাৰ জিলাৰ বালথি মহেশপুৰ গাঁৱৰ নিবাসী। যোৱা মঙলবাৰে কাটিহাৰৰ এখন বেচৰকাৰী হাস্পতালত ৰাখীয়ে এটি কন্যা সন্তান জন্ম দিয়ে।
সেই দম্পতীৰ আত্মীয় কুন্দন কুমাৰ আৰু সৰলা দেবীয়ে জনাইছে যে ‘অপাৰেচন সিন্দুৰ’ অভিযানৰ দিনতে কন্যাৰ জন্ম হোৱাটো অত্যন্ত গৰ্বৰ বিষয় বুলি গণ্য
কৰিছে তেওঁলোকে। সেয়ে সেই সফল অভিযান আৰু কন্যা সন্তান জন্মৰ আনন্দ উদযাপন কৰাৰ বাবেই তেওঁলোকে কন্যাৰ নাম ৰাখিছে ‘সিন্দুৰী’।
তেওঁলোকে লগতে জনাইছে যে সন্তোষ আৰু ৰাখীৰ কন্যা সন্তান হ’লে আন এটা নাম ঠিক কৰি ৰাখিছিল পৰিয়ালৰ সদস্যসকলে; কিন্তু ‘অপাৰেচন সিন্দুৰ’ৰ বাবে সেই নাম সলনি কৰা হ’ল।