Panchayat Election Final Results:
অৱশেষত ভোট গণনাৰ তিনিদিনৰ মূৰত ৰাজ্যিক নির্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ আনুষ্ঠানিক ফলাফল ঘোষণা কৰে। সেই অনুসৰি, জিলা পৰিষদৰ ৩৯৭ টা সমষ্টিৰ ২৭৪টা পৰা দখল কৰে শাসকীয় বিজেপিয়ে। কংগ্রেহে দখল বা সমষ্টিৰ সংখ্যা হ’ল ৭২টা। অসম গণ পৰিষদে দখল কৰে ২৭টা। এআইইউডিএফে দখল কৰে আঠটা সমষ্টি। তিনিটা সমষ্টি দখল কৰে ৰাইজৰ দলে।
আনহাতে, ১৩টা সমষ্টিত নির্দলীয় প্রার্থীয়ে জয়লাভ কৰে। আঞ্চলিক পঞ্চায়তৰ ফলাফল অনুসৰি, বিজেপিয়ে ১,২৬১টা সমষ্টিত জয়লাভ কৰে। আনহাতে, কংগ্রেছে ৪৮১টা, অসম গণ পৰিষদে ১৮৪টা, এআইইউডিএফে ৬৪টা, ৰাইজৰ দলে ১৭টা, তৃণমূল কংগ্ৰেছে চাৰিটা, অসম জাতীয় পৰিষদে তিনিটা আৰু এটা সমষ্টিত জয়লাভ কৰে আম আদমী পার্টিয়ে।
ইয়াৰ বিপৰীতে নির্দলীয় প্রার্থীয়ে জয়লাভ কৰা আঞ্চলিক পঞ্চায়তৰ সমষ্টিৰ সংখ্যা হ’ল ১৭৩টা। শিৱসাগৰ জিলাৰ আঞ্চলিক পঞ্চায়তৰ এটা সমষ্টিৰ নির্বাচন অনুষ্ঠিত হোৱা নাই। এইবাৰ গাঁও পঞ্চায়তৰ সদস্য পদৰ নিৰ্বাচন নির্দলীয় আছিল। নিৰ্বাচন আয়োগে জনায় যে ২১,৯২০টা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হয়।