Short Flim To Let:
সংবাদ জগতত এটি পৰিচিত নাম হেমন্ত শৰ্মাই নিৰ্মাণ কৰা চুটি ছবি ‘টু-লেট’লৈ সুখবৰ ৷ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰদ্বাৰা আয়োজিত চলিত বৰ্ষৰ ‘বে অৱ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত “শ্ৰেষ্ঠ কনচেপ্ট”ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে সাম্প্ৰতিক সময়ৰ এক ছিৰিয়াছ বিষয় লৈ নিৰ্মাণ কৰা ‘টু লেট্’ নামৰ ছুটি ছবিখনে ৷
অহা ২ জুনত কলকাতাৰ হাওৰাৰ শৰৎ সদনত প্ৰদান কৰা হ’ব পুৰস্কাৰটি। সমগ্ৰ বিশ্বৰ প্ৰায় তিনি শতাধিক চুটি ছবিৰ ভিতৰত ‘টু লেট্’ ছবিখনিয়ে প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈ পুৰস্কাৰটি লাভ কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে ছবিখনে ইতিমধ্যে কেবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে ৷ সাংবাদিকতা তথা চলচ্চিত্ৰ সমালোচনাৰ বাবে ইতিপূৰ্বে কেবাটাও বঁটা তথা সন্মানেৰে সন্মানিত সাংবাদিক গৰাকীয়ে নিৰ্মাণ কৰা ‘টু লেট্’ৰ মূল বিষয়বস্তু ধৰ্মনিৰপেক্ষতা ৷
ছবিখনিৰ বিষয়বস্তু সন্দৰ্ভত হেমন্ত শৰ্মাই জনায় এনেদৰে ‘এটা সৰু তথা অতি সাধাৰণ ঘটনাৰ আলমত ছবিখনিৰ কাহিনীভাগ ৰচনা কৰা হৈছে৷ আমি সকলোৱে এখন ধৰ্মনিৰপেক্ষ দেশত বসবাস কৰি আছো ৷ কিন্তু এই ধৰ্মনিৰপেক্ষতা বোলা শব্দটো কিমান দূৰলৈ শিপাইছে ? কিমানে মন-মগজুত ধৰি ৰাখিছে? কিমানে এই শব্দটো বুজি পায়? কিমানে ধৰ্মনিৰপেক্ষতাৰ ভাবাৰ্থ বুজি পায়? কিমানে ধৰ্মনিৰপেক্ষতাৰ মোল বুজি জীৱন নিৰ্বাহ কৰিছে ?
দৰাচলতে অদ্যপি এই ‘ধৰ্মনিৰপেক্ষতা’ বোলা শব্দটো এটা শব্দহে হৈ আছে৷ তই হিন্দু, মই মুছলমান, তই খ্ৰীষ্টান এইবোৰ কৰি কৰিয়েইচোন দেশখন জ্বলিয়েই আছে ৷ মহামানৱ মহাত্মা গান্ধীয়ে দেখা সপোনৰ দেশখনত, শংকৰ-আজানে একতাৰ দোলেৰে বন্ধা ৰাজ্যখনত প্ৰকৃতপক্ষত কি ঘটি আছে সেয়া সকলোৰে জ্ঞাত ৷
এজন মুছলমান যুৱ সাংবাদিকে এই ঘটনাৰাজিৰ বলি হৈ কি পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হ’ল তাকেই অতি কম সময়ৰ ভিতৰত ছবিখনিৰ জৰিয়তে দেখুৱাবলৈ বিচৰা হৈছে ৷’ আনহাতে, ছবিখনিৰ কাহিনী-চিত্ৰনাট্য-সাংলাপ তথা পৰিচালনা কৰিছে হেমন্ত শৰ্মাই ৷
ফ’কাছ মিডিয়াৰ বেনাৰত ‘টু লেট্’ ছবিখনি প্ৰযোজনা কৰিছে উদ্যমী যুৱক তথা অসমীয়া গহণা-গাঁঠৰিৰ প্ৰতিষ্ঠান ‘ডুগডুগী’ৰ স্বত্বাধিকাৰী উৎপল বণিয়াই ৷ চিনেমাটোগ্ৰাফী দ্বীপকমল গগৈৰ ৷ সংগীত পৰিচালক সুদীপ্ত নয়ন ৷ সম্পাদনা কৰিছে মানস প্ৰতীমে ৷ ‘টু লেট্’ত অভিনয় কৰিছে কুলেন্দ্ৰ ৰায় চৌধুৰী, নৱ মহন্ত, প্ৰতিমা শৰ্মা আৰু মীনাক্ষী দেৱীয়ে ৷