Shocking incidents in Guwahati:
মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা ৷ বিগত তিনিটা দিনত তিনিটাকৈ শিহৰণকাৰী ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰক ৷ আজি পুৱা ভাগত আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় মহানগৰীৰ ধীৰেনপাৰাত ৷ ধীৰেনপাৰাৰ মানপাৰাৰ অৰ্কিড হিলভিউ এপাৰ্টমেণ্টত বনকৰা মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীৰ ৷ দাৰ ঘাপত ডিঙিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক ইতিমধ্যে সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে জিএমচিএইছত ৷
আনহাতে ঘটনাস্থলীত ফটাশিল- আমবাৰী আৰক্ষী উপস্থিত হৈ এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীজনক আটক কৰিছে ৷ আটকাধীন নিৰাপত্তাৰক্ষীজনৰ নাম দিগন্ত গগৈ ৷ ঘৰ যোৰহাটত ৷ কি কাৰণত বনকৰা মহিলা গৰাকীক নিৰাপত্তাৰক্ষীজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে এই বিষয়ে জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে মহানগৰীত ইটোৰ পাছত সিটোকৈ সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে মহানগৰবাসীক ৷