Horoscope :মেষ: আজি আপোনাৰ দিনটো বৰ ভাল দেখা নাযায়। দূৰ যাত্রা নকৰিব। দেহভাৱ উত্তম বুলি যিকোনো নতুন কাম-কাজ কৰোতে উৎসাহ আহিব। শুভ ৰং ইটা। শুভ সংখ্যা ২।
বৃষ: হাত-ভৰিৰ বিষ বেদনা অনুভৱ কৰিব পাৰে। তেজৰ বেমাৰ হ’লেও তাৰ পৰা উপশম পাব। সন্তানৰ শুভ। দাঁতৰ বেমাৰৰ পৰা ভাল হোৱাৰ সম্ভাৱনা বেছি। শুভ ৰং ৰঙা।
মিথুন: মানসিক অৱস্থা ঠিকেই থাকিব। চলা ফুৰাত সাৱধান থাকিব। আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভালেই যদিও অর্থ আয় কৰিব নোৱাৰিব। শুভ ৰং হালধীয়া।
কর্কট: সন্তানৰ বিবাহৰ যোগ আছে। যাত্ৰা বাবে এই ৰাশিৰ জাতক-জাতিকাৰ শুভ দিন। ঘৰুৱা পৰিৱেশ ভাল বুলি ক’ব পাৰি। শুভ ৰং বেঙুনীয়া, সংখ্যা ২।
সিংহঃ চাকৰিয়ালৰ বাবে ভাল। সন্তানৰ সু-স্বাস্থ্যৰ বাবে সৰু দুখীয়া ল’ৰা-ছোৱালীক বগা বস্তু খাবলৈ দিব। নিশাৰ ভাগত লঘোনত থাকিব। শুভ ৰং সোণালী।
কন্যা: পুৰণিৰোগ উপশম হোৱাৰ সম্ভাৱনা। মানসিক দিশত ভালে যাব দিনটো শেষৰ ফালে সৰু সুৰা ৰোগত কষ্ট পাব পাৰে। দূৰ ভ্ৰমণত আঘাত প্ৰাপ্তিৰ সম্ভাৱনা নথকা নহয়। শুভ ৰং ৰূপালী।
তুলা: দেহত এলাহ ভাব থাকিব পাৰে। দেহ মনত কষ্ট অনুভৱ হ’ব। নতুন কর্মত হাত নিদিয়াই ভাল। শুভ ৰং ৰঙা, সংখ্যা ২।
বৃশ্চিক: দুর্ঘটনা, ৰক্তপাত আদি হোৱাৰ সম্ভাৱনা। ব্যৱসায় ক্ষেত্ৰত শুভ। স্বাস্থ্য ভালেই। বিদ্যার্থীসকলৰ দিনটো শুভ। শুভ ৰং গুলপীয়া, সংখ্যা 81
ধনু: এই ৰাশিৰ জাতক-জাতিকাই আজি ক’লা মেকুৰীক পায়স খাব দিব। সু-ফলৰ বাবে লগত এটা ৰুমাল ৰাখিব। শুভ ৰং হালধীয়া, সংখ্যা ৭।
মকৰঃ শাৰীৰিক ফালেদি মধ্যমৰ কাৰক যদিও মাহটোৰ মাজভাগ মূৰৰ বিষ, পেটৰ বিষ আদিত ভুগিব পাৰে। ডাক্তৰৰ পৰামৰ্শ লোৱা ভাল। শুভ ৰং নীলা।
কুম্ভ: ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচালত মন বেয়াই হ’ব পাৰে। দেহ মনত দুর্বলত প্রকাশ পাব যদিও চিন্তাৰ একো কাৰণ নাই। শুভ ৰং মুগা, সংখ্যা ৮।
মীন: ঘৰৰ পৰিৱেশ ভাল বুলি ক’ব নোৱাৰি। পিতৃ-মাতৃৰ শৰীৰ বিশেষ ভালেৰে নাযাব। সন্তানৰ লগত কোনো বিৰোধ হ’ব পাৰে। ব্যৱসায়ত উন্নতি। শুভ ৰং ক’লা।