Tariff:oবিভিন্ন দেশৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীত উচ্চ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।
আৰু এতিয়া ভাৰতে ইষ্টিল আৰু এলুমিনিয়ামৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কৰ প্ৰতি সঁহাৰি জনাই আমেৰিকাত নিৰ্মিত কিছুমান সামগ্ৰীৰ ওপৰত আমদানি শুল্ক আৰোপ কৰাৰ কথা চিন্তা কৰিছে।
নতুন দিল্লীয়ে বিশ্ব বাণিজ্য সংস্থা (WTO)ক দাখিল কৰা এক প্ৰতিবেদনৰ ভিত্তিত এই তথ্য পোহৰলৈ আহিছে।
১২ মে’ৰ সেই প্ৰতিবেদনত কোৱা হৈছে যে, “আমেৰিকাৰ পৰা আমদানি কৰা কিছুমান সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰি ৰেহাই বা অন্যান্য বাধ্যবাধকতা স্থগিত ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে।”
কিন্তু কোনবোৰ সামগ্ৰীৰ ওপৰত এই প্ৰতিশোধমূলক শুল্ক আৰোপ কৰিব পাৰি সেই বিষয়ে কোনো সবিশেষ জনোৱা হোৱা নাই।
নতুন দিল্লীৰ সূত্ৰ অনুসৰি শুল্ক বৃদ্ধিৰ এই পদক্ষেপ মূলতঃ ঘৰুৱা উদ্যোগ সুৰক্ষা আৰু বাণিজ্যিক ভাৰসাম্য ৰক্ষাৰ বাবে গ্ৰহণ কৰা হৈছে।
আমেৰিকাই ভাৰতকে ধৰি কেবাখনো দেশৰ ওপৰত অতিৰিক্ত ইষ্টিল আৰু এলুমিনিয়ামৰ শুল্ক আৰোপ কৰিছে।
যাৰ ফলত আমেৰিকাৰ বজাৰত ভাৰতীয় ইষ্টিল সামগ্ৰীৰ প্ৰতিযোগিতামূলক ক্ষমতা হ্ৰাস পাইছিল। এই পদক্ষেপৰ বাবে ভাৰতীয় ৰপ্তানিকাৰকসকলে যথেষ্ট আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হয়।
এই পৰিস্থিতিৰ সমাধানৰ বাবে ভাৰত চৰকাৰে আমেৰিকাৰ কিছুমান সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। প্ৰস্তুত কৰা তালিকাত বাদাম, আপেলকে ধৰি বিভিন্ন কৃষিজাত সামগ্ৰী সন্নিবিষ্ট কৰা হৈছে, যাৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা হ’ব।
আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ নিয়ম অনুসৰি এই তালিকাখন বিশ্ব ব্যৱসায় সংস্থাত দাখিল কৰা হৈছে যাতে আন সদস্য দেশসমূহেও ইয়াক পৰ্যালোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰিব পাৰে।
কেন্দ্ৰৰ যুক্তি,এই সিদ্ধান্তই ঘৰুৱা উদ্যোগৰ স্বাৰ্থ সুৰক্ষিত কৰিব আৰু আমেৰিকাৰ শুল্ক নীতিৰ প্ৰতি সঁহাৰি জনাই ভাৰসাম্য ৰক্ষা কৰিব।